Logo
image

থলুৱা গাহৰি পালকৰ হাহাকাৰ, থাই কোম্পানীক গতাই দিব অসমৰ বজাৰ।

আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ জানুৱাৰীঃ এডভাণ্টেজ আছামৰ জৰিয়তে বিনিয়োগকাৰীৰ সন্ধানত মুখ্যমন্ত্ৰীৰ লগতে এজনৰ পাছত আন এজন কেবিনেট মন্ত্ৰী আৰু আমোলা-বিষয়াই দেশে বিদেশ অনুষ্ঠিত কৰিছে ৰোড শ্ব’৷ কিন্তু মুখ্যমন্ত্ৰীয়ে বিদেশী বিনিয়োগকাৰীৰ সন্ধানত চলোৱাৰ সময়তে ৰাজ্যৰ এটা থলুৱা ব্যৱসায়লৈ অশনি সংকেত নামি অহাৰ আশংকা ঘণীভূত হৈ পৰিছে৷ এডভাণ্টেজ আছামৰ অজুহাতত অসম চৰকাৰে ৰাজ্যৰ থলুৱা ব্যৱসায়ীক  থলুৱা গাহৰি পালকৰ হাহাকাৰ অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দি বিদেশী পুঁজিপতি বণিক গোষ্ঠীক অসমৰ গাহৰিৰ বজাৰখন গতাই দিয়াৰ হঠকাৰী কাৰ্যক লৈ গাহৰি পালকসকলক উদ্বিগ্ন হৈ পৰিছে৷ ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে  মন্ত্ৰী কৃষ্ণেন্দু পালে ৰাজ্যৰ ১০ লাখ গাহৰি পালকক ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গাহৰি পালক সন্থাই ৷ উল্লেখ্য, দুদিন পূৰ্বে মন্ত্ৰী কৃষ্ণেন্দু পালে জনতা ভৱনত অসমৰ গাহৰি ব্যৱসায়ত বিনিয়োগৰ বাবে আমন্ত্ৰণ কৰি অনা থাইলেণ্ডৰ চাৰোৱেন পকফাণ্ড চমুকৈ  চি পি গ্ৰুপ নামৰ কোম্পানীটোৰ সৈতে বৈঠকত মিলিত হয় ৷ থাইলেণ্ডৰ চি পি গ্ৰুপৰ উপৰি অন্ধপ্ৰদেশৰ সুভেক্ষা নামৰ কোম্পানীটোৰ সৈতে আলোচনা কৰি অসমত গাহৰি উৎপাদনত বিনিযোগৰ প্ৰস্তাৱ দিছে বিভাগীয় মন্ত্ৰীজনে ৷ আনকি এডভাণ্টেজ আছামৰ জৰিয়তে এই বিনেযোগৰ বুজা-বুজি চুক্তি স্বাক্ষৰ কৰাৰ কথাও ঘোষণা কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে ৷ অসমত গাহৰি ব্যৱসায়ত বিদেশী কোম্পানীৰ বিনিযোগৰ বাবে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে ৰঙা দলিচা পাৰি দিয়াত স্বাভাৱিকতেই এতিয়া শংকিত হৈ পৰিছে ৰাজ্যৰ থলুৱা পালকসকল৷


