প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে ৰাহুলক অভিযোগ অখিলৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জানুৱাৰীঃ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছৰ হাইকামাণ্ড ৰাহুল গান্ধীলৈ এখন বিস্ফোৰক পত্ৰ লিখিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ বৃহস্পতিবাৰে সাংবাদিকৰ আগত এই পত্ৰ লিখাৰ কথা সদৰি কৰি অখিল গগৈয়ে কয়– ‘আমি পঞ্চায়ত নিৰ্বাচন সকলোৱে একেলগে খেলিব লাগে, ২০২৬ৰ বাবে আমি পঞ্চায়ত নিৰ্বাচনৰ পৰাই ঐক্যৱদ্ধ হ’ব লাগে৷ নহ’লে বিজেপিক পৰাভূত কৰাটো অসম্ভৱ৷ এই সকলোবোৰ কথা ব্যাখ্যা কৰি মই ৰাহুল গান্ধীলৈ পৰহি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ৷ দীঘলীয়া এই পত্ৰখন হয়তো ইতিমধ্যে গৈ ৰাহুল গান্ধীৰ হাতত পৰিছে৷’ অখিল গগৈয়ে কয়– ‘যোৱা চাৰিটা নিৰ্বাচনত কংগ্ৰেছে আমাক ঠগিলে৷ পঞ্চায়ত নিৰ্বাচনো যদি কংগ্ৰেছে অকলে খেলে তেন্তে ভুল বুজাবুজি হ’ব৷ বিজেপি বিৰোধী বুলি আমিয়েই সদায় যে পৰীক্ষা দিব লাগিব, এনে নহয়৷ যদিহে কংগ্ৰেছে সঁচাকৈয়ে বিজেপিক পৰাভূত কৰিব বিচাৰে তেন্তে একগোট হ’ব লাগিব৷
পঞ্চায়ত নিৰ্বাচনত এনেও আমি ৰাইজৰ দলে বেছিকৈ নিৰ্বাচন নেখেলো৷ কংগ্ৰেছকে আমি সমৰ্থন দিম৷ পঞ্চায়ত মিত্ৰতা হ’লে মিত্ৰদলৰ কৰ্মীসকলৰ আন্তৰিকতা বৃদ্ধি পাব৷ উল্লেখ্য যে অখিল গগৈয়ে ৰাহুল গান্ধীলৈ লিখা পত্ৰখনৰ বিষয়ে সবিশেষ সাংবাদিকৰ আগত ব্যাখ্যা নকৰিলেও জানিব পৰা মতে পত্ৰখনত ২০২৬ত বিৰোধী ঐক্যৱদ্ধ নহ’লে কি কি বিশেষ অসুবিধা হ’ব ইয়াৰ ছটা কাৰণ বলিষ্ঠভাৱে ব্যাখ্যা কৰা হৈছে৷ উমৰাংছুৰ প্ৰতিবাদত কংগ্ৰেছে অংশগ্ৰহণ নকৰা, গেটৱেত অনুষ্ঠিত বিৰোধী ঐক্যমঞ্চৰ বৈঠকত কংগ্ৰেছ উপস্থিত নথকা আদি প্ৰসংগও পত্ৰত উল্লেখ কৰা হৈছে৷ মূলত জোৰ পুৰি হাত পোৱাৰ পাছতো ভূপেন বৰা, গৌৰৱ গগৈ আদি কংগ্ৰেছ নেতাসকলৰ নিষ্ক্ৰিয়তা পত্ৰযোগে ৰাহুল গান্ধীক অখিল গগৈয়ে ব্যাখ্যা কৰা বুলি জানিব পৰা গৈছে৷






