Logo
image

ৰাজীৱ শদিয়াৰ ঘৰৰ ভেটিতো চকু বণিয়াৰ পৰেশ বৰুৱাৰ সকীয়নি

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৪ জানুৱাৰীঃ বিপদত পৰিছে গণশিল্পী ৰাজীৱ শদিয়াৰ তিনিচুকীয়াৰ বাসগৃহ৷ যিখন ঘৰত থাকি গণশিল্পী ৰাজীৱ শদিয়াই সৃষ্টি কৰিছিল জাতি, মাটি আৰু মানুহৰ গান৷ এতিয়া হস্তগত কৰাৰ গভীৰ ষড়যন্ত্ৰ চলিছে ৰাজীৱ শদিয়াৰ তিনিচুকীয়াস্থিত গেলাপুখুৰীত থকা মাটিৰ ভেটি৷ দুজন অনা-অসমীয়াৰ প্ৰৰোচনাত পৰি সৰ্বস্ৰান্ত হোৱাৰ দিশে ৰাজীৱ শদিয়াই বাস কৰা মাটিৰ গৰাকী মনোজ চুতীয়া৷ এইজন মনোজ চুতীয়াই তিনিচুকীয়াৰ গেলাপুখুৰীত ১ কঠা  ৭.৭৭  লোচা একৰ মাটিত ঘৰ সাজি থাকিবলৈ দিছিল গণশিল্পী ৰাজীৱ শদিয়াক৷ এইখন ঘৰতে থাকি ৰাজীৱ শদিয়াই সৃষ্টি কৰিছিল বহু জনপ্ৰিয় গীত৷  এতিয়া দুজন অনা-অসমীয়াৰ বাবেই হস্তগত  হোৱাৰ দিশে মাটিৰ ভেটি৷ জানিব পৰা মতে, মাটিৰ গৰাকী মনোজ চুতীয়াই  ২০১৮  চনৰ জানুৱাৰী মাহত সেই মাটিত আৰ চি চি গৃহ নিৰ্মাণৰ বাবে তিনিচুকীয়া শাখাত  থকা  অৰিয়েণ্টেল বেংক কমাৰ্চত প্ৰায় দহ লাখ টকা ঋণ বিচাৰি বেংক কতৃৰ্পক্ষৰ সৈতে আলোচনা কৰিছিল৷ সেই সময়ত বেংকৰ তিনিচুকীয়া শাখাৰ পৰিচালক অমিত কুমাৰ ঝাই মনোজ চেতিয়াক দহ লাখ টকা বেংকৰ পৰা ঋণ দিয়াৰ প্ৰতিশ্ৰুতি দি ঋণৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ জমা লোৱাৰ লগতে কিছু নথি-পত্ৰত মনোজ চুতীয়াৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰে৷ পৰৱৰ্তী সময়ত বেংকৰ কৰ্মচাৰী আহি গেলাপুখুৰীৰ মাটিখিনিৰ ফটো সংগ্ৰহ কৰে৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল বেংকৰ পৰিচালক অমিত কুমাৰ ঝাই মনোজ চুতীয়াৰ নামত মোকলাই দিয়া ১০ লাখ টকাটো মাটিৰ গৰাকীক নিদি মেচাৰ্চ বি এছ ট্ৰেডিং নামৰ ব্যৱাসায়িক প্ৰতিষ্ঠানটোৰ নামত  ৫০  লাখ টকা ঋণ ০৬৭১৪০১১০০০২৪০ একাউণ্ট নম্বৰত মনোজৰ অজ্ঞাতে গেলাপুখুৰীত থকা জয়ানগৰৰ মাটিডোখৰত মডগেছ দি প্ৰদান কৰে৷ বৃহৎ বেংক জালিয়াতিৰে প্ৰদান কৰা এই কাৰ্য ২০১৯ চনৰ ১৪ আগষ্টত বেংকৰ পৰা ঋণৰ টকা ঘূৰাই বিচাৰি প্ৰেৰণ কৰা পত্ৰৰ পাছতহে অৱগত হয়৷ পৰৱৰ্তী সময়ত মনোজ চুতীয়াই অৰিয়েণ্টেল বেংকৰ তিনিচুকীয়া শাখাত যোগাযোগ অব্যাহত ৰাখে আৰু ঋণৰ বাবে আবেদন দাখিল কৰা প্ৰয়োজনীয় নথি-পত্ৰবোৰ বিচাৰে যদিও বেংক কতৃৰ্পক্ষই এই ক্ষেত্ৰত গা এৰা দিয়াৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে ইয়াৰ মাজতে বেংক কতৃৰ্পক্ষই গেলাপুখুৰীৰ মাটিডোখৰ বেংকৰ অধীনলৈ যোৱা বুলি মনোজ চুতীয়াক অৱগত কৰে৷ সেই সময়তে বেংকে এখন পত্ৰৰ জৰিয়তে মেচাৰ্চ বি এছ ট্ৰেডিঙৰ নামত ২৪,২৮৮২৭.