পদ্মভূষণ যতীন গোস্বামীৰ ঘৰলৈ গৈ সত্ৰীয়া নৃত্য সন্দৰ্ভত পৰামৰ্শ ল’লে মুখ্যমন্ত্ৰীয়ে
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৭ জানুৱাৰীঃ ৰাজ্যক নতুন গৌৰৱেৰে সমৃদ্ধ কৰি শেহতীয়াকৈ দেশৰ অন্যতম শীৰ্ষ অসামৰিক সন্মান পদ্মভূষণেৰে বিভূষিত বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক, নৃত্যাচাৰ্য যতীন গোস্বামীৰ গুৱাহাটীৰ নুনমাটিৰ আনন্দ নগৰস্থিত বাসগৃহত সোমবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পদ্মভূষণেৰে বিভূষিত সত্ৰীয়া সংস্কৃতিৰ সাধক, নৃত্যাচাৰ্য গোস্বামীক সাক্ষাৎ কৰাৰ লগতে তেওঁ লাভ কৰা স্বীকৃতিৰ বাবে ৰাজ্যবাসীৰ হৈ অভিনন্দন জ্ঞাপন কৰে৷ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়- ৯২ বছৰ বয়সতো বন্দীত নৃত্যশিল্পী গৰাকীৰ উৎসাহ আৰু সত্ৰীয়া সংস্কৃতিৰ নিৰালস্য সাধনাই সমাজলৈ একাত্মতাৰ নতুন উদাহৰণ দাঙি ধৰিছে৷ তেওঁ লাভ কৰা স্বীকৃতিয়ে নিশ্চিতভাৱে সত্ৰীয়া নৃত্যৰ বিশ্বমুখী যাত্ৰাপথৰ সাৰথি হ’ব৷ পদ্মভূষণ সন্মান লাভ কৰা হয়তো অসমৰ প্ৰথমজন জীৱিত ব্যক্তি সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামী৷ অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ পিছত যতীন গোস্বামীক পদ্মভূষণ দিয়াতো অসমীয়াৰ বাবে গৌৰৱৰ বিষয়৷ সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীয়ে কেইটামান পৰামৰ্শ দিছে সেইকেইটা পৰামৰ্শ গ্ৰহণ কৰিছো৷ উল্লেখ্য, মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীয়ে সত্ৰীয়া নৃত্যৰ প্ৰচাৰৰ বাবে কেইটামান ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক পৰামৰ্শ আগবঢ়ায়৷
এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ভিন্ন ভৌগোলিক এলেকাৰ লোকৰ মাজত একতাৰ সেতু হিচাপে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে পদক্ষেপ ৰূপায়ণৰ আশ্বাস প্ৰদান কৰে৷ লগতে সত্ৰীয়া নৃত্যই যাতে দেশ, বিদেশত আৰু অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব পাৰে সেই দিশত যথাসম্ভৱ সকলো প্ৰচেষ্টা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁক আশ্বাস প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে অসমৰ সম্পদ স্বৰূপ যতীন গোস্বামী সু-স্বাস্থ্য আৰু দীৰ্ঘ কৰ্মময় জীৱনৰ কামনা কৰে৷ আনহাতে পদ্মভূষণেৰে বিভূষিত সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীয়ে এই সম্পৰ্কে সংবাদ মাধ্যমক কয়- মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি মোক সাক্ষাৎ কৰিলে৷ এখন চেলেং চাদৰ আৰু ফুলাম গমোছাৰে সম্বদ্ধৰ্না জনালে৷ মোৰ পৰা সত্ৰীয়া নৃত্য সম্পৰ্কে কিছু পৰামৰ্শ ললে৷ মই চৰকাৰখনক তিনিটা পৰামৰ্শ দিলো৷ সেই পৰামৰ্শ কেইটা হ’ল - অসমত প্ৰতি বছৰে সত্ৰীয়া নৃত্যৰ এখন কৰ্মশালা অনুষ্ঠিত কৰা৷ য’ত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰাৰ সুবিধা থাকে৷ দ্বিতীয়তে সত্ৰীয়া সংস্কৃতি বিষয়ক এখন ইংৰাজী ভাষাৰ গ্ৰন্থ প্ৰকাশ কৰা, তৃতীয়তে সত্ৰীয়া নৃত্যৰ কৰ্মশালাত বাহিৰৰ অংশগ্ৰহণকাৰীসকলক থকা খোৱাৰ সু-ব্যৱস্থা কৰি দিয়া৷ এই আটাইকেইটা পৰামৰ্শ মুখ্যমন্ত্ৰীগৰাকীয়ে যোগাত্মক দৃষ্টিভংগীৰে লৈছে৷ আশা কৰিছো চৰকাৰে এই পৰামৰ্শ কেইটা শীঘ্ৰে ৰূপায়ণ কৰিব৷’






