আছুৰ নতুন সাধাৰণ সম্পাদক সমীৰণ ফুকন
'আমাৰ অসম'ৰ শিৱসাগৰৰ প্ৰতিনিধি, ২৭ জানুৱাৰীঃ অসমৰ শতবৰ্ষৰে গৰকা ছাত্ৰ সংগঠন সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ শিৱসাগৰ সাধাৰণ সভাৰ বিশাল প্ৰতিনিধি সভাই আজি নিশা আছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰে শিৱসাগৰৰ সমীৰণ ফুকনক। প্ৰতিনিধি সভাত শিৱসাগৰ ছাত্ৰ নেতাজনক মনোনীত কৰাৰ ঘোষণা কৰাৰ পিছতেই ঐতিহাসিক তলাতলৰ বাকৰি, পৰাগ চলিহা ষ্টেডিয়ামৰ সমান্তৰালকৈ জিলাখনৰ চৌপাশত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। সমগ্ৰ অসমৰ ছাত্র প্ৰতিনিধিৰ লগতে অসম তথা শিৱসাগৰৰ কেইবা শতাধিক দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে নৱ নিৰ্বাচিত ছাত্র নেতাজনক অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰে।
সমীৰণ ফুকনৰ নেতৃত্বত অসমৰ পুৰণি ছাত্র সংগঠনটোক এক নতুন গতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে সকলোৱে। ১৯৭৯ আৰু ১৯৮৬ চনৰ পিছতেই সুদীর্ঘ তিনিটা দশকৰ পিছত শিৱসাগৰত অনুষ্ঠিত হোৱা আছুৰ সাধাৰণ সভাত শিৱসাগৰৰ এগৰাকী সন্তানে সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰাত বিশেষভাৱে শিৱসাগৰীয়া ৰাইজে গৌৰৱ অনুভৱ কৰিছে। উল্লেখ্য যে সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা সমীৰণ ফুকনৰ জন্ম হয় ১৯৮৯ চনৰ ১৯ ছেপ্টেম্বৰত শিৱসাগৰত৷ শিৱসাগৰ চহৰৰ সমীপৱৰ্তী জয়সাগৰৰ জয়ানগৰ নিবাসী তথা চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তাৰাপ্ৰসন্ন ফুকন আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অঞ্জলী বৰুৱা ফুকনৰ পুত্র সমীৰণ ফুকন ছাত্ৰাৱস্থাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত৷ অষ্টম শ্ৰেণীত অধ্যয়নৰত সময়ত ২০০২-০৩ বৰ্ষৰ বাবে অসমৰ দ্বিতীয় পুৰণি শিক্ষানুষ্ঠান শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ আলোচনী সম্পাদকৰূপে নিৰ্বাচিত হৈ প্ৰত্যক্ষ ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰা সমীৰণ ২০০৩-০৪ বৰ্ষতো একেটা পদত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়৷ ২০০৫ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ জয়সাগৰত এটা প্ৰাথমিক গোট গঠন কৰি তাৰ সাধাৰণ সম্পাদকৰূপে আছুৰ মজিয়াত যাত্ৰা আৰম্ভ কৰে৷ একাদশ শ্ৰেণীত অধ্যয়নৰত সময়ত ২০০৫-০৬ বৰ্ষত একেখন শিক্ষানুষ্ঠানৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয়৷
কলেজীয়া দিনতো সক্ৰিয় ছাত্ৰ ৰাজনীতিত জড়িত হৈ শিৱসাগৰ কলেজ ছাত্ৰ একতা সভাৰ ২০০৭-০৮ আৰু ২০০৮-০৯ বৰ্ষৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হোৱাৰ উপৰি ২০০৯-১০ বৰ্ষত উপ-সভাপতিৰূপে নিৰ্বাচিত হৈ একতা সভাৰ নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ কলেজীয়া ছাত্ৰ হৈ থকা সময়তে ২০১০ বৰ্ষত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈ ২০১৪ বৰ্ষলৈকে দায়িত্বত থাকি ২০১৪ বৰ্ষৰ শেষৰ ভাগৰ পৰা ২০১৬ বৰ্ষৰ জানুৱাৰীলৈ সভাপতিৰ দায়িত্বত আছিল৷ ২০১৬ বৰ্ষৰ জানুৱাৰীত বৰ্তমানৰ চৰাইদেউ জিলা সহিতে থকা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব লৈ তাৰ পৰৱৰ্তী পৰ্যায়ত ২০২০ চনৰ অক্টোবৰ মাহত পুনৰ দ্বিতীয়টি কাৰ্যকালৰ বাবে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়৷ ২০২০ চনৰ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰূপে নিৰ্বাচিত হয় ৷ ২০২২ বৰ্ষৰ ছেপ্টেম্বৰ মাহত আছুৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈ ২০২৩ বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত অষ্টাদশ মৰিগাঁও অধিৱেশনলৈকে উক্ত পদবীত কাৰ্যনিৰ্বাহ কৰে৷
২০২৩ বৰ্ষৰ নৱেম্বৰৰ পৰা ২০২৪ বৰ্ষৰ ডিচেম্বৰপৰ্যন্ত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰূপে থাকি পুনৰ সহকাৰী সাধাৰণ সম্পাদক নিৰ্বাচিত হয় ৷ শিৱসাগৰ কলেজ, জয়সাগৰৰ পৰা ৰাজনীতি বিভাগৰ স্নাতক ডিগ্ৰীধাৰী ফুকনে পৰৱৰ্তীকালত সংযোগী শিক্ষাৰ অধীনত ৰাজনীতি বিজ্ঞান আৰু গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী ধাৰণ কৰাৰ উপৰি বৰ্তমান সমাজতত্ব বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তিম ষান্মাষিকৰ ছাত্ৰ৷ ইফালে সন্ধিয়া পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিশাল প্ৰতিনিধি সভাখনৰ আদৰণি ভাষণ প্রদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ডঃ সব্যসাচী মহন্ত আৰু জিলা ছাত্র সন্হাৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াই৷ ইয়াৰ পিছতেই প্ৰতিনিধি সভাখন উদ্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচার্যই৷ প্ৰতিনিধি সভাখনত সমগ্র ৰাজ্যৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বিশেষকৈ শিৱসাগৰ সাধাৰণ সভাত শিৱসাগৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা, শিৱসাগৰ জিলাখনক পৰ্যটন নগৰী ঘোষণা কৰা, জিলাখনত সিঁচৰিত হৈ থকা ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন কৰা দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে৷ আজিৰ প্ৰতিনিধি সভাখনত আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেক উপ-সভাপতি হিচাপে মনোনীত কৰাৰ লগতে সহকাৰী সাধাৰণ সম্পাদক হিচাপে তিনিচুকীয়াৰ সমৰ গোহাঁই, চৰাইদেউৰ অনুপ জ্যোতি ভূঞাক আৰু সাংগঠনিক সম্পাদক হিচাপে শোণিতপুৰ জিলাৰ নয়ন জ্যোতি গগৈক মনোনীত কৰা হয়। আজিৰ সভাতেই নৱনির্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনক আনুষ্ঠানিকভাৱে দ্বায়িত্ব অৰ্পণ কৰে৷






