Logo
image

ক্ৰীতদাসৰ দৰে আমেৰিকাৰ পৰা বহিষ্কাৰ অবৈধ নাগৰিকক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ জানুৱাৰীঃ কেৱল ভাবুকি দিয়েই ক্ষান্ত থকা নাই নতুন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প৷ মুখেৰে কোৱাৰ দৰে অবৈধ প্ৰব্ৰজনকাৰী বিতাড়নত হাতেকামেও নামি পৰিছে ট্ৰাম্পৰ প্ৰশাসন৷ অৱশ্যে নামি পৰা বুলি ক’লে আংশিক সত্যতাহে থাকিব৷ বলপূৰ্বকভাৱে ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকাত থকা অবৈধ বিদেশীক নিজ নিজ দেশলৈ ঘূৰাই পঠিয়াইছে৷ তাৰ মাজতে  ব্ৰাজিলৰ নাগৰিকৰ এটা দলক হেণ্ডকাফ আৰু ভৰিত গুৰুতৰ অপৰাধ অপৰাধীৰ দৰে শিকলিৰে বান্ধি দেশলৈ ঘূৰাই পঠোৱা এটা ঘটনাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ট্ৰাম্পে আগৰে পৰা দাবী কৰি আহিছিল, আমেৰিকাত অবৈধভাৱে থকা সকলোৱেই অপৰাধমূলক কামৰ সৈতে জড়িত৷ নিজৰ বক্তব্য সত্য প্ৰমাণিত কৰিবৰ বাবেই ট্ৰাম্পৰ প্ৰশাসনে এনেদৰে ব্ৰাজিলৰ অবৈধ প্ৰব্ৰজনকাৰীক হাত-ভৰি বান্ধি দেশলৈ ঘূৰাই পঠিয়াইছে, নে তেওঁলোক সঁচাকৈ আমেৰিকাত অপৰাধমূলক কামত জড়িত আছিল সেয়া এতিয়াও স্পষ্ট নহয়৷


ঔপনিবেশিক যুগৰ ক্ৰীতদাসক যিদৰে হাত-ভৰিত শিকলিৰে বান্ধি ৰাখে, ভয়ংকৰ অপৰাধীক যিদৰে হাতে-ভৰিয়ে শিকলিৰে বান্ধি ৰখাৰ দৃশ্য চিনেমাত দেখুওৱা হয়, আমেৰিকাই ব্ৰাজিলৰ নাগৰিকক দেশলৈ ঘূৰাই পঠিওৱাৰ দৃশ্য ঠিক তেনেধৰণৰ৷ ট্ৰাম্প প্ৰশাসনে ক্ৰীতদাসক বন্ধাৰ দৰে যি পদ্ধতি ব্যৱহাৰ কৰিছে, তাক লৈ বিশ্বত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰণালয়ে আমেৰিকাৰ এই কাৰ্যত ঘোৰ আপত্তি উত্থাপন কৰি এয়া মানৱাধিকাৰ উলংঘন বুলি মন্তব্য কৰিছে৷ ব্ৰাজিলৰ আইনমন্ত্ৰী ৰিকাৰ্ডো লেৱানডস্কিয়ে এই ঘটনাত আপত্তি উত্থাপন কৰাৰ লগতে ৰাষ্ট্ৰপতি লুলা দা ছিলভাকো অবগত কৰে৷

ক্ৰীতদাসৰ দৰে ব্ৰাজিলৰ নাগৰিকক এইদৰে দেশান্তৰ কৰাৰ ঘটনাটো সংঘটিত হয় যোৱা শনিবাৰে৷ মুঠতে ৮৮ জন শৰণাৰ্থীক লৈ ১৬ জন মাৰ্কিন নিৰাপত্তাৰক্ষী এখন বিমানত আমেৰিকাৰ পৰা ৰাওনা হৈছিল৷ বিমানখনে বেলো হৰাইজন বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল৷ কিন্তু যান্ত্ৰিক বিজুতিৰ বাবে বিমানখন মিনাছ গেৰাইছ বিমানবন্দৰত অৱতৰণ কৰাবলগীয়া হয়৷ তেতিয়া বিমানখনৰ পৰা ব্ৰাজিলৰ  নাগৰিকসকল নামি আহোতে দেখা যায়, তেওঁলোকক হেণ্ডকাফ লগাই থোৱাৰ লগতে দুই ভৰি শিকলি লগাই বান্ধি থোৱা আছে৷ সেই দৃশ্য ব্ৰাজিলৰ অনেকেই এক্সত শ্বেয়াৰ কৰিছে আৰু আত্মীয়ৰ এই দুৰৱস্থা দেখি পৰিয়ালৰ মানুহ কান্দোনত ভাগি পৰিছে৷