Logo
image

জিপি সিঙৰ বাবে ‘বিশেষ’ নিৰাপত্তা বিচাৰি গৃহ দপ্তৰলৈ পত্ৰ চিআৰপিএফৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ জানুৱাৰীঃ অৱশেষত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পদৰ পৰা আনুষ্ঠানিকভাৱে অব্যাহতি দিয়া হ’ল জি পি সিঙক৷ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পদৰ পৰা সোমবাৰে আনুষ্ঠানিকভাৱে বিদায় দিয়া হয় অসম-মেঘালয় কেডাৰৰ জ্যেষ্ঠ আইপিএছ বিষয়াজনক৷ অসম আৰক্ষীৰ পৰা বিদায় লৈ চলিত সপ্তাহতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীটোৰ মুৰব্বীৰ দায়িত্ব চমজি ল’ব জি পি সিঙে৷ উল্লেখ্য, জি পি সিঙে ২০২৩ চনৰ ৩১ জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল৷ ১৯৯১ বেট্‌ছৰ আই পি এছ বিষয়া জি পি সিঙে ২০২৭ চনৰ ৩০ নৱেম্বৰৰ অৱসৰ পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত চি আৰ পি এফৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্বত থাকিব৷ লক্ষণীয়ভাৱে, ইয়াৰ পূৰ্বে জি পি সিঙে ৰাষ্ট্ৰীয়  অনুসন্ধানকাৰী সংস্থা আৰু এছ পি জিত কেন্দ্ৰীয় ডেপুটেশ্বনত সেৱা আগবঢ়াইছিল৷ ২০১৯ চনত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত অসম আৰক্ষীৰ আইন শৃংখলাৰ এডিজিপি হিচাপে অসমলৈ ঘূৰাই অনা হৈছিল জি পি সিঙক৷ এই ‘কা’ বিৰোধী আন্দোলনত ৰাজ্যৰ পাঁচ তেজাল যুৱক আৰক্ষীৰ গুলীত শ্বহীদ হ’বলগীয়া হৈছিল৷ ইফালে অসমত দায়িত্ব পালনৰ সময়ত বিদ্ৰোহী সংগঠন আলফাৰ সৈতে সংঘাত বৃদ্ধি পাইছিল জি পি সিঙৰ৷


তদুপৰি ‘নিয়া’ত দায়িত্ব পালনৰ সময়তো বিভিন্ন উগ্ৰপন্থী তথা মৌলবাদী সংগঠনৰ ত্ৰাসৰ কাৰণ হৈ পৰিছিল সিং৷ যাৰ বাবে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ পৰা লাভ কৰা ভাবুকিৰ পৰিপ্ৰেক্ষিতত জি পি সিঙক চি আই এছ এফৰ দ্বাৰা বিশেষ সুৰক্ষা প্ৰদান কৰা হৈছিল৷ যাৰ বাবে এইবাৰ চি আৰ পি এফৰ নতুন সঞ্চালক প্ৰধান হিচাপে যোগদান কৰিবলগীয়া জি পি সিঙৰ সুৰক্ষাক লৈ সতৰ্ক হৈ পৰিছে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীটো৷ বৰ্তমান জি পি সিঙক চি আই এছ এফে ৰাজ্য বিশেষে ‘জেদ’ আৰু ‘ৱাই’ কেটেগৰী সুৰক্ষা প্ৰদান কৰি আহিছে যদিও এই সুৰক্ষাৰ দায়িত্ব চি আৰ পি এফ নিজৰ হাতলৈ হস্তান্তৰ কৰাৰ বাবে গৃহ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে৷ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীটোৱে দেওবাৰে গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা পত্ৰখনত ভি আই পি তথা বিভিন্ন ভাবুকি থকা হাইপ্ৰ’ফাইল ব্যক্তিক চি আৰ পি এফে দিয়া ‘নিশ্চিদ্ৰ নিৰাপত্তা’ৰ দৰেই জি পি সিঙকো বাহিনীটোৱে নিজা সুৰক্ষা প্ৰদানৰ অনুমতি বিচাৰিছে৷ উল্লেখ্য,উগ্ৰপন্থীৰ ভাবুকিৰ বাবেই পূৰ্বে ‘নিয়া’ আৰু এছ পি জিত কৰ্মৰত জি পি সিঙে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে জম্মু-কাশ্মীৰত চিআইএছএফৰ ‘জেদ’ কেটেগৰী সুৰক্ষা লাভ কৰি আহিছিল৷ তদুপৰি দেশৰ আন আন ৰাজ্যসমূহত আইপিএছ বিষয়াজনে লাভ কৰিছিল ‘ৱাই’ কেটেগৰী সুৰক্ষাবেষ্টনী৷ উগ্ৰপন্থী সংগঠনৰ পৰা লাভ কৰা ভাবুকি বাবেই জি পি সিঙক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এনে কটকটীয়া সুৰক্ষা প্ৰদান কৰিছিল৷ এইবাৰ চিআৰপিএফৰ মুৰব্বীৰ দায়িত্ব ল’বলৈ সাজু হোৱা সিঙক এতিয়া নিজৰ বাহিনীটোৰ দ্বাৰা ‘বিশেষ’ সুৰক্ষা প্ৰদানৰ বাবে অনুমতি বিচাৰি দেওবাৰে গৃহ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে৷