
ছটাকৈ শাৰীবদ্ধ গ্ৰহ বিৰল মহাজাগতিক ঘটনা
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৪ জানুৱাৰীঃ সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি বিধি অতি আকৰ্ষণীয়৷ এই গ্ৰহ-নক্ষত্ৰবোৰৰ মাজত প্ৰায়ে সংঘটিত হয় বিভিন্ন ঘটনা- পৰিঘটনা৷ এয়া তেনেই স্বাভাৱিক যদিও এইবোৰে অনুসন্ধিৎসু মনৰ মানুহক জ্ঞানৰ সম্ভেদ দিয়াৰ উপৰি দিয়ে আমোদো৷ এনে কিছুমান ঘটনা-পৰিঘটনা হৈ থাকিলেও সাধাৰণ দৃষ্টিত দেখা নাযায়৷ যিবোৰ উচ্চ ক্ষমতা সম্পন্ন অণুবীক্ষণ যন্ত্ৰৰ জৰিয়তেহে দেখা যায়৷ কিন্তু কোনো কোনো সময়ত গ্ৰহ-নক্ষত্ৰৰ কিছু কিছু পৰিঘটনা খালী চকুৰেও দেখা যায়৷ তেনে এক বিৰল মহাজাগতিক ঘটনা দৃশ্যমান হৈছে নীল আকাশত৷ এইবেলি আকাশত ছটাকৈ গ্ৰহই শাৰীপতা পৰিলক্ষিত হৈছে৷ সম্প্ৰতি সন্ধিয়াৰ আকাশত গ্ৰহৰ সমাবেশ ঘটিছে৷ পূবৰ পৰা পশ্চিমলৈ সৌৰজগতৰ ছটা গ্ৰহ ক্ৰমে মঙল, বৃহস্পতি, ইউৰেনাচ, নেপচুন, শুক্ৰ আৰু শনি অৱস্থান কৰা পৰিলক্ষিত হৈছে৷ এই সম্পৰ্কে গুৱাহাটী তাৰকাগৃহৰ কিউৰেটৰ বাবুল বৰাই কয়-এইবাৰ বিৰল মহাজাগতিক ঘটনাৰ বিশ্ববাসীয়ে সাক্ষী হোৱাৰ সৌভাগ্য লাভ কৰিছে৷ প্ৰতিটো গ্ৰহৰে পৰিভ্ৰমণকাল ভিন্ন৷ এইবাৰ সন্ধিয়া পূব আকাশলৈ চাই পঠিয়ালে ৰঙা গ্ৰহ মঙল খালী চকুৰেই সহজে দেখিবলৈ পোৱা যায়৷
ইয়াৰ পিছতে বৃহস্পতি গ্ৰহ মাজ আকাশত উজ্জ্বল জ্যোতিষ্কৰ দৰে দেখা পোৱা যায়৷ বৃহস্পতিৰ পৰা আৰু কিছু পশ্চিমলৈ অৱস্থান কৰা ইউৰেনাচ আৰু নেপচুন গ্ৰহ দুটা অৱশ্যে টেলিস্কোপৰ দ্বাৰাহে দৃশ্যমান হয়৷ ইয়াৰ পিছতেই পশ্চিম আকাশত অৱস্থান কৰিছেহি সবাতোকৈ উজ্জ্বল শুক্ৰ গ্ৰহ যিটো সন্ধ্যাতৰা বা ভোটাতৰা নামেৰেও জনা যায়৷ শুক্ৰৰ নিচেই ওচৰতেই আৰু কিছু পশ্চিমলৈ চালে শনি গ্ৰহক দেখিবলৈ পোৱা যায়৷ আকাশত এইদৰে ছটাকৈ গ্ৰহৰ সমাৱেশ পৃথিৱীৰ অন্যান্য অঞ্চলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যিকোনো স্থানৰ পৰা প্ৰত্যক্ষ কৰিব পৰা যাব৷ গ্ৰহকেইটা প্ৰত্যক্ষ কৰিবলৈ আকাশ দৃশ্যমান হোৱা যিকোনো মুকলি ঠাই বাচি লৈ সূৰ্যাস্তৰ ঠিক পিছৰে পৰা আকাশখনলৈ চাই পঠিয়ালে এই সমাৱেশ দেখিবলৈ পোৱা যাব৷ গুৱাহাটী তাৰকাগৃহই শনিবাৰৰ পৰা ১৫ মাৰ্চ পৰ্যন্ত ইয়াৰ চৌহদৰ - (সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ) পৰা ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণৰ বাবে নিতৌ সন্ধিয়া ফৰকাল বতৰ সাপেক্ষে টেলিস্কোপেৰে গ্ৰহসমূহ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে৷ বিগত ৭-৮ ধৰি এই বিৰল মহাজাগতিক ঘটনা পৰিলক্ষিত হৈছে৷ উল্লেখ্য, ফেব্ৰুৱাৰী মাহৰ মাজভাগত এই সমাৱেশত বুধ গ্ৰহইও যোগ দিব৷ গ্ৰহ-নক্ষত্ৰৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী ছাত্ৰ সমাজ তথা সাধৰাণ জনতাই গুৱাহাটী তাৰকা গৃহলৈ গৈ এই বিৰল মহাজাগতিক পৰিঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰিব৷