
২৬ জানুৱাৰী বৰ্জনৰ আহ্বান আলফাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ জানুৱাৰীঃ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো গণতন্ত্ৰ দিৱস বৰ্জনৰ আহ৩ান জনাইছে অসমৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনে৷ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসক ‘ভুৱা’ অভিহিত কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱস বৰ্জন কৰাৰ বাবে ৰাইজক আহ৩ান জনাইছে আলফাৰ লগতে এনএছচিএন আৰু জিপিআৰএনে৷ আনকি চ্ছ জানুৱাৰীৰ দিনটোত অসম, নাগালেণ্ড আৰু অৰুণাচলত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে বিদ্ৰোহী সংগঠনকেইটাই৷ গণৰাজ্য দিৱস বৰ্জনৰ আহ৩ান জনাই আলফা স্বাধীন, এনএছচিএন আৰু জিপিআৰএনে শুকুৰবাৰে ‘আমাৰ অসম’ লৈ প্ৰেৰণ কৰা এটা যৌথ ই-মেইল বিবৃতিত কয়– এই কথা সৰ্বজনবিদিত যে, ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত বৃটিছ আৰু ব্ৰহ্মদেশৰ মাজত হোৱা ‘ইয়াণ্ডাবু সন্ধি’ৰ গইনা লৈ ঐতিহ্যমণ্ডিত অসমৰ ‘স্বাধীনতা’ৰ বেলি মাৰ গৈছিল যদিও তাৰ ঠিক পাছতে স্বাধীনচিতীয়া জাতি-জনগোষ্ঠীসমূহে হেৰুৱা স্বাধীনতা পুনৰুদ্ধাৰৰ হকে মৰণপণ দি সংগ্ৰামত ব্ৰতী হৈছিল৷ পৰৱৰ্তী সময়ত তদানীন্তন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কাণ্ডাৰীসকলে অসমক স্বাধীনতা প্ৰদানৰ লোভ দেখুৱাত, উমৈহতীয়া শত্ৰু বৃটিছৰ বিৰুদ্ধে একত্ৰে যুঁজি ১৯৪৭ চনত তথাকথিত স্বাধীনতা অৰ্জন কৰিলে৷ কিন্তু ভাৰতীয় শাসকবৰ্গই কৰা বিশ্বাসঘাতকতা তথা অসমৰ একাংশ অদূৰদৰ্শী ৰাজনৈতিক নেতাৰ দুৰ্বলতাৰ বাবে ছলে-বলে-কৌশলে এই ভূ-খণ্ডক কৃত্ৰিম ভাৰতৰাষ্ট্ৰৰ মানচিত্ৰৰ অন্তৰ্ভূক্তিৰে আজি পৰ্যন্ত দখলদাৰীত্ব অব্যাহত ৰাখিছে৷ ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰই ‘সান্দহ খোৱা বালি তল যোৱা’ৰ ভয়ত ৰাজনৈতিক দুৰভিসন্ধিৰে থলগিৰি জাতিসমূহৰ মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ তথা সুৰক্ষাৰ মৌলিক উপাদান ‘স্বাধীনতা’ক খৰ্ব কৰি ১৯৫০ চনৰ চ্ছ জানুৱাৰীৰ পৰাই সংবিধান কাৰ্যকৰী কৰিছিল৷ যাতে পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলক আইন-শৃংখলা ৰক্ষাৰ অজুহাতত ৰাষ্ট্ৰ সন্ত্ৰাস চলাই মূলসুঁতিৰ ভাৰতীয় নাগৰিক হিচাপে বলপূৰ্বক সেও মনাব পাৰে৷ আনকি, বুৰঞ্জী প্ৰসিদ্ধ জাতি-জনগোষ্ঠী সমূহে চিৰকাল পৰাধীনতাৰ পৰা মুক্ত হ’ব নোৱৰাৰ বন্দৱস্ত