
ট্ৰাম্পৰ ডেডলাইনৰ পৰা সাৰিবলৈ হাস্পতালত ভিৰ সন্তানসম্ভৱা ভাৰতীয়ৰ।
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ জানুৱাৰীঃ আমেৰিকাৰ জন্মসিদ্ধ নাগৰিকত্ব অৰ্জনক লৈ আতংকিত দেশখনত বসবাস কৰি থকা ভাৰতীয়৷ ড’নাল্ড ট্ৰাম্পে জাৰি কৰা নাগৰিকত্ব সম্পৰ্কীয় ‘এক্সিকিউটিভ অৰ্ডাৰ’ক লৈ ভাৰতীয় আমেৰিকান ইমানেই আতংকিত যে ভগৱান দূৰৰে কথা, চিকিৎসকৰ কঠোৰ সাৱধানবাণী উলংঘা কৰি আগতীয়াকৈ সন্তান জন্ম দিছে সহস্ৰাধিকে৷ কিয়নো ট্ৰাম্পৰাজত অনিশ্চিত হৈ পৰিছে এইচ-১ বি আৰু এল-১ ভিছা লৈ আমেৰিকাত বাস কৰা ভাৰতীয়ৰ সন্তানৰ নাগৰিকত্ব৷ প্ৰবাসী ভাৰতীয়ৰ কিছুসংখ্যকে এইছ-১ বি ভিছা, এল-১ ভিছা অথবা বাসিন্দাৰ অনুমতি লাভ কৰি আৰু একাংশই নাগৰিকত্ব লাভ কৰি আমেৰিকাত বাস কৰি আছে৷ প্ৰৱাসী ভাৰতীয়ৰ প্ৰায় অৰ্ধেক থাকে কেলিফৰ্ণিয়া, টেক্সাছ, নিউ জাৰ্ছি আৰু নিউয়ৰ্কত৷ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ প্ৰথম দিনটোৰ মুঠ ১২টা ‘এক্সিকিউটিভ অৰ্ডাৰ’ৰ (কাৰ্যকৰী নিৰ্দেশ) কলমৰ দুটা খোছত আমেৰিকাত জন্ম হোৱা সন্তানৰ নাগৰিকত্ব অনিশ্চিত হৈ পৰিল৷ ট্ৰাম্পে দুটা ‘এক্সিকিউটিভ অৰ্ডাৰ’ৰ জৰিয়তে মাৰ্কিন জন্মগত নাগৰিকত্ব লাভৰ অধিকাৰ শেষ কৰা আৰু ৰাষ্ট্ৰীয় সীমান্তত জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগে লগে প্ৰায় লাখ লাখ ভাৰতীয়ৰ আমেৰিকাত উন্নত আৰু বিলাসী জীৱন যাপন কৰাৰ স্বপ্নৰ কৰুণ পৰিসমাপ্তি ঘটিল৷ ট্ৰাম্পৰাজত এতিয়াৰ পৰা কোনো অ-মাৰ্কিন দম্পতীৰ সন্তানে জন্মগতভাৱে আমেৰিকাৰ নাগৰিকত্ব লাভ নকৰিব৷ ২০ জানুৱাৰীৰ এই নিৰ্দেশ ঠিক এমাহৰ পাছত, অৰ্থাৎ ২০ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব৷ বিদেশৰ পৰা গৈ আমেৰিকাত বসতি কৰা অৰ্থাৎ আমেৰিকাৰ বাসিন্দাৰ অনুমতি লাভ কৰা, আমেৰিকাত এইছ-১ বি ভিছা আৰু এল-১ ভিছা লৈ চাকৰি কৰি থকা আন দেশৰ নাগৰিকৰ সন্তানক এতিয়াৰ পৰা মাৰ্কিন নাগৰিকত্ব প্ৰদান কৰা নহ’ব৷ জন্মগত মাৰ্কিন নাগৰিকত্ব লাভ কৰিবলৈ হ’লে পিতৃ-মাতৃৰ এজন পূৰ্বৰে পৰা আমেৰিকাৰ নাগৰিক হ’ব লাগিব৷ ট্ৰাম্পৰ এই নিৰ্দেশৰ ফলত লক্ষ্য লক্ষ্য ভাৰতীয় সন্তান নাগৰিকত্ববিহীন হৈ পৰিব৷ ফলত ভাৰতীয় পিতৃ-মাতৃৰ বাবে ভয়ংকৰ সংকটৰ সৃষ্টি হ’ব৷ আমেৰিকাত জন্ম হোৱা ভাৰতীয় সন্তানৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিব৷ এই পৰিস্থিতি উপলব্ধি কৰিয়েই সহস্ৰাধিক ভাৰতীয়ই ট্ৰাম্পৰ ‘ডেডলাইন’ৰ পৰা সাৰিবলৈ আগতীয়াকৈ সন্তান জন্ম দিবলৈ দেশৰ বিভিন্ন হাস্পতালত ভিৰ কৰাৰ খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ড’নাল্ড ট্ৰাম্পে ৪৭ সংখ্যক মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে ২০ জানুৱাৰীত শপত গ্ৰহণ কৰাৰ দিনাই জন্মগত নাগৰিকত্ব অৰ্জনৰ অধিকাৰ বিলোপ কৰি নতুন নিৰ্দেশ জাৰি কৰে৷
