
গোমা বতৰ ঘন কুঁৱলী, বিমান চলাচল ব্যাহত
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৪ জানুৱাৰীঃ ঘন কুঁৱলীৰ বাবে বৃহস্পতিবাৰৰ দৰে শুকুৰবাৰেও দেশৰ আন কেইবাখনো ৰাজ্যৰ দৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ চলাচল কৰা ৪ খনকৈ বিমানৰ চলাচল বাতিল কৰিবলগীয়া হোৱাৰ লগতে ৬ খনৰ উৰণ - অৱতৰণত ১ পৰা ৩ ঘণ্টাপৰ্যন্ত বিলম্ব হয়৷ শুকুৰবাৰে গুৱাহাটী বিমানবন্দৰলৈ চলাচল কৰিবলগীয়া (বাতিল হোৱা) ইণ্ডিগ’ বিমান সংস্থাৰ বিমানকেইখন হ’ল ক্ৰমে - ৬ ই ৬৫৪২ মুম্বাই - গুৱাহাটী, ৬ ই ৬২২৪ বেংগালুৰু - গুৱাহাটী, ৬ ই ২৩৩৯ দিল্লী- গুৱাহাটী আৰু ৬ ই গুৱাহাটী-জয়পুৰ৷ তেনেদৰে পুৱাৰ ভাগত কলকাতা আৰু দিল্লীৰ পৰা চলাচল কৰা ৬খন বিমানৰ উৰণ-অৱতৰণকাৰ্য গুৱাহাটীৰ লগতে দিল্লী আৰু কলকাতা বিমানবন্দৰৰ ঘন কুঁৱলীৰ বাবে ৰ ৰ পৰা ৩ ঘণ্টাপৰ্যন্ত বিলম্ব হয়৷ উল্লেখ্য, বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰা চুবুৰীয়া পশ্চিম বংগসহ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ আকাশ ডাঠ কুঁৱলীয়ে ঢাকি ৰখাত কাৰ্যতঃ স্বাভাৱিকভাৱে অচল হৈ পৰিছিল বিমানৰ চলাচল৷
আনকি ডাঠ তথা ঘন কুঁৱলীৰ বাবে দৃশ্যমান হ্ৰাস পোৱাত শুকুৰবাৰে দ্বিতীয় দিনাও পুৱাৰ ভাগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া আৰু উৰিবলগীয়া বিমানৰ যাত্ৰা ৰ ঘণ্টাৰ পৰা ৩ ঘণ্টাপৰ্যন্ত বিলম্ব হয়৷ অৱশ্যে বৃহস্পতিবাৰৰ তুলনাত ঘন কুঁৱলীৰ আছাদন কিছু কম হোৱা বাবে শুকুৰবাৰে পুৱা ৮.৫৫ বজাত প্ৰথমখন বিমান বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে আৰু ৯.৩০ বজাৰ পৰাহে উৰণ- অৱতৰণকাৰ্য স্বাভাৱিক হয়৷ অথচ বৃহস্পতিবাৰে ঘন কুঁৱলীৰ আচ্ছাদনৰ বাবে দুপৰীয়া ১২.৩০ বজাতহে বৰঝাৰত প্ৰথমখন বিমান অৱতৰণ কৰিছিল৷ ঘন কুঁৱলীৰ বাবে দৃশ্যমান হ্ৰাস পোৱাত বৃহস্পতিবাৰে শিলচৰ - কলকাতাৰ মাজত চলাচল কৰা এলায়েন্স এয়াৰৰ বিমান সেৱা ৫ ঘণ্টা বিলম্ব হোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল৷ উল্লেখ্য, বৃহস্পতিবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰা ১৮ খনকৈ বিমানৰ সেৱা ডাঠ কুঁৱলীৰ বাবে দৃশ্যমান হ্ৰাস পোৱাত একৰ পৰা পাঁচ ঘণ্টা পৰ্যন্ত উৰণ-অৱতৰণত বিলম্ব হৈছিল৷