৭০ টকা পৰিশোধ কৰিবলগীয়াৰ কথা মনোজ চুতীয়াক জানিবলৈ দিয়ে৷ এনেবোৰ বেমেজালিৰ মাজতে পৰৱৰ্তী সময়ত মনোজে ডিব্ৰুগড়স্থিত পঞ্জাৱ নেশ্যনেল বেংকৰ আঞ্চলিক কাৰ্যালয়ৰ শীৰ্ষ বিষয়াক বাৰে বাৰে অৱগত কৰাৰ পাছতো কোনোধৰণৰ সুফল লাভ নকৰিলে৷ মনোজে অভিযোগ কৰা মতে, তিনিচুকীয়াৰ বালুগাডাত অৱস্থিত ‘ৰাছি ইণ্ডাষ্ট্ৰী’ৰ স্বত্বাধিকাৰী আনন্দ ৰাছিৱাছিয়াই বেংকৰ পৰিচালক অমিত কুমাৰ ঝাৰ সৈতে মিলি মনোজক অন্ধকাৰে ৰাখি বেংক জালিয়াতিৰে ঋণৰ টকা সৰকাইছিল৷ শেহতীয়াকৈ মনোজ চুতীয়ালৈ গুৱাহাটী উলুবাৰীৰ ঋণ আদায় কাৰ্যালয়ৰ পৰাও ঋণৰ টকা ঘূৰাই বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে৷ য’ত মনোজে বেংকক ৪৩,৬৪,৯৪৬.৬৮ টকা আদায় দিবলগীয়া বুলি পত্ৰখনত উল্লেখ কৰিছে৷ অনা-অসমীয়াৰ প্ৰৰোচনাত পৰি সৰ্বস্ৰান্ত হৈ পৰা মনোজ চুতীয়া সম্প্ৰতি মানসিকভাৱে ভাগি পৰা বুলি উল্লেখ কৰিছে৷ অলপতে পঞ্জাৱ নেশ্যনেল বেংকৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে গুৱাহাটীৰ মাণ্ডলিক কাৰ্যালয়ৰ পৰিচালকলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ মনোজে সাতদিনৰ ভিতৰত এই জটিল সমস্যাৰ সমাধান সূত্ৰ বিচাৰিছে৷ ইফালে দুজন অনা-অসমীয়াই ৰাজীৱ শদিয়াই বাস কৰা মাটিৰ ভেটি হস্তগত কৰিব বিচৰা কাৰ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফাই (স্বা)৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত আলফাই  (স্বা) কয়, একবিংশ শতিকাত অসমৰ থলগিৰি জনগণৰ জাতি-মাটি-ভেটিৰ হকে সংগীত ৰচনা আৰু পৰিৱেশন কৰি অসমৰ যুৱপ্ৰজন্মৰ মাজত জাতীয়তাবাদৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা অব্যাহত ৰখি গণশিল্পীলৈ পৰ্যৱসিত হোৱা সদ্যপ্ৰয়াত সংগীতশিল্পী ৰাজীৱ গগৈ ওৰফে ৰাজীৱ শদিয়াই বাস কৰা তিনিচুকীয়াৰ গেলা পুখুৰীস্থিত মাটিডোখৰৰ গৰাকী মনোজ চুতীয়াই শিল্পীগৰাকীৰ স্মৃতি সুৰক্ষাৰ বাবে উক্ত মাটিখিনি ৰাজীৱ শদিয়াৰ পৰিয়ালক দান কৰাৰ পোষকতা কৰিছে৷ আনহাতে মনোজ চুতীয়াৰ অজ্ঞাতে তেওঁক অভিভাৱক সজাই তদানীন্তন পঞ্জাৱ নেচনেল বেংক তিনিচুকীয়া শাখাৰ প্ৰবন্ধক অমিত ঝা আৰু তেওঁৰ সহযোগী আনন্দ ৰাচিৱাচিয়াই মনোজ চুতীয়াৰ নথি-পত্ৰ জালিয়াতিৰে পঞ্জাৱ নেচলেন বেংকৰ পৰা ৫০ লাখ টকাৰ ঋণ লৈ সম্প্ৰতি অসম এৰিছে৷


