Logo
image

গেৰুৱা বসনেৰে কুম্ভমেলাত স্নান অধ্যক্ষ দৈমাৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰীঃ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত উপস্থিত হ’ল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷ ত্ৰিবেণী সংগমত স্নান কৰি সম্পূৰ্ণ গেৰুৱা বসন পিন্ধি মহাকুম্ভত স্থাপন কৰা নামঘৰত সেৱা ল’লে দৈমাৰীয়ে৷ অধ্যক্ষ দৈমাৰীয়ে সাংবাদিকৰ আগত কয়– ‘ইয়াত সজাই পৰাই নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে৷ নামঘৰৰ পৰিৱেশটো সচাকৈ ধুনীয়া৷ মহাকুম্ভত অসমৰ পৰিৱেশ বেলেগকৈ প্ৰদৰ্শিত হৈছে৷ অসমো যে ভাৰতীয় সভ্যতা সংস্কৃতিৰ অংগ, সেয়া নামঘৰত ভাগৱত পাঠৰ জৰিয়তে প্ৰতিফলিত হৈছে৷’ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত বিধানসভাৰ এটা বিষয়া-কৰ্মচাৰীৰ দলো কুম্ভমেলালৈ ৰাওনা হৈছে৷ উল্লেখ্য, বুধবাৰেই দৈমাৰী মহাকুম্ভ মেলালৈ ৰাওনা হৈছে৷


দৈমাৰীয়ে কেশৱ দাস মহাৰাজক সাক্ষাৎ কৰাৰ লগতে কুম্ভমেলাৰ প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত দীৰ্ঘসময় কটায়৷ প্ৰজ্ঞাৰ দ্বাৰা কুম্ভমেলাত আয়োজন কৰা প্ৰদৰ্শনী দেখিও দৈমাৰীয়ে অভিভূত হৈ পৰে৷ উল্লেখ্য যে অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চলৈ বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব৷  ১৭ ফেব্ৰুৱাৰীৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন কোকৰাঝাৰত অনুষ্ঠিত হ’ব৷ বাজেট অধিৱেশনকলৈ অধ্যক্ষ দৈমাৰী সাংঘাটিক ব্যস্ত৷ ইয়াৰ মাজতে তেওঁ সময় উলিয়াই প্ৰয়াগৰাজত উপস্থিত হৈ ধাৰ্মিক স্নান কৰে৷