Logo
image

ডিব্ৰুগড় হ’ব ৰাজ্যৰ দ্বিতীয় ৰাজধানী

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৭ জানুৱাৰীঃ ৰাজ্যৰ ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰীয়ে৷ উজনিৰ অন্যতম বাণিজ্যিক চহৰ ডিব্ৰুগড়ত দ্বিতীয়খন পৌৰ নিগম আৰু মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰাৰ পাছতে ৭৬ সংখ্যক গণৰাজ্য দিৱসতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰিলে দেশৰ ৰাষ্ট্ৰীয় পতাকা৷ ডিব্ৰুগড়ৰ খনিকৰ ৰাজহুৱা খেলপথাৰত কালি উপস্থিত হৈ স্বাধীনতা আন্দোলনৰ সেনানীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা৷ সেইসময়তে হেলিকপ্টাৰৰ জৰিয়তে আকাশমাৰ্গৰ পৰা বৰষিল পুষ্পবৃষ্টি৷ ইয়াৰ পাছতে সামৰিক বাহিনীয়ে প্ৰদৰ্শন কৰা কুচ-কাৱাজ, বিভিন্ন চৰকাৰী বিভাগসমূহে প্ৰতীকপট প্ৰদৰ্শন কৰে৷ এই অনুষ্ঠানতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিৱ ৰবি কোটা, ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং, মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ আনহাতে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই পতাকা উত্তোলন কৰাৰ পাছতে প্ৰদান কৰা ভাষণত কয়, ডিব্ৰুগড় চহৰ বৰ্ধিতৰ প্ৰতি গুৰুত্ব ৰাখি ৰাজ্য চৰকাৰে ইতিমধ্যে পৌৰসভাক দ্বিতীয় পৌৰ নিগম হিচাপে ঘোষণা কৰিছে৷ এই ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিকভিত্তিত আয়োজন কৰা গণৰাজ্য দিৱসত উপস্থিত থাকিবলৈ সৌভাগ্যৱান অনুভৱ কৰা বুলি মন্তব্য কৰে৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ১৯৫০ চনৰ আজিৰ দিনটোতে আমাৰ দেশ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ পৰিণত হৈছিল৷ সেই সময়ৰ পৰা আধুনিক ভাৰতবৰ্ষ নিৰ্মাণ, আৰু গণতান্ত্ৰিক প্ৰমূল্যৰে দেশখনক আগুৱাই দিয়াত এক অনন্য মাৰ্গদৰ্শক হিচাপে ভাৰতৰ সংবিধানে যুগান্তকাৰী ভূমিকা পালন কৰি আহিছে৷ সমতা আৰু সামাজিক ন্যায়ৰ বাবে ভাৰতীয় সকলৰ সুদুৰপ্ৰসাৰী সংগ্ৰামৰ উৎকৃষ্ট ফচল হৈছে দেশৰ এই সংবিধান৷ ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক জীৱন পৰিক্ৰমাত বাবা চাহেব আম্বেদকাৰৰ নাম চিৰ যুগমীয়া হৈ আছে ভাৰতৰ সংবিধানৰ মূল ৰূপকাৰ হিচাপে৷ সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি আছিল যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ৷ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত কৰা ২৯৬ জন সদস্যৰ তালিকাত আম্বেদকাৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল৷ পূৰ্ববংগ দলিত নেতা যোগেন্দ্ৰনাথ মণ্ডলে নিজৰ স্থানত আম্বেদকাৰৰ নাম প্ৰস্তাৱ কৰাৰ পিছতহে তেওঁ এই ঐতিহাসিক পদক্ষেপৰ অংশ হ’বলৈ সুযোগ পাইছিল৷ আম্বেদকাৰৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত পণ্ডিত নেহৰুৱে উল্লেখ কৰা বাক্য আজি মোৰ মনলৈ আহিছে৷ পণ্ডিত নেহৰুৱে কৈছিল,  ট্ৰাবল মেকাৰ বা অশান্তি সৃষ্টিকাৰী বুলি আম্বেদকাৰক তেওঁ বাহিৰত ৰাখিবলৈ চেষ্টা কৰিছিল৷ নেহৰুৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সভাপতি হিচাপে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ চাৰ আইনবৰ জেনিউইংছৰ নাম প্ৰস্তাৱ কৰিছিল৷ মহাত্মা গান্ধীয়ে আম্বেদকাৰৰ ব্যতিক্ৰমী মেধা আৰু সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰি নেহৰুৰ মতৰ বিপৰীতে অৱস্থান কৰে৷ গান্ধীৰ এই সিদ্ধান্তৰ সাৰ্থকতা প্ৰমাণ কৰি