পৰেশ বৰুৱাৰ সকীয়নি

গণশিল্পী ৰাজীৱ শদিয়াই জীৱনৰ অন্তিম সময়লৈকে বাস কৰা তিনিচুকীয়াৰ গেলাপুখুৰীত থকা বাসগৃহৰ ভেটি দুই অনা-অসমীয়াই হস্তগত কৰিবৰ বাবে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ হৈছে বিদ্ৰোহী সংগঠন আলফা (স্বা)৷ নথি জালিয়াতিৰে বেংকৰ পৰিচালক আৰু তিনিচুকীয়াৰ এজন অনা-অসমীয়া ব্যৱসায়ীয়ে মিলি ৫০ লাখ টকা ঋণ লৈ ইতিমধ্যে উধাও হৈছে৷ সম্প্ৰতি ৰাজীৱ শদিয়াই বাস কৰা মাটিৰ গৰাকীলৈ বেংকে ঋণৰ ধন ঘূৰাই বিচাৰি সঘনাই পত্ৰ প্ৰেৰণ কৰিছে৷ মানসিকভাৱে ভাগি পৰা মাটিৰ গৰাকী মনোজ চুতীয়াৰ কাষত থিয় দিলে সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা (স্বা)৷ মাটি হস্তগত কৰিবলৈ ষড়যন্ত্ৰ চলোৱা দুই অনা-অসমীয়াক সকীয়াই দিলে আলফাৰ (স্বা) মুৰব্বী পৰেশ বৰুৱাই৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত আলফাই (স্বা) কয় যে, একবিংশ শতিকাত অসমৰ থলগিৰি জনগণৰ জাতি-মাটি-ভেটিৰ হকে সংগীত ৰচনা আৰু পৰিৱেশন কৰি অসমৰ যুৱপ্ৰজন্মৰ মাজত জাতীয়তাবাদৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা অব্যাহত ৰখি গণশিল্পীলৈ পৰ্যৱসিত হোৱা সদ্যপ্ৰয়াত সংগীতশিল্পী ৰাজীৱ গগৈ ওৰফে ৰাজীৱ শদিয়াই বাস কৰা তিনিচুকীয়াৰ গেলা পুখুৰীস্থিত মাটি ডোখৰৰ স্বত্বাধিকাৰী মনোজ চুতীয়াই শিল্পীগৰাকীৰ স্মৃতি সুৰক্ষাৰ বাবে উক্ত মাটিখিনি ৰাজীৱ শদিয়াৰ পৰিয়ালক দান কৰাৰ পোষকতা কৰিছে৷ আনহাতে মনোজ চুতীয়াৰ অজ্ঞাতে তেওঁক অভিভাৱক সজাই তদানীন্তন পঞ্জাৱ নেচনেল বেংক তিনিচুকীয়া শাখাৰ প্ৰবন্ধক অমিত ঝা আৰু তেওঁৰ সহযোগী আনন্দ ৰাচিৱাচিয়াই মনোজ চুতীয়াৰ নথি-পত্ৰ জালিয়াতিৰে পঞ্জাৱ নেচলেন বেংকৰ পৰা ৫০ লাখ টকাৰ ঋণ লৈ সম্প্ৰতি অসম এৰিছে৷ এনে পৰিপ্ৰেক্ষিতত পঞ্জাৱ নেচনেল বেংক কতৃৰ্পক্ষই উক্ত মাটিখিনি দখল কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তেনে ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ আলফাৰ (স্বা) তৰফৰ পৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ এই নিৰ্দেশনা অমান্য কৰি কোনো ব্যক্তিবিশেষ অথবা প্ৰতিষ্ঠানে উক্ত মাটিখিনি হস্তগত কৰিব বিচাৰিলে আলফাই (স্বা) কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল’বলৈ বাধ্য থাকিব৷