Logo
image

চৰকাৰী পেন্সনে সাহিত্যিকক জীয়াই ৰাখিব পাৰে, কিন্তু সাহিত্যক জীয়াই ৰাখে পঢ়ুৱৈ

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ২৪ জানুৱাৰীঃ ‘গ্ৰন্থৰ চাহিদা বৃদ্ধি বা সাহিত্যৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি আদিত পঢ়ুৱৈৰো ভূমিকা আছে৷ সমগ্ৰ বিশ্বতে গ্ৰন্থৰ পঢ়ুৱৈ কমিছে৷ অসম তাৰ ব্যতিক্ৰম নহয়৷ এখন ভাল সাহিত্যৰ উপাদান থকা গ্ৰন্থ অসমত দুহাজাৰ ক’পীও  বিক্ৰী নহয়, যিটো গভীৰ উদ্বেগজনক বিষয়৷ মানুহে নিজৰ বৌদ্ধিক চেতনাৰ উন্মেষ ঘটাবলৈ, নিজকে উন্নত কৰি তুলিবলৈ হ’লে গ্ৰন্থ অধ্যয়ন অতি জৰুৰী৷’ –এই মন্তব্য ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক তথা সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷ শুকুৰবাৰে মৰিগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সাৰথি’ৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত পদুম পুখুৰী চৌহদত  আয়োজিত মৰিগাঁও গ্ৰন্থমেলা মুকলি কৰি বিশিষ্ট সাহিত্যিকজনে কয়– ‘গোটেই বিশ্বকে ইণ্টাৰনেট, ফেচবুক, ষ্টাৰলিংকত মগ্ন কৰোৱা বিল গেট্‌ছ, মাৰ্ক জুকাৰবাৰ্গ, এলন মাস্কে নিজে যথেষ্ট কিতাপ অধ্যয়ন কৰে বুলি প্ৰকাশ কৰিছে৷ সেয়ে গ্ৰন্থ সংস্কৃতি বা সাহিত্যক জীয়াই ৰখাত পঢ়ুৱৈৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ চৰকাৰে অনুদান, সাহিত্যিক পেন্সন দি সাহিত্যিকক জীয়াই থকাত সহায় কৰিব পাৰে, কিন্তু সাহিত্যক জীয়াই ৰাখে পঢ়ুৱৈয়ে৷


পৃথিৱীৰ উন্নত দেশ জাপান, ফ্ৰান্স আদিত ডিজিটেল মাধ্যমত সমাজ ব্যস্ত নহয়৷ কিন্তু দক্ষিণ আফ্ৰিকাৰ দৰে দেশসমূহত হাতে হাতে মোবাইল ফোন থকাৰ বাবে মগজুৰ কচৰৎ কম হ’বলৈ ধৰিছে৷ ভাৰতত ১৪০ কোটি জনসংখ্যাৰ ভিতৰত মাত্ৰ ৬০ কোটি লোকৰ হাততহে মোবাইল ফোন আছে৷ সেয়েহে দক্ষিণ আফ্ৰিকাৰ দৰে অৱস্থা ভাৰতৰ আজিলৈকে হোৱা নাই৷ গ্ৰন্থ অধ্যয়নেহে সমাজৰ উত্তৰণ ঘটাব৷’ মৰিগাঁও গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি তথা মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাই৷ অনুষ্ঠানটোত লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ নাজাৰ, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড॰ হৰমোহন কলিতা, মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকা, ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ ৰামচৰণ ভৰালীৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানটোৰ আঁত ধৰে গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক খগেন মহন্তই৷ নিশা গ্ৰন্থমেলাস্থলীত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট শিল্পী অশোক ডেকাই৷ গ্ৰন্থমেলাত শনিবাৰে দিনৰ ১১ বজাত ‘শিক্ষাৰ্থীৰ দিন’ শীৰ্ষক এক অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদ্‌যাপন হ’ব৷ অনুষ্ঠান উদ্বোধন কৰিব মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাই৷ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত অনসুয়া শৰ্মা, জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া আৰু ৰংমেলা শিশুবাণীৰ মুখ্য সম্পাদক অৰুণ ভাগৱতীয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব৷ সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অতিৰিক্ত জিলা আযুক্ত ড॰ সংগীতা বৰঠাকুৰে৷