আম্বেদকাৰৰ নেতৃত্বত ন্যায়, সমতা আৰু ভাতৃত্ববোধেৰে প্ৰতিষ্ঠিত এখন সংবিধান আজি আমাৰ দেশে লাভ কৰিলে৷ আম্বেদকাৰৰ প্ৰচেষ্টাত ভাৰতীয় সংবিধানক আজি সংকীৰ্ণতাৰ উৰ্ধৰ, উদাৰ সমাজৰ পৃষ্ঠপোষক, এখন দলিলৰূপে লাভ কৰিছোঁ৷ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত হোৱা ১৭ নম্বৰ অনুচ্ছেদটোৱে আমাক এখন উদাৰমনা সংবিধান উপহাৰ দিছে৷ এই অনুচ্ছেদে ভাৰতীয় সমাজৰ অস্পৃশ্যতা কৰি সমুলঞ্চে নস্যাৎ কৰি সমতাৰ দাৰ্শনিক দৃষ্টিভংগীক সুনিৰ্দিষ্ট আইনী ব্যৱস্থালৈ ৰূপান্তৰ কৰিলে৷ আম্বেদকাৰে ন্যায় আৰু সমতাৰ নীতি সংবিধানত সন্নিৱিষ্ট কৰি এই যুঁজখনক প্ৰতিষ্ঠানিক ৰূপ দিবলৈ সক্ষম হৈছে৷ ১৯৭৫ চনৰ ২৫ জুনত ভাৰতৰ সংবিধানৰ মূল আত্মাক হত্যা কৰি আমাৰ ৰাষ্ট্ৰত জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছিল৷ জৰুৰী অৱস্থাৰ সময়ৰ ক্ষণটোক বাদ দি সমগ্ৰ সময়ছোৱাতে ভাৰতবৰ্ষৰ চৰকাৰসমূহে আমাৰ দেশৰ সংবিধানৰ মূল আধাৰক উত্তৰৰ দিশে লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰি আহিছে৷ আজিৰ এই দিনটোত আকৌ আমি প্ৰতিশ্ৰুতিবদ্ধ যে ভাৰতীয় সংবিধানত জৰুৰী অৱস্থাৰ দৰে তমসা পূৰ্ণ দিনবোৰলৈ আমি কেতিয়াও লৈ যাবলৈ নিদিওঁ৷ সংবিধানৰ আধাৰত দেশৰ গণতন্ত্ৰ আমি আকৌ এবাৰ প্ৰতিষ্ঠা কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ কৰাৰ অৰুণোদয় যাত্ৰাৰ সকলোৱে সমভাগী হম৷ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক আমি এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰিত কৰিম৷ ২০২৪ বৰ্ষত আমাৰ মাতৃভাষা অসমীয়া ভাষাক কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষা মৰ্যাদা দি গৰিমামণ্ডিত কৰিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত এই সময়ছোৱাত চৰাইদেউ মৈদামক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিলে৷ আমাৰ বিহুৱে গীনিছ বুক অৱ ৰেকৰ্ডত স্থান পালে৷ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিয়ে ভাৰতবৰ্ষৰ ভিতৰতে উচ্চস্তৰৰ প্ৰতিমূৰ্তি হিচাপে স্থান পালে৷ ইফালে বন্দুক-বাৰুদৰ যুগৰ অৱসান ঘটাই টাটাৰ ছেমিকণ্ডাক্টৰৰ প্ৰকল্পই অসমক আধুনিক আৰু এক মহান ৰাজ্যলৈ ৰূপান্তৰ কৰিলে বুলি উল্লেখ কৰি কয়, ২৭ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া আৰু ২০২৫ চনৰ নৱেম্বৰ মাহত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৪৭ মিলিয়ন চিপছ অসমৰ পৰা ৰপ্তানি কৰাৰ সংকল্পৰে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত এক আধুনিক যুগৰ সূচনা কৰিলে৷ আনহাতে অসমত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ‘এডভাণ্টেজ আসাম’ দ্বিতীয় সন্মিলন অনুষ্ঠিত হ’ব৷ এই এডভাণ্টেজ আসামৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক নতুন দিগন্তলৈ লৈ যোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি কয়, আমাৰ ৰাজ্যত আন্তঃগাঁথনি উন্নয়ন ইলেকট্ৰনিকছ আৰু ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতকৰণ, নবীকৰণযোগ্য শক্তি আৰু হাইড্ৰকাৰ্বন, পৰ্যটন, ফুড এণ্ড বিভাৰেজ, প্ৰেগনেণ্টছ এণ্ড ফ্লেভাৰ তথা পৰিবহণ আৰু লজিষ্টিক আদি এই আঠটা খণ্ডত আমাৰ ৰাজ্যখনক ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ এক নতুন নৱ-তাৰকা হিচাপে উন্মেষিত কৰিবলৈ প্ৰচেষ্টা চলাইছোঁ৷ যোৱা দুটা মাহত ভূটান, জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণ কৰি বিনিয়োগৰ ক্ষেত্ৰত অসমে আগবঢ়োৱা সা-সুবিধা বিশ্বৰ মঞ্চলৈ লৈ যোৱাৰ প্ৰয়াস আৰম্ভ কৰিছিলোঁ৷ অসমত বিদেশী বিনিয়োগৰ পথ প্ৰশস্ত কৰিবলৈ এক শৃংখলিত কাৰ্যসূচীৰে আগবাঢ়ি যাব বিচাৰিছোঁ৷ ইয়াৰ ফলত ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সফল হ’ব পাৰিম৷ ডিব্ৰুগড় হ’ব ৰাজ্যৰ দ্বিতীয় ৰাজধানীসদৃশ৷ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পাছতে ডিব্ৰুগড়ত নিৰ্মাণ হ’ব অসম বিধানসভাৰ ভৱন৷ ২০২৬ চনৰ ২৫ জানুৱাৰীত আৰম্ভ হ’ব অসম বিধানসভাৰ ভৱন নিৰ্মাণকাৰ্য৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ ভাষণত এই কথা ঘোষণা কৰে৷ অসম বিধানসভাৰ ভৱনৰ লগতে চৌহদ আৰু বিধায়কৰ আৱাস নিৰ্মাণ হ’ব৷ বিধানসভাৰ ভৱন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে বছৰেকৰ মূৰত ডিব্ৰুগড়ত এবাৰকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন৷ মুখ্যমন্ত্ৰীয়ে কয়, নগৰীকৰণৰ অবিহনে এখন ৰাজ্য কেতিয়াও অৰ্থনৈতিক দ্ৰুতগতিলৈ আগুৱাই যাব নোৱাৰে৷ গুৱাহাটীৰ পাছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰক দ্ৰুত নগৰীকৰণৰ প্ৰচেষ্টা হাতত লৈছোঁ৷ ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে তিনি বছৰৰ ভিতৰত ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰূপে লৈ যাব বিচাৰিছোঁ৷ তেজপুৰত ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানী পৰিচয়েৰে উদ্ভাসিত কৰিব বিচাৰিছোঁ৷ শিলচৰত এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় নিৰ্মাণ কৰি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ দূৰত্ব হ্ৰাস কৰি অসমক এক ৰাজ্যলৈ লৈ যাব বিচাৰিছোঁ৷ তদুপৰি, মাজুলী-যোৰহাটত দলং, নুমলিগড় আৰু গহপুৰৰ মাজত আণ্ডাৰৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিড’ৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেঙ্গী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰী দলং নিৰ্মাণেৰে বাংলাদেশ, অসম, ভূটানৰ মাজত আমি ইকনমিক কৰিড’ৰ নিৰ্মাণৰ দৰে দূৰগামী পদক্ষেপ হাতত লৈছোঁ৷ শিলচৰ আৰু গুৱাহাটীৰ দূৰত্ব ৫ ঘণ্টালৈ কমাই আনি এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণৰ পৰিকল্পনা এই বছৰৰ ভিতৰতে বাস্তৱত ৰূপায়িত কৰা হ’ব৷ ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা ৮ ঘণ্টাৰ দূৰত্ব ৫ ৰ পৰা ৬ ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ আঁচনি৷ অসমত নতুন ১০খন বিশ্ববিদ্যালয় অহা এপ্ৰিল মাহৰ ভিতৰত নিৰ্মাণ হ’ব৷ ২০খন বিশ্ববিদ্যালয়, ২৪খন চিকিৎসা মহাবিদ্যালয়, দুখন সৈনিক স্কুল, ২৬ খন অভিযান্ত্ৰিক মহাবিদ্যালয়েৰে অসমে শৈক্ষিক কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হ’বলৈ আগবাঢ়িছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ইফালে আই আই টি, নেশ্যনেল ফৰেন ছাইন্স ইউনিভাৰ্চিটী, এইমছৰ পাছত এইবছৰতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টেও অসমত নিজৰ সূৰ্যোদয় যাত্ৰা আৰম্ভণি কৰিব বুলি উল্লেখ কৰে৷ ডেৰলাখ নিযুক্তিৰ পাছত এইবছৰতে ৫০ হাজাৰ নতুন নিযুক্তি, চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লোৱাসকলৰ বাবে ২ লাখ যুৱকক ২ লাখ টকাকৈ ঋণ আৰু সাহায্য প্ৰদান, আত্মনিৰ্ভৰশীল হ’ব খোজা যুৱক-যুৱতী সকলৰ বাবে ডিপাৰ্টমেণ্ট অৱ ষ্টাৰ্টআপ গঠন হ’ব, মুখ্যমন্ত্ৰী উদ্যমিতাৰ জৰিয়তে এই বছৰত ২৯ লাখ মহিলাক ১০ হাজাৰকৈ সাহায্য, পৰৱৰ্তী সময়ত ২৫ হাজাৰ টকাকৈ ৰাজসাহায্য বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত ৰ লাখ টকালৈকে বেংকৰ ঋণ প্ৰদান কৰিব ৰাজ্য চৰকাৰে৷ অৰুণোদয় আঁচনিক ত্বৰান্বিত কৰিবলৈ এইবছৰত হিতাধিকাৰীৰ সংখ্যা ২৬ লাখৰ পৰা ৪০ লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ এইবছৰত ৬ লাখ নতুন আৱাস নিৰ্মাণৰ লগতে অহা বছৰৰ ভিতৰত আৰু ৪ লাখলৈ বৃদ্ধি কৰি দহ লাখ নতুন আৱাসৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ দৰিদ্ৰ শ্ৰেণীৰ বাবে এই বছৰৰ পৰা ৰেছন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল, সূলভ মূল্যত দাইল আৰু চেনি যোগান ব্যৱস্থা আৰম্ভ হ’ব৷ এই বছৰৰ পৰা দবা খেলক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব৷ ৰাজ্যৰ এডুকেশ্যনেল কেৰিকুলামত দবা খেলক প্ৰতিষ্ঠানিক ৰূপ দিবলৈ সিদ্ধান্ত লৈছে চৰকাৰে৷ আনহাতে চৰকাৰী কৰ্মচাৰীক নৱেম্বৰ মাহত দৰমহাৰ লগত ১০০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ এই ১০০০ টকাৰে নতুন নতুন কিতাপ ক্ৰয় কৰিব লাগিব চৰকাৰী কৰ্মচাৰী সকলে৷ ১ এপ্ৰিলৰ পৰা অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন পেঞ্চন নীতিৰ সামৰণি মাৰি ইউনিনাইটেড পেঞ্চন স্কীম আৰম্ভ কৰিব চৰকাৰে৷ ২৫ বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে ৫০ শতাংশ চাকৰিকালৰ দৰমহা আৰু ৫০ শতাংশ ডিয়াৰনেঞ্চ এলাউঞ্চৰ সৈতে লাভ কৰিব৷ ২০০৫ চনৰ আগত নিযুক্তি পোৱা কৰ্মচাৰীসকলে পুৰণা পেঞ্চন নীতিৰ আওতাত অন্তৰ্ভুক্ত হ’ব৷ ২০০৬ চনৰ আগত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয় আৰু বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰিব চৰকাৰে৷ আশা-অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীৰ দৰমহা বৃদ্ধি পাব৷ ২৪ ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড গঢ়াৰ পাছত এইবছৰৰ ভিতৰতে ১০ লাখ শিল্পীৰে বাগৰুম্বাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্ম আৰু জীৱনক বিশ্ব দৰবাৰত পৰিচিত কৰিবলৈ চৰকাৰে ভাৰতৰ প্ৰতিটো ভাষাত গ্ৰন্থ প্ৰণয়ন কৰিব৷ অসমৰ প্ৰতিটো নামঘৰ আৰু উপাসনা থলীলৈ তিনি লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব৷ উদাসীন ভকতসকলক মাহে ১৫০০ টকাকৈ আগবঢ়াব চৰকাৰে৷ চাহ বাগিচা গ্ৰাণ্টত বাস কৰি থকাসকলৰ বাবে মিছন বসুন্ধৰাৰ আবেদনৰ ম্যাদ ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে৷ গুৱাহাটীত একেলগে ৫ হাজাৰ লোক বহিব পৰা জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ, ডিব্ৰুগড়ত ১২০০ লোক বহিব পৰা নতুন প্ৰেক্ষাগৃহ আদি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷


ডিব্ৰুগড়ত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ ডিব্ৰুগড় জিলাত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা কৰি মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কালি বিয়লি ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সম্মুখত মানকটা পথত আয়োজিত এক অনুষ্ঠানত চাৰিখনকৈ উৰণ সেতুৰ শিলান্যাস কৰে৷ মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত ১৫৮ কোটি ব্যয় সাপেক্ষ আমোলাপট্টী চাৰিআলি উৰণ সেতু, ৮৪ কোটি টকা ব্যয় সাপেক্ষ মানকটা পথ উৰণ সেতু, ৭২ কোটি টকা ব্যয় সাপেক্ষ লাহোৱাল-বৰডুবি-তিনিচুকীয়া পথ আৰু ৩৭ নং পুৰণি ঘাইপথৰ সংযোগস্থল উৰণ সেতু আৰু ৬২ কোটি টকা ