
আইফোনৰ পৰা অ’লা-উবেৰ বুকিং নকৰিব
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ জানুৱাৰীঃ চহকী ব্যক্তিৰ পৰা অধিক ভাৰা আদায় কৰি বিপদত অ’লা আৰু উবেৰ৷ অনলাইন শ্বেয়াৰ টেক্সী বুকিং এপ অ’লা আৰু উবেৰে আইফোন ব্যৱহাৰকাৰীৰ পৰা অধিক ভাৰা আদায় কৰি এইবাৰ ৰোষত পৰিবলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ৷ আইফোন আৰু এণ্ড্ৰইড ফোনত বুকিং কৰা ভাৰাৰ পাৰ্থক্যক লৈ অ’লা আৰু উবেৰ কতৃৰ্পক্ষলৈ জাননী জাৰি কৰিছে কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনস্থ কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কতৃৰ্পক্ষই৷ আইফোন ব্যৱহাৰকাৰীৰ পৰা গাড়ী বুকিঙৰ বিপৰীতে অধিক ভাৰা আদায় কৰা কাৰ্যক লৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কতৃৰ্পক্ষই অ’লা আৰু উবেৰৰ পৰা উত্তৰ বিচাৰি উক্ত জাননী জাৰি কৰিছে৷ গ্ৰাহকৰ পৰা বহু অভিযোগ লাভ কৰাৰ পাছতেই কেন্দ্ৰ চৰকাৰে কোম্পানী দুটাক স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে৷
অভিযোগ অনুসৰি অ’লা আৰু উবেৰৰ কেব বুকিং কৰাৰ সময়ত আইফোন আৰু এণ্ড্ৰইড ফোনত একে দূৰত্বৰ বাবে বেলেগ বেলেগ ভাড়া পৰিশোধ কৰিবলগীয়া হয়৷ আনকি উক্ত কোম্পানী দুটাৰ বিপৰীতে আন কোম্পানীৰ ভাড়াৰ ক্ষেত্ৰতো অমিল দেখা যায়৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়– অ’লা আৰু উবেৰে বিভিন্ন আইফোন আৰু এণ্ড্ৰইড মডেলত ভিন্ন ভাৰা দেখুৱাই আহিছে৷ আমি এই কথা আগতেও লক্ষ্য কৰিছোঁ, গতিকে গ্ৰাহক সুৰক্ষাৰ স্বাৰ্থত কোম্পানী দুটাক বিষয়টোক লৈ স্থিতি স্পষ্ট কৰাৰ বাবে জাননী জাৰি কৰিছোঁ৷’ উল্লেখ্য, সমদূৰত্বৰ বাবে এণ্ড্ৰইড ফোনত দেখুওৱা ভাৰা আইফোনত বুকিং কৰাৰ সময়ত অধিক ভাৰা পৰিশোধ কৰিবলগীয়া হয় গ্ৰাহকে৷ বিভিন্ন কোম্পানীৰ কেবসমূহে একেটা গন্তব্য স্থান থাকিলেও বিভিন্ন ভাৰা অফাৰ কৰে৷ বিশেষজ্ঞসকলৰ অভিযোগ অ’লা-উবেৰে কোম্পানীসমূহৰ হাৰ্ডৱেৰ ডাটা চতুৰতাৰে ব্যৱহাৰ কৰি এই দুষ্কাৰ্য সংঘটিত কৰিছে৷ নতুন ফোনত যেতিয়াই এপটো ডাউনলোড হয় তেতিয়াই এই কৌশল ব্যৱহাৰ কৰা হয়৷