Logo
image

৩ দিনজুৰি মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰিব পৌৰ নিগমে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জানুৱাৰীঃ তিনিদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপন কৰা হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন৷ ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ উদ্‌যাপন কৰা হ’ব মুখ্যমন্ত্ৰী শৰ্মাৰ জন্মদিন৷ গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত উদ্‌যাপন হ’ব মুখ্যমন্ত্ৰীৰ জন্মদিন৷ সোমবাৰে এখন সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই৷ সংবাদমেলত গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰা কাৰ্যসূচী ব্যাখ্যা কৰি মেয়ৰ শৰণীয়াই কয়–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে  ৩০ জানুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ সকলো বজাৰ আৰু ৰাজহুৱা শৌচাগাৰ সমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান চলিব৷ ৩১ জানুৱাৰীৰ দিনা গুৱাহাটী মহানগৰীস্থিত সকলো মহান ব্যক্তিৰ প্ৰতিমূৰ্তি পৰিষ্কাৰ কৰি গুৱাহাটীৰ পৌৰ নিগমৰ পাৰিষদ তথা বিষয়াসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ ৰ ফেব্ৰুৱাৰীৰ দিনা ৰাজহুৱা ধৰ্মীয় স্থানসমূহত গছপুলি ৰোপণৰ লগতে স্বচ্ছতা অভিযানৰ আয়োজন কৰা হ’ব৷ তিনিদিনীয়া স্বচ্ছতা অভিযানৰ অন্তত গুৱাহাটী পৌৰ নিগমৰ ছয়টা সংমণ্ডলতে গুৱাহাটী পৌৰ নিগম চাফাই কৰ্মীসকলৰ সৈতে বাৰ্তালাপৰ লগতে দুপৰীয়া আহাৰ ব্যৱস্থা কৰা হ’ব৷


সংশ্লিষ্ট ৱাৰ্ডৰ পাৰিষদৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ সকলো বিষয়াৰ উপস্থিতিত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হ’ব৷ গৃহ নিৰ্মাণৰ অনুমতিপত্ৰ আৰু পৰৱৰ্তী সেই নিৰ্মিত গৃহৰ দখলৰ প্ৰমাণ পত্ৰ নিয়মীয়াকৰণৰ সংক্ৰান্ত ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে এটা বিশেষ শিবিৰ আয়োজন কৰা হ’ব৷ এই শিবিৰত নিয়মীয়াকৰণৰ আবেদনসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ সংবাদমেলত তেওঁ আৰু কয়–মিছন ফ্লাড ফ্ৰিৰ অধীনত পৰিষ্কাৰ কৰা হ’ব ভৰলু৷ গুৱাহাটীক স্বচ্ছ আৰু জাৱৰমুক্ত কৰাৰ লক্ষ্যৰে ২০২৪ চনৰ ১৪ ডিচেম্বৰৰ পৰা ৩ মহীয়াকৈ লোৱা হৈছে মিছন ফ্লাড ফ্ৰি কাৰ্যসূচী৷ এই অভিযানৰ অধীনত ৭৪০ কিলোমিটাৰ দৈৰ্ঘ্যপথ আৰু ৩৪০ কিলোমিটাৰ দৈৰ্ঘৰ নলা পৰিষ্কাৰ কৰা হৈছে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ জন্মদিন উপলক্ষে গছপুলি ৰোপন আৰু ৬ টাকৈ স্থানত প্ৰীতি ভোজনৰো আয়োজন কৰা হ’ব বুলি মেয়ৰজনে সংবাদমেলত সদৰি কৰে৷