Logo
image

এযোৰা পাৰৰ দাম ডেৰ লাখ টকা!

আমাৰ অসম, ২ এপ্ৰিলঃ বাংলাদেশৰ খুলনা চিটীৰ খালিশপুৰত নয়াবাটি নামে এটা অঞ্চল আছে য’ত বিচিত্ৰ চৰাই-চিৰিকটিৰ এখন বিশাল বজাৰ বহে৷ এই বজাৰখনত পোৱা যায় বিভিন্ন প্ৰজাতিৰ পাৰ চৰাই৷ পুৱাৰ পৰা দুপৰীয়ালৈকে সময় যোৱাৰ লগে লগে বজাৰখনত বৃদ্ধি পায় গ্ৰাহকৰ সংখ্যা৷ বহু দূৰ-দূৰণিৰ পৰা বজাৰখনলৈ পাৰ কিনিবলৈ গ্ৰাহক আহে৷ আচৰিত যে প্ৰতি শুকুৰবাৰে বহা এইখন বজাৰত লক্ষা, চিৰাজী, হোমাৰ, হাউচ পেজাৰ আদি বিভিন্ন প্ৰজাতিৰ পাৰ পোৱা যায়৷ প্ৰজাতিভেদে পাৰসমূহৰ দামো বেলেগ বেলেগ৷ অতি চৌখিন আৰু বিলাসী গ্ৰাহকে পাৰসমূহ পুহিবলৈ নিয়ে৷ আচৰিত যে বাংলাদেশৰ এই বজাৰখনত এটা বিশেষ প্ৰজাতিৰ পাৰ বিক্ৰী হয় যাৰ দাম এযোৰত ডেৰ লাখ টকা৷