
জাপান, দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি আজি উভতিব মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰীঃ উদ্যোগপতি, ব্যৱসায়ী আৰু আগশাৰীৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰে বৈঠক অনুষ্ঠিত কৰি তিনিদিনীয়া জাপান ভ্ৰমণ সামৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কাইলৈ বিয়লি তিনিবজাত গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী শৰ্মা৷ তাৰপৰা তেওঁ পোনে পোনে ডিব্ৰুগড়লৈ যাত্ৰা কৰিব৷ ২৬ জানুৱাৰীত তেওঁ ডিব্ৰুগড়ত ত্ৰিৰংগা পতাকা উত্তোলন কৰিব৷ জাপান ভ্ৰমণৰ অন্তিমটো দিনত জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধিসকলৰ অসমৰ বিশ্ববিদ্যালয় সমূহৰ সৈতে বিশেষকৈ যুটীয়া স্নাতক পাঠ্যক্ৰম, শিক্ষাৰ্থী বিনিময় কাৰ্যসূচী আৰু গৱেষণাৰ দিশত সহযোগিতামূলক সম্পৰ্ক অন্বেষণ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই৷ শেহতীয়াকৈ দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি ২১ জানুৱাৰীৰ নিশা জাপানত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ পৰা শুকুৰবাৰলৈ জাপানত অসমৰ উন্নয়নী স্বাৰ্থ সম্পৰ্কিত বিভিন্ন সাক্ষাতত মিলিত হয়৷ এই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে জাপানৰ মন্ত্ৰী, বহুজাতিক কোম্পানীৰ স্বত্বাধিকাৰী, বিষয়া তথা সংবাদ মাধ্যমক সম্বোধন কৰে৷ মুখ্যতঃ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত বিশাল পৰিসৰত আয়োজন কৰা ‘এডভাণ্টেজ আছাম-২.০ ’ৰ বাবেই মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ৷ যথাৰ্থতে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে অসমক এক বিশেষ মান্যতা প্ৰদান কৰিব বুলি বিভিন্ন সূত্ৰত চৰ্চিত হৈছে৷ জাপান ভ্ৰমণসূচীত শুকুৰবাৰে পুৱা টকিঅ’ ইলেক্ট্ৰনৰ কাৰ্যবাহী উপাধ্যক্ষ তাকেছি অকুব’ৰ সৈতে মুখ্যমন্ত্ৰীয়ে সাক্ষাতত মিলিত হৈ তেওঁলোকক অসমৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আমন্ত্ৰণ জনায়৷ মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ আগন্তুক ইলেক্ট্ৰনিক চিটীত ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰৰ এক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ চৰকাৰৰ যি প্ৰচেষ্টা সেয়া এই সাক্ষাতে বহুখিনি গতি প্ৰদান কৰিব বুলি উল্লেখ কৰে৷
পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে য়ক’গাৱাৰ উপাধ্যক্ষ য়োছিয়াকি আছাকুৰাৰ সৈতে সাক্ষাতত মিলিত হয়৷ মুখ্যমন্ত্ৰীয়ে কয়- ‘আগশাৰীৰ জাপানী বৈদ্য়ুতিক অভিযান্ত্ৰিক প্ৰতিষ্ঠানটিয়ে নুমলীগড় শোধনাগাৰ লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডৰ সৈতে সহযোগিতামূলকভাৱে অসমত কাম কৰি আছে৷ অসমত তেওঁলোকৰ বৰ্তমানৰ ভিত্তি সম্প্ৰসাৰিত কৰা আৰু অন্যান্য সুযোগ অন্বেষণ কৰাৰ বিষয়ে আলোচনা কৰা হয়৷ অসমৰ ক্ৰমবৰ্ধমান বৈদ্য়ুতিক আৰু শক্তি খণ্ডক সমৰ্থন কৰিবলৈও তেওঁলোকক অনুৰোধ জনোৱা হয়৷ মুখ্যমন্ত্ৰীয়ে জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপ-মন্ত্ৰী আকিকো ইকুইনাকো সাক্ষাত কৰে৷ মুখ্যমন্ত্ৰীক ‘আপোনাক আদৰণি জনাইছোঁ’ বুলি অসমীয়া ভাষাত স্বাগতম জনোৱাটো আছিল উল্লেখনীয় দিশ৷ বৈঠকত জাপান চৰকাৰৰ ভাৰত আৰু বিশেষকৈ অসমৰ যুৱ আৰু দক্ষ কৰ্মশক্তিক জাপানত সুযোগ প্ৰদান কৰাৰ বিষয়ে বিতংভাৱে অৱগত কৰে৷ মিঝুহো ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া তাকাও হোছোয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ সাক্ষাত আছিল গুৰুত্বপূৰ্ণ দিশ৷ মুখ্যমন্ত্ৰীয়ে অসমৰ কোম্পানীলৈ ক্ৰেডিট-লিংকেজ সম্প্ৰসাৰিত কৰা আৰু জাপানী কোম্পানীৰ অসমত বিনিয়োগৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ সন্দৰ্ভত আলোচনা কৰে৷ লগতে তেওঁলোকক ৰাজ্যৰ বাবে পৰিকল্পনা চূড়ান্ত কৰিবলৈ এডভাল্টেজ আছাম ২.০ ত অসমৰ সৈতে যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়৷ টকিঅ’ত টয়’টা মটৰ কৰ্পৰেশ্যনৰ টেকতোছী হামানো আৰু তেওঁৰ দলৰ সৈতে বৈঠকত মিলিত হৈ টয়’টাই অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু নলবাৰীৰ চৰকাৰী আই টি আইত আগবঢ়াই থকা বিদ্যমান দক্ষতা কাৰ্যসূচীবোৰ আন প্ৰতিষ্ঠান সমূহলৈ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনায়৷ জাপানৰ বিনিয়োগ অসমলৈ আকৰ্ষণ কৰাৰ প্ৰয়াসত অধিক গতি প্ৰদানৰ বাবে জাপান ইণ্টাৰনেশ্যনেল ক’পাৰেশ্যন এজেঞ্চী (চমুকৈ জাইকা) ৰ জ্যেষ্ঠ উপাধ্যক্ষ হাৰা ছোহেইৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হয়৷ পৰৱৰ্তী সময়ত জাপানৰ একাধিক বিশ্ববিদ্যালয়ৰ বিষয়াৰ সৈতে বাৰ্তালাপত মিলিত হোৱা মুখ্যমন্ত্ৰীয়ে জাপানৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠানৰ সৈতে সাক্ষাৎকাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ পাছত জাপানৰ ভাৰতীয় ৰাষ্ট্ৰদূতে আয়োজন কৰা নৈশ আহাৰত ইয়ামানাছি প্ৰিফেকচাৰৰ গৱৰ্নৰ মিষ্টাৰ কোটাৰো নাগাছাকিৰ সৈতে ভাগ লয়৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুকুৰবাৰে জাপান ভ্ৰমণৰ সামৰণি পৰে৷ মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে এই ভ্ৰমণে অসমক নিশ্চিতভাৰে সমৃদ্ধ কৰিব৷ বিশ্বৰ বুকুত অসমক অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে এনেধৰণ বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ সৈতে সম্পৰ্ক বৃদ্ধিৰ দিশটোত গুৰুত্ব প্ৰদান কৰাটোৱে অসমক যথেষ্ট উপকৃত কৰিছে৷ উল্লেখ্য, প্ৰথমবাৰৰ বাবে অসমৰ এটা প্ৰতিনিধি দলে জাপানৰ চৰকাৰ আৰু ব্যৱসায়িক নেতাৰ এনে এক অভূতপূৰ্ব প্ৰৱেশ নিশ্চিত কৰিছে৷ মুখ্যমন্ত্ৰীয়ে জাপান চৰকাৰৰ ১৬০ জনতকৈ অধিক ব্যৱসায়িক নেতা আৰু ৫ গৰাকীৰো অধিক মন্ত্ৰীক সাক্ষাৎ কৰে৷ উক্ত আলোচনাত অসমৰ বিষয়ে গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰে৷ মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ ভাৰতীয় কূটনীতিত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতিফলন বুলি ধাৰণা কৰা হৈছে৷