Logo
image

ট্ৰাম্পৰাজত অনিশ্চয়তাত ভুগিছে ৭ লক্ষাধিক ভাৰতীয়।

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ জানুৱাৰীঃ আমেৰিকাৰ ট্ৰাম্পৰাজত অনিশ্চয়তাত  ভুগিছে ৭ লক্ষাধিক ভাৰতীয় নাগৰিকে ৷ ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে নথি অবিহনে আমেৰিকাত বাস কৰি থকা অবৈধ প্ৰব্ৰজনকাৰীক দেশান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে অনিশ্চিত হৈ পৰিছে । ৭ লাখ ২৫  হাজাৰৰো অধিক ভাৰতীয় ভৱিষ্যৎ৷ আমেৰিকাত ৫.৪  নিযুততকৈয়ো অধিক ভাৰতীয় বা ভাৰতীয় মূলৰ লোকে বাস কৰে৷ আমেৰিকাত বাস কৰা এছীয় মূলৰ নাগৰিকৰ ভিতৰত ভাৰতীয়ই সৰ্বাধিক৷ ইয়াৰে গৰিষ্ঠসংখ্যকে  ট্ৰাম্পৰাজত অনিশ্চয়তাত  ভুগিছে  এইচ-১ বি ভিছা লৈ, কিছুসংখ্যকে বাসিন্দাৰ অনুমতি লাভ  কৰি আৰু একাংশই নাগৰিকত্ব লাভ কৰি আমেৰিকাত বাস কৰি আছে৷ প্ৰৱাসী ভাৰতীয়ৰ প্ৰায় অৰ্ধেক থাকে কেলিফৰ্ণিয়া, টেক্সাছ, নিউ জাৰ্ছি আৰু নিউয়ৰ্কত৷ এই ৫.৪ নিযুতৰ ভিতৰত ৭.২৫ লাখ ভাৰতীয়ই অবৈধভাৱে আমেৰিকাত বাস কৰি আছে৷ ৰাষ্ট্ৰপতি হিচাপে শপত লৈয়েই ড’নাল্ড ট্ৰাম্পে অবৈধভাৱে বাস কৰা সকলো অ-আমেৰিকানক দেশান্তৰ কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে নথি-পত্ৰবিহীন  ৭ লাখ ২৫ হাজাৰ ভাৰতীয়ৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে৷ তাৰে প্ৰথমখন তালিকাত থকা প্ৰায় ১৮ হাজাৰ ভাৰতীয়ক দেশান্তৰ কৰিলে ভাৰতে তেওঁলোকক গ্ৰহণ কৰিব বুলি এছ জয়শংকৰে ট্ৰাম্প প্ৰশাসনক জনাই দিছে৷ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ প্ৰথম দিনটোৰ মুঠ ১২ টা ‘এক্সিকিউটিভ অৰ্ডাৰ’ৰ (কাৰ্যকৰী নিৰ্দেশ) কলমৰ দুটা খোছত অনিশ্চয়তা পৰিল ভাৰতীয় আমেৰিকান৷ ট্ৰাম্পে দুটা ‘এক্সিকিউটিভ অৰ্ডাৰ’ৰ জৰিয়তে মাৰ্কিন জন্মগত নাগৰিকত্ব লাভৰ অধিকাৰ শেষ কৰা আৰু ৰাষ্ট্ৰীয় সীমান্তত জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগে লগে প্ৰায় তিনি লাখ ভাৰতীয়ৰ আমেৰিকাত উন্নত আৰু বিলাসী জীৱন যাপন কৰাৰ স্বপ্ন কৰুণ পৰিসমাপ্তি ঘটিছে৷


ট্ৰাম্পৰাজত এতিয়াৰ পৰা কোনো অ-মাৰ্কিন দম্পতীৰ সন্তানে জন্মগতভাৱে আমেৰিকাৰ নাগৰিকত্ব লাভ নকৰিব৷ বিদেশৰ পৰা গৈ আমেৰিকাত বসতি কৰা অৰ্থাৎ আমেৰিকাৰ বাসিন্দাৰ অনুমতি লাভ কৰা, আমেৰিকাত এইছ-১ বি ভিছা লৈ চাকৰি কৰি থকা আন দেশৰ নাগৰিকৰ সন্তানক এতিয়াৰ পৰা মাৰ্কিন নাগৰিকত্ব প্ৰদান কৰা নহ’ব৷ জন্মগত মাৰ্কিন নাগৰিকত্ব লাভ কৰিবলৈ হ’লে পিতৃ-মাতৃৰ এজন পূৰ্বৰে পৰা আমেৰিকাৰ নাগৰিক হ’ব লাগিব ৷ ট্ৰাম্পৰ এই নিৰ্দেশৰ ফলত লক্ষ্য লক্ষ্য ভাৰতীয় সন্তান নাগৰিকত্ববিহীন হৈ পৰিব৷ ফলত ভাৰতীয় পিতৃ-মাতৃৰ বাবে ভয়ংকৰ সংকটৰ সৃষ্টি হ’ব ৷ আমেৰিকাত জন্ম হোৱা ভাৰতীয় সন্তানৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিব৷ আনহাতে সীমান্তত জৰুৰী অৱস্থা ঘোষণাৰ জৰিয়তে ট্ৰাম্পে আমেৰিকাত বাস কৰি থকা ১৪ নিযুত নথিবিহীন অ-আমেৰিকানক দেশান্তৰ কৰাৰ নিৰ্দেশ দিছে৷ তাৰ ১৭,৯৪০ জন ভাৰতীয় নাম আছে ‘ইমিগ্ৰেছন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টৰ (আই চি ই) প্ৰথম তালিকাত৷ তেওঁলোকক ধৰি ধৰি দেশান্তৰিত কৰিবলৈ ট্ৰাম্পে দেশত সেনাবাহিনী নমাই দিছে ৷ আমেৰিকাত নথিবিহীন ভাৰতীয় আছে ৭ লাখ ২৫ হাজাৰ৷ অচিৰেই তেওঁলোককো দেশান্তৰিত কৰা হ’ব৷ আমেৰিকাত নথিবিহীনভাৱে বাস কৰা অ-আমেৰিকানৰ তালিকাৰ তৃতীয় স্থানত আছে ভাৰতীয়৷ শীৰ্ষৰ দুই স্থান ক্ৰমে মেক্সিকো আৰু ছালভাডোৰৰ নাগৰিকৰ ৷ সকলো নথি-পত্ৰহীন ভাৰতীয়ক আন আন সকলোৰে সৈতে অচিৰেই ট্ৰাম্পৰাজত দেশান্তৰিত কৰা হ’ব ৷ প্ৰথম তালিকাৰ প্ৰায় ১৮ হাজাৰ ভাৰতীয়ক ভাৰতে ঘূৰাই ল’বলৈ সন্মতি জনালেও বাকী সাত লক্ষাধিক ভাৰতীয়ৰ ভৱিষ্যৎ কি হ’ব অথবা তেওঁলোকক এতিয়া দেশান্তৰিত কৰিব সেয়া এতিয়াও অনিশ্চিত ৷