আমোদজনক এয়াই, তাৰ পূৰ্বে আমেৰিকাত দীঘলীয়াকৈ থকা বিদেশীৰ উপৰি টুৰিষ্ট ভিছা লৈ যোৱা মাতৃৰ সন্তান জন্ম হ’লেও আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল৷ কিন্তু ট্ৰাম্পৰ ‘ডেডলাইনে’ বিতত কৰি তোলা ভাৰতীয়-আমেৰিকান দম্পতীয়ে তাৰপৰা হাত সাৰিবলৈ ‘প্ৰিটাৰ্ম চি-ছেক্সন’ বিকল্পৰ সহায় লয়৷ তাৰ বাবে তেওঁলোকে সন্তানৰ ‘গেষ্টেচন পিৰিয়ড’ বা বিকশিত কালৰ বাধ্যতামূলক নিয়মো উলংঘা কৰে৷ এইছ-১ বি ভিছা বা এল-১ ভিছা লৈ আমেৰিকাত থকা বহু ভাৰতীয় মাতৃয়ে ২০ জানুৱাৰীৰ পূৰ্বেই চিকিৎসালয়ত ভৰ্তি হৈ ‘প্ৰিটাৰ্ম চি-ছেক্সন’ বিকল্পৰ সহায়ত সন্তান জন্ম দিয়ে৷ এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে সহস্ৰাধিক সন্তানসম্ভবা৷ ‘প্ৰিটাৰ্ম চি-ছেক্সন’ হৈছে গৰ্ভধাৰণৰ ৩৫ সপ্তাহ বা তাৰ পূৰ্বে চিজাৰিয়ান পদ্ধতিত সন্তান জন্ম দিয়াৰ ব্যৱস্থা৷ আনহাতে গৰ্ভধাৰণৰ পৰা ৩৫-৪০ সপ্তাহত সন্তান জন্ম দিলে সেয়া ‘টাৰ্ম’ বা স্বাভাৱিক বুলি ধৰা হয়৷ গৰ্ভস্থ সন্তান বা মাতৃৰ অতি জটিল অৱস্থা নহ’লে চিকিৎসক আৰু সন্তান সম্ভৱাই কেতিয়াও ‘প্ৰিটাৰ্ম চি-ছেক্সন’ৰ বিকল্প নিৰ্বাচন নকৰে৷ কিয়নো পুৰঠ হোৱাৰ পূৰ্বে জন্মলাভ কৰা শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হয়৷ কিন্তু সহস্ৰাধিক ভাৰতীয় দম্পতীয়ে তেনে বাধ্যবাধকতা উপেক্ষা আৰু উলংঘা কৰি সময়ৰ পূৰ্বে নিজৰ সন্তান জন্ম দিছে আৰু অনেকে জন্ম দিয়াৰ প্ৰস্তুতি চলাইছে, যাতে তেওঁলোকে পূৰ্বৰ আইন অনুসৰি মাৰ্কিন নাগৰিকত্ব লাভ কৰে৷ বহুক্ষেত্ৰত ৭ মহীয়া গৰ্ভৱতীয়েও ২০ জানুৱাৰীৰ পূৰ্বে সন্তান জন্ম দি আজৰি হোৱা বুলি প্ৰকাশ কৰিছে নিউজাৰ্ছিৰ এখন মেটাৰ্নিটি ক্লিনিকৰ চিকিৎসক ডাঃ এছ ডি ৰামাই৷ ডাঃ ৰামাই কয়–‘এগৰাকী সম্ভাৱ্য মাতৃক মই তেনে নকৰিবলৈ বুজনি দিছিলো৷ তেওঁলোকৰ সন্তান জন্মৰ দিন আছিল মাৰ্চত৷ কিন্তু তেওঁলোকে মোৰ কথা নশুনিলে৷ এতিয়াও চিকিৎসালয়ত ভিৰ কৰিছে ভাৰতীয় দম্পতীয়ে৷ প্ৰসংগতঃ ড’নাল্ড ট্ৰাম্পে দিয়া এই নিৰ্দেশ ২০ ফেব্ৰুৱাৰীৰ পৰা বলবৎ হ’ব সেয়ে ভিৰ বাঢ়িছে হাস্পতালত৷ টেক্সাছৰ চিকিৎসক ডাঃ এছ জি মুকাল্লাই তেনে দম্পতীক সাৱধান কৰি দিলেও ভাৰতীয় দম্পতীয়ে ওলোটাই তেওঁ কয়–‘ ইয়াত থাকিবলৈ আমি বহু ত্যাগ কৰিছো৷ কিন্তু এতিয়া সেই সপোনৰ দুৱাৰ বন্ধ হৈ যাব যেন লাগিছে৷ আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি সন্তানটো জন্ম দিয়াওক৷