Logo
image

৫০ লক্ষাধিক ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু যোৰহাট

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰীঃ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ ৩.৫০ কোটি টকা বাজেটেৰে যোৰহাটৰ পৰা প্ৰায়  ১৫ কিলোমিটাৰ পশ্চিমে ম’হবন্ধাৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত এই অধিৱেশনৰ মহা আয়োজন কৰা হৈছে৷ ৬-৯  ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিতব্য এই অধিৱেশনলৈ প্ৰায় দুসপ্তাহ থকা অৱস্থাত অধিৱেশন স্থলীত দিনে-নিশাই আয়োজকসকল ব্যস্ত হৈ পৰিছে৷ ১২ হাজাৰ বিঘা ভূমিত এই অধিৱেশনৰ বিশাল মণ্ডপ, নামঘৰ, প্ৰতিনিধি শিৱিৰ, বাণিজ্য মেলা আদি নিৰ্মাণ কৰি থকা হৈছে৷ অধিৱেশনখনত ৫০ লক্ষাধিক ভকত-বৈষ্ণৱৰ সমাগম হ’ব বুলি উদ্যোক্তাসকলে আশা কৰিছে আৰু সেই অনুসাৰে বৃহৎ আয়োজন কৰা হৈছে৷ ইতিমধ্যে প্ৰায় আঢ়ৈ কোটি টকা সংগৃহীত হৈছে বুলি আয়োজকসকলে জানিবলৈ দিছে৷ অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে সৰ্বসাধাৰণৰ লগতে চৰকাৰ আৰু বিভিন্ন বিভাগ, নিগম আদিয়েও পূৰ্ণ সহযোগিতা আগবঢ়াইছে৷

অস্থায়ী নামঘৰত দিনে নিশাই হৰিনামঃ শ্ৰীমন্ত অধিৱেশন স্থলীত অস্থায়ী নামঘৰৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ এই নামঘৰত দিনে-নিশাই নাম কীৰ্তন কৰাৰ উপৰিও বিভিন্ন প্ৰাথমিকে শৰাই আগবঢ়াই আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰিছে৷ ইফালে জিলাখনৰ বিভিন্ন প্ৰাথমিকৰ সদস্যসকলে শিৱিৰ নিৰ্মাণকে ধৰি যাৱতীয় কাম-কাজত আত্মনিয়োগ কৰাৰ লগতে এই উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷ মূল মণ্ডপত প্ৰায় ১৫হাজাৰ লোক একেলগে বহিব পাৰিব৷


ভকত-বৈষ্ণৱৰ বাবে ২০০ শিৱিৰঃ যোৰহাটৰ ম’হ বন্ধাত অনুষ্ঠিতব্য শংকৰদেৱ সংঘৰ অধিৱেশনত ৰাজ্যখনৰ সকলো প্ৰান্তৰ প্ৰাথমিক আৰু জিলা সমিতিৰ পৰা ভকত-বৈষ্ণৱৰ সমাগম হ’ব৷ এই ভকত-বৈষ্ণৱসকলৰ বাবে বৃহৎ আকাৰৰ ২০০ টা প্ৰতিনিধি শিৱিৰ নিৰ্মাণ কৰা হৈছে৷ বাঁহ আৰু নৰাৰে নিৰ্মিত এই প্ৰতিনিধি শিৱিৰসমূহে এৰালতলি পথাৰত এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে৷ শিৱিৰ নিৰ্মাণ কৰাৰ বাবে যোৰহাট জিলাৰ প্ৰাথমিকসমূহৰ মাজত যেন অঘোষিত প্ৰতিযোগিতা চলিছে৷ বিভিন্ন প্ৰাথমিকৰ সদস্যসকলে উৎসাহেৰে শিৱিৰ নিৰ্মাণত আত্মনিয়োগ কৰিছে৷ যুৱকৰ পৰা বৃদ্ধলৈকে শ শ লোকে  মুখত হৰিনাম লৈ সমূহীয়াভাৱে আৰু স্বেচ্ছামূলকভাৱে শিৱিৰ নিৰ্মাণ কৰি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে৷ 

সেৱা বাহিনীৰ ১০,০০০ স্বেচ্ছাসেৱকৰ বাবে বৃহৎ শিৱিৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত প্ৰতিনিধি আৰু সেৱা বাহিনীৰ স্বেচ্ছাসেৱক সকলৰ বাবে পৃথক শিৱিৰ নিৰ্মাণ কৰা হৈছে৷  উল্লেখ্য, সেৱা বাহিনীৰ ১০ হাজাৰ স্বেচ্ছাসেৱক এই শিৱিৰত থাকিব পাৰিব৷

১৫ হাজাৰ ভকতে একেলগে খাব পৰা ভোজনালয়ঃ অধিৱেশনস্থলীত প্ৰায় ১৫ হাজাৰ ভকতে একেলগে খাব পৰাকৈ বৃহৎ ভোজনালয় নিৰ্মাণ কৰা হৈছে৷ ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে প্ৰায় ২০০ চৌকাত ৰন্ধন প্ৰকৰণ কৰা হ’ব৷ প্ৰায় ৫০০ ৰান্ধনি আৰু সহযোগী এই ৰন্ধন কাৰ্যত একেসময়তে নিয়োজিত হ’ব৷ ইয়াৰ বাবে বহু কুইণ্টল খৰিৰ ব্যৱস্থা কৰা হৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে অধিৱেশনস্থলীত পানীৰ যোগান ধৰিব৷ অধিৱেশনখন যাতে সৰ্বাংগসুন্দৰ হয় তাৰ বাবে আয়োজনত কোনো ত্ৰুটি কৰা নাই৷