
চীনা নহৰুৰ বিক্ৰীৰ বিৰুদ্ধে যোগান বিভাগৰ অভিযান, দুজনক আটক
'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক,২৩ জানুৱাৰীঃ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা বুলি অভিযোগ উত্থাপিত হৈ অহা চীনা নহৰুৰ বিক্ৰীৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ ব্যবস্থা গ্ৰহণৰ কৰিছে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে। ইয়াৰ অংশ হিচাপে বিভাগৰ আয়ুক্ত গৰাকীয়ে ভোগালী বিহুৰ সময়ত আয়ুক্তালয় আৰু কামৰূপ মহানগৰ জিলাৰ উপ-যোগান সঞ্চালক, অধীক্ষক , কেইবাগৰাকী পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকক লৈ গুৱাহাটী মহানগৰীত চীনা নহৰুৰ বিক্ৰীৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে এটা গোট গঠন কৰি দিছিল।
সেই গোটে ভোগালী বিহুৰ সময়ৰে পৰা বিগত কেইটামান দিনত বিশেষ তথ্যৰ ভিত্তিত গড়চুকৰ সমীপৰ পামহী পাইকাৰী বজাৰ, বেহাৰবাৰীৰ ব্ৰহ্মপুত্ৰ বজাৰ আদিত চলোৱা অভিযানত এ এছ ২৫ এফ চি ১৪২৪ আৰু এ এছ ০১ পি চি ৭৭৫২ নম্বৰৰ দুখন ট্ৰাকত মুঠ ৪৮.৪০ কুইণ্টল চীনা নহৰু জব্দ কৰে৷ একেদৰে অভিযানকাৰী দলটোৱে আবু বক্কৰ চিদ্দিক নামৰ এজন চালক আৰু জয়ন্ত পাটোৱাৰী নামৰ গুৱাহাটী পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ গুডামৰ দায়িত্ববাহী এজনক আটক কৰে৷ উল্লেখ্য যে চীনা নহৰুৱে মানৱ দেহৰ অপকাৰ কৰে বুলি ৰাজ্যৰ কেবাজনো বিশেষজ্ঞ চিকিৎসকে সতৰ্ক কৰি দিছিল।