Logo
image

দান-অনুদান আত্মসাৎ কামাখ্যাত ইডিৰ অভিযান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ জানুৱাৰীঃ  শক্তিপীঠ কামাখ্যা দেৱালয়ত সংঘটিত হৈছে বৃহৎ বিত্তীয় কেলেংকাৰি৷ কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ ৭.৬২ কোটি বিত্তীয় কেলেংকাৰিৰ গোচৰত নাম সাঙোৰ খাই পৰিছে ব’ৰ্ডৰ প্ৰাক্তন সদস্য ৰিজু প্ৰসাদ শৰ্মাৰ৷  ২০০৩ চনৰ পৰা ২০১৯  চনলৈ সংঘটিত এই বিত্তীয় কেলেংকাৰিৰ গোচৰটোত বুধবাৰে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে তালাচী চলাই ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত৷ মা কামাখ্যাক উছৰ্গা কৰি ভক্তই দিয়া দান-অনুদানৰ ৭.৬২ কোটি টকীয়া বিত্তীয় অনিয়মৰ সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ৰুজু কৰা গোচৰটোৰ অন্যতম অভিযুক্ত দেৱোত্তৰ ব’ৰ্ডৰ বিষয়ববীয়া প্ৰয়াত ধীৰাজ শৰ্মা আৰু প্ৰয়াত নৱকান্ত  শৰ্মাৰ বাসগৃহতো বুধবাৰে অভিযান চলায়   এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৷ মা কামাখ্যা দেৱালয় পৰিচালনাৰ নামত দেৱোত্তৰ ব’ৰ্ডৰ তদানীন্তন বিষয়ববীয়া কেইজনে ভুৱা বিলেৰে ধন আত্মসাতৰ অভিযোগত অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইন- ২০০২ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় সংস্থাটোৱে৷  ইডিয়ে সদৰী কৰা অনুসৰি দেৱোত্তৰ ব’ৰ্ডৰ এইসকল বিষয়ববীয়াই কামাখ্যা মন্দিৰৰ নামত বৈদ্যুতিক সামগ্ৰী, চিমেণ্ট, চাফাই সামগ্ৰী, শ্ৰমিকৰ লগতে আন বিভিন্ন কামত ধন ব্যৱহাৰ কৰা দেখুৱাই ভক্তই দিয়া অনুদানৰ পুঁজি আত্মসাৎ কৰিছিল৷ আনকি মন্দিৰৰ ধন নিজৰ বেংক একাউণ্টত জমা কৰিছিল৷  ৫০ হাজাৰ টকাতকৈ অধিক ধন ব্যয়ৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ অনুমতি প্ৰয়োজন হোৱাত কম কমকৈ বিল দেখুৱাই দেৱালয়ৰ ধন হস্তগত কৰাৰো অভিযোগ উঠিছিল৷


অৱশেষত উক্ত বিত্তীয় কেলেংকাৰিৰ গোচৰটোত ইডিৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ বিষয়াৰ এটা দলে ব’ৰ্ডৰ প্ৰাক্তন সদস্য ৰিজু  প্ৰসাদ শৰ্মাৰ লগতে মৃত দুই বিষয়ববীয়াৰ বাসগৃহত তালাচী চলায়৷  এই অভিযানত কেন্দ্ৰীয় অৰ্থনৈতিক অপৰাধ অনুসন্ধানকাৰী সংস্থাটোৱে অভিযুক্ত তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ ১.৮২ কোটি টকাৰ বীমা পলিচী জব্দ কৰে৷ ইয়াৰোপৰি ২৭ টা বেংক একাউণ্টৰ পাছবুক আৰু স্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰে ইডিয়ে৷