কিয়নো গাহৰি ব্যৱসায়ত বিদেশী কোম্পানীয়ে বিনিযোগ কৰাৰ লগে লগে ব্ৰইলাৰ ব্যৱসায়ৰ দৰে গাহৰিৰ বজাৰখনো বিদেশী কোম্পানীৰ নিয়ন্ত্ৰণলৈ গুচি যোৱাৰ আশংকা প্ৰকাশ কৰিছে৷ ইফালে বিভাগীয় মন্ত্ৰীৰ সেউজ সংকেত লাভৰ পাছতেই ৰাজ্যৰ গাঁৱে-ভূঞে থাই কোম্পানীটোৰ অনুমোদিত এজেণ্ট গাহৰি পালকৰ সন্ধানত নামি পৰিছে৷ থলুৱা পালকসকলে অসমৰ গাহৰিৰ বজাৰখন অসমীয়াৰ হাতৰ পৰা কাঢ়ি নিয়া বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে৷ সদৌ অসম গাহৰি পালক সন্থাৰ নেতৃত্বই এই সন্দৰ্ভত  সদৰী কৰা অনুসৰি–এটা সময়ত গাঁৱৰ বহু নিবনুৱাই ঘৰে ঘৰে ব্ৰইলাৰ ফাৰ্ম খুলি জীৱিকাৰ সন্ধান উলিয়াইছিল৷ কিন্তু এতিয়া ৰাজ্যৰ ব্ৰইলাৰ বজাৰখনক কোম্পানীয়ে দখল কৰাত নিবনুৱা যুৱক-যুৱতীয়ে ব্ৰইলাৰ পুহিবলৈ এৰি দিছে৷ ব্ৰইলাৰ পুহিলে বিক্ৰী কৰাৰ সময়ত দাম নোপোৱাত লোকচানৰ সন্মুখীন হয়৷ কিয়নো কোম্পানীয়ে ৰাজ্যৰ ব্ৰইলাৰ বজাৰখনক গ্ৰাস কৰি পেলালে৷ কোম্পানীৰ পৰা ব্ৰইলাৰ পোৱালি আৰু দানা লৈ যিসকলে পালন কৰে, তেওঁলোককো শেষ মুহূৰ্তত কোম্পানীয়ে দাম নিদিয়ে৷ ফলত কোম্পানীক প্ৰতি কেজিত ১০-১২ টকাত দামত ডাঙৰ-দীঘল কৰা ব্ৰইলাৰ বিক্ৰী কৰিবলগীয়া হয়৷ এতিয়া ব্ৰইলাৰ বজাৰৰ দৰে  গাহৰি বজাৰখনতো থাইলেণ্ডৰ কোম্পানীক গতোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাজ্য চৰকাৰ৷ ইয়াৰ জৰিয়তে এতিয়াৰ পৰা থাইলেণ্ডৰ চি পি গ্ৰুপ নামৰ কোম্পানীটোৱে গাঁৱে-ভূঞে গাহৰি পালনৰ বাবে ৰাইজক পোৱালী যোগান কৰিব৷ গাহৰি পালকসকলৰ সৈতে কোম্পানীটোৱে প্ৰথমে চুক্তি কৰি গাহৰিৰ পোৱালীৰ লগতে খাদ্য আৰু ঔষধপাতিও যোগান ধৰিব৷ এক-ডেৰ বছৰৰ পাছত গাহৰিবোৰ ডাঙল হ’লে কোম্পানীটোকে বিক্ৰী কৰিব লাগিব৷ বিক্ৰী কৰাৰ সময়ত কোম্পানীটোৱে প্ৰতি কেজি ওজনৰ বিপৰীতে যি নিৰিখ ধাৰ্য কৰিব, সেই নিৰিখতে বিক্ৰী কৰিব লাগিব পালকসকলে৷ হয়টো প্ৰথম ১-২ বছৰ গাহৰিৰ ওজনৰ বিপৰীতে কিছু লাভ  দিব আৰু যেতিয়া অধিক লোকে কোম্পানীৰ অধীনত গাহৰি পুহিবলৈ আৰম্ভ কৰিব, তেতিয়া লাভৰ পৰিমাণ হ্ৰাস কৰি আনিব৷ আনকি এটা সময়ত গাহৰি পালকসকলে মূৰকত লোকচানৰহে সন্মুখীন হ’ব৷ সেই সময়ত ব্ৰইলাৰ পালকৰ দৰে গাহৰি পালকসকলেও চুক্তি অনুসৰি কোম্পানীটোক লোকচান ভৰি হ’লেও ডাঙৰ-দীঘল কৰা গাহৰিবোৰ বিক্ৰী কৰাৰ গত্যান্তৰৰ নাথাকিব ৷ এক  কথাত সমগ্ৰ ৰাজ্যৰে গাহৰি বজাৰখন দখল কৰি পেলাব থাইলেণ্ডৰ কোম্পানীটোৱে ৷ এই কোম্পানীটোৱে ইতিমধ্যে চীনকে ধৰি দক্ষিণ-পূব এচিয়াৰ কেইবাখনো ৰাষ্ট্ৰৰ গাহৰিৰ বজাৰখন গ্ৰাস কৰি পেলাইছে৷ গাহৰি পালক সন্থাটোৱে পশু পালন মন্ত্ৰীলৈ এখন মুকলি চিঠি লিখি এই সন্দৰ্ভত লগতে কয়–  সমগ্ৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰটো অসমত থকাৰ পাছতো দেশী-বিদেশী কোম্পানীৰ শৰণাপন্ন হ’বলগীয়া বিষয়টোৱে অসমকে নহয় ভাৰতবৰ্ষকো লজ্জানত কৰিছে৷ এই নেকি ভাৰত চৰকাৰৰ, অসম চৰকাৰে হাজাৰ হাজাৰ কোটি খৰচ কৰি কৃষকৰ উন্নয়নৰ বাবে গৱেষণা কৰাৰ ফলাফল?  অসম তথা উত্তৰ-পূৱৰ গাহৰিৰ বজাৰ আৰু গাহৰিৰ উৎপাদন কোনো দেশী বিদেশী পুঁজিপতি বণিক গোষ্ঠীক ৰঙা দলিচা পাৰি গতাই দিয়াৰ চিন্তা নকৰিব৷ গাহৰি অসমীয়াৰ আবেগ, গাহৰি অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ধবজাবাহক ৷ গাহৰি থলগিৰি জনতাৰ জীৱন- জীৱিকাৰ সম্বল ৷ গাহৰি পালন ব্যৱস্থা অসমীয়াৰ হাতৰ পৰা কাঢ়ি নিয়াৰ প্ৰয়াস নকৰিব৷ অসমৰ গাহৰি পালকসকলে নিজেই স্বাৱলম্বীতাৰ পথ বাচি লৈছে আৰু আন বহুজনকো সংস্থাপিত কৰিছে৷  বৃহৎ পুঁজিপতিৰ আগ্ৰাসনত থলুৱা ব্ৰইলাৰ পালকৰ আজি জীয়াই থকাৰ সম্বল নোহোৱা হ’ল৷ থাইলেণ্ডৰ চি পি গ্ৰুপৰ  আভূৱা ভৰা পৰিকল্পনাই অসমৰ অতীজৰে পৰা গাহৰি পালনেৰে নিজৰ জীৱন-জীৱিকা চলাই অহা লক্ষ লক্ষ পালকৰ মৃত্যুৰ কাৰণ হৈ উঠিব৷ ব্ৰইলাৰ পালন দৰে গাহৰি পালনটোও পুঁজিপতি কোম্পানিক গতাই দিয়াৰ চেষ্টা নকৰিব৷ অনাগত দিনত কোনো দেশী-বিদেশী কোম্পানিৰ জৰিয়তে অসমত গাহৰি উৎপাদনৰ চিন্তা বা তেনে কোনো পক্ষক সহযোগিতা নকৰিবলৈ দাবী জনালোঁ৷ অন্যথা ভবিষ্যতৰ দিনত সমগ্ৰ অসমজুৰি প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ’ব৷