Logo
image

গুৱাহাটীত উপস্থিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কন্যা

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৩ জানুৱাৰীঃ তিনিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত স্বামী বিজয় টাংখাৰ সৈতে আহি উপস্থিত হৈছেহি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সদ্যপ্ৰয়াত ড০ মনমোহন সিঙৰ জ্যেষ্ঠ কন্যা ড০ উপিন্দাৰ সিং। পিছে কোনো ৰাজনৈতিক কাৰণত নহয়, ২৫ জানুৱাৰীত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰথিতযশা ইতিহাসবিদ আৰু সমাজ বিজ্ঞানী ড০ অমলেন্দু গুহৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈহে তেওঁ গুৱাহাটীলৈ আহিছে। 


প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ এগৰাকী অগ্ৰণী ইতিহাসবিদ ড০ সিঙে 'কালচাৰেল কনফ্লুৱেন্স ইন এনচিয়েণ্ট ইণ্ডিয়া ' শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। উল্লেখযোগ্য যে ড০ সিং দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আৰু বৰ্তমান অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ তেওঁ 'হিষ্টৰী অব এনচিয়েণ্ট ইণ্ডিয়া', 'পলিটিকেল ভায়োলেন্স ইন এনচিয়েণ্ট ইণ্ডিয়া', 'দ্য আইডিয়া এণ্ড এনচিয়েণ্ট ইণ্ডিয়া', 'ৰিথিংকিং য়াৰলি মেডিয়েভেল ইণ্ডিয়া' আদি বহু পঠিত গ্ৰন্থৰ প্ৰণেতা। অসমৰ প্ৰাচীন ঐতিহ্য সম্পৰ্কেও অনুসন্ধিৎসু ড০ সিঙে ২৪ জানুৱাৰীত কামৰূপ জিলাৰ হাজোৰ ঐতিহাসিক ঠাই পৰিদৰ্শন কৰিব৷ আনহাতে শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰিব বুলিও জানিব পৰা গৈছে।