ঔপনিৱেশিক সংবিধানৰ জৰিয়তে কৰিছিল৷ দৰাচলতে ভাৰতে আন্তৰ্জাতিক নীতি-নিয়ম নতুবা মানৱ অধিকাৰৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি অত্যন্ত বেপৰোৱাভাৱে চলাই থকা ৰাষ্ট্ৰ সন্ত্ৰাসৰ বোকোচাত উঠি ক্ৰমবৰ্ধমান ভাৰতীয় আগ্ৰাসন আৰু সম্প্ৰসাৰণবাদী চৰিত্ৰই কেউফালে ছানি ধৰি সমাজ জীৱনৰ মনস্তত্ত্বত প্ৰভাৱ বিস্তাৰ কৰিছে৷ অসম-নাগালেণ্ড তথা পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলৰ নজহা-নপমা থলগিৰিয়ে বৈৰীৰাষ্ট্ৰৰ অন্যায় আৰু অনৈতিহাসিক কতৃৰ্ত্ব কেতিয়াও মানি লোৱা নাছিল; ভৱিষ্যতেও মানি নলয়৷ এখন প্ৰকৃত গণতান্ত্ৰিক দেশৰ সাৰ্বভৌম কতৃৰ্ত্বৰ অধিকাৰী হ’ল– সেই দেশৰ জনতা৷ সঁচা অৰ্থত শাসকবৰ্গ জনতাৰ সেৱকহে৷ যি সত্য মহাত্মা গান্ধীয়ে স্বীকাৰ কৰিছিল৷ তাৰ বিপৰীতে, তেওঁলোকে অধিকাৰী হিচাপে বলপূৰ্বক প্ৰভুত্ব সাব্যস্ত কৰি বিগত ৭৫ বছৰে ভুৱা ‘গণতন্ত্ৰ দিৱস’ উদ্যাপনৰ নামত থলগিৰি ন্যায়সংগত অধিকাৰ ভূ-লুণ্ঠিত কৰি আহিছে৷
প্ৰণিধানযোগ্য যে, বৃটিছৰ বিৰুদ্ধে যুঁজত যিমান সংখ্যক জনগণে প্ৰাণাহুতি দিছিল নতুবা কাৰাবাস খাটিছিল; তাতোকৈ বহুগুণে বেছি ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ দখলদাৰী বাহিনীৰ হাতত শিশু, যুৱক, যুৱতীৰ পৰা আবাল-বৃদ্ধ-বনিতালৈকে মুক্তিকামী জনতা হত্যা তথা নিৰ্যাতিত আৰু নিগৃহীত হৈ আহিছে৷ এনে পৰিপ্ৰেক্ষিতত, থলগিৰিৰ ন্যায্য ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি কেৱল মাত্ৰ নিৰ্বাচনী জয়লাভৰ দ্বাৰা প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা হ’ব নোৱাৰে৷ এয়া গণতন্ত্ৰৰ নামত প্ৰহসন মাথোঁ৷ গতিকে, প্ৰতি বছৰে ঔপনিৱেশিক ভাৰতৰ ভুৱা ‘গণতন্ত্ৰ দিৱস’ পালনত আমি বিৰোধিতা কৰি আহিছোঁ৷ এইবাৰো অসম, নাগালেণ্ড আৰু অৰুণাচলত ২৬ জানুৱাৰীৰ মাজ নিশা ৰ বজাৰ পৰা বিয়লি ৬ বজালৈকে সৰ্বাত্মক বন্ধ ঘোষণা কৰিছোঁ৷ সেয়ে, সমূহ ৰাজনৈতিক-অৰাজনৈতিক, জাতীয় দল-সংগঠন তথা মুক্তিকামী জনগণক ভুৱা ‘গণতন্ত্ৰ দিৱস’ সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ লগতে উক্ত বন্ধৰ কালছোৱাত সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আদিত জনসমাগম পৰিহাৰ কৰিবলৈ আহ৩ান জনালোঁ৷ অৱশ্যে, উল্লিখিত বন্ধৰ সময়ত স্বাস্থ্য সেৱাৰ দৰে অত্যাৱশ্যকীয় জৰুৰীকালীন সেৱাসমূহৰ উপৰি সংবাদ মাধ্যমৰ কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব৷