
পুহ যাওঁতেহে নামিল ঠেঁটুৱৈ ধৰা শীত
অহা তিনিদিনলৈ প্ৰবল ঠাণ্ডা
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৩ জানুৱাৰীঃ শীতৰ মাহ হিচাপে পৰিচিত পুহত নহয়, পুহ মাহ পাৰ হৈ মাঘ মাহৰ ৯ টা দিন পাৰ হোৱাৰ পিছতহে প্ৰচণ্ড জাৰৰ কবলত পৰিছে অসমসহ উত্তৰ পূবৰ কেবাখনো ৰাজ্য৷ কাৰ্যত যেন পুনৰ শীতৰ আগমন হৈছে অসমত৷ বিগত কেইটামান দিনত দিনৰ ভাগত শীতৰ প্ৰকোপ বহুখিনী কমি যোৱাত জনসাধাৰণে কিছু গৰম অনুভৱ কৰিছিল৷ তাৰ বাবে বহুতে এইবেলি মাঘ মাহতে শীতে বিদায় লব বুলি ভাবিছিল৷ কিন্তু বুধবাৰে চুবুৰীয়া দেশ বাংলাদেশৰ আকাশত সৃষ্টি হোৱা ঘূৰ্ণীয়মান বায়ুৰ বাবে সাগৰপৃষ্ঠৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰ ওপৰৰে উত্তৰ পূবলৈ শীতল বতাহ বলি থকাৰ বাবে বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰা স্বাভাৱিকতকৈ তাপমাত্ৰা বহুখিনী কমি যায়৷ ফলত অসমৰ বেছিভাগ ঠাইতে বৃহস্পতিবাৰে পুৱাৰে পৰা প্ৰচণ্ড শীত অনুভৱ কৰিব লগা হৈছে ৰাইজে৷ যাৰ বাবে বিগত দিন কেইটাত দিনৰ ভাগত কিছু গৰম হৈ থকা ৰাজ্যখনত বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাইজ যেন শীতৰ মুখামুখি হবলগীয়া হৈছে৷ পুৱাৰে পৰা আকাশ ডাঠ কুঁৱলীয়ে ঢাকি ৰখাৰ লগতে পাতলীয়া এজাক বতাহ বলি থকাৰ বাবে জনসাধাৰণে প্ৰচণ্ড শীত অনুভৱ কৰিছে৷ পাতলীয়া চেঁচা বতাহে নমাই আনিছে শীতৰ মাদকতা৷ পুৱাৰ পৰা আৰম্ভ হৈছে ঠেটুৱৈ লগা জাৰৰ প্ৰকোপ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই সদৰি কৰা অনুসৰি অহা তিনিদিনলৈ বতৰ অপৰিবৰ্তিত হৈ থাকিব৷ একেদৰে আগন্তুক ২৪ ঘণ্টাত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সীমান্তবৰ্তী অঞ্চলসমূহৰ কিছু কিছু ঠাইত গাজিন, ঢেৰেকনিৰ সৈতে পাতলীয়া পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷
সাগৰপৃষ্ঠৰ পৰা ডেৰ কিলোমিটাৰ ওপৰৰে বতাহ বলি থকাৰ ফলত ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত বৰষুণৰ হোৱাৰ আংশকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ একেদৰে আগন্তুক তিনিদিনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ আকাশ ৰাজ্যৰ ডাঠ তথা ঘন কুঁৱলীৰ আৱৰণে ঢাকি ৰাখিব৷ বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী মহানগৰীৰ লগতে ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ, জলাশয়, নৈপৰীয়া আৰু পাহাৰীয়া অঞ্চল আৰু মুকলি পথাৰ সংলগ্ন অঞ্চলসমূহত মাজনিশাৰ পৰা পুৱালৈকে অহা তিনিদিন ডাঠ কুৱলীৰ আচ্ছাদনে ঢাকি ৰাখিব বুলি সতৰ্কতা জাৰি কৰিছে৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আগন্তুক তিনিদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত নিশাৰ ভাগত ডাঠ কুঁৱলীৰ লগতে শীতৰ প্ৰকোপ বৃদ্ধি পাব পাৰে৷ কুঁৱলী আৰু ঠাণ্ডা বতাহ বলি থকা বাবে তাপমান যথেষ্ট হ্ৰাস পাইছে৷ গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰৰ দিনটোৰ সৰ্বোচ্ছ তাপমান আছিল ১৯.৩ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমান আছিল ১৫.১ ডিগ্ৰী চেলচিয়াছ৷ অথচ বুধবাৰে গুৱাহাটীৰ সৰ্বোচ্ছ তাপমাত্ৰা আছিল ২৬.১ ডিগ্ৰী চেলচিয়াছ৷ এটা দিনৰ ব্যৱধানত গুৱাহাটীত স্বাভাবিকতকৈ ৪.৬ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা কমি যায়৷ তেনেদৰে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ কেতবোৰ নগৰ-চহৰৰ সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ আছিল এনে ধৰণৰ— ডিব্ৰুগড় ১৫.৬ ডিগ্ৰী, তেজপুৰ ১৫.৬ ডিগ্ৰী, শিলচৰ ১৫.৩ ডিগ্ৰী, ধুবুৰী ১৪.৬ ডিগ্ৰী, যোৰহাট ১৩.৮ ডিগ্ৰী, উত্তৰ লখিমপুৰ ৯.৩ ডিগ্ৰী চেলচিয়াছ৷ একে সময়তে পূৱৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ৭.০ ডিগ্ৰী চেলচিয়াছ৷ উল্লেখ্য যে ৰাজ্যৰ বেছিভাগ ঠাইতে আকাশ ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰখাৰ লগতে দিনৰ ভাগত বতৰ মেঘাচ্ছন্ন হৈ আছে৷ ইপিনে জনসাধাৰণে উমাল কাপোৰৰ আশ্ৰয় লোৱাৰ লগতে পুৱাৰে পৰাই নিজ গৃহৰ লগতে বাট-পথৰ দাঁতিত জুই জ্বলাই জুইৰ উম লোৱাও পৰিলক্ষিত হৈছে৷ আনহাতে হাড় কপোৱা শীতে ৰাজ্যবাসীৰ স্বাভাৱিক জনজীৱন ব্যাহত কৰি তুলিছে৷ আনহাতে প্ৰচণ্ড শীতৰ বাবে সন্ধিয়া হলেই যান বাহনৰ চলাচল তেনেই সেৰেঙা হৈ পৰে আৰু ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ সোনকালে বন্ধ কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৬ জানুৱাৰী, গণৰাজ্য দিৱসৰ দিনাৰ পৰা বতৰ লাহে লাহে ফৰকাল হব বুলি আশা ব্যক্ত কৰিছে৷ ইফালে গণৰাজ্য দিৱসলৈ মাজতে মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত বতৰৰ আকস্মিক পৰিবৰ্তনৰ বাবে গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হবলগীয়া স্থান সমূহত বৃহস্পতিবাৰে পেৰেডৰ অনুশীলন কাৰ্যতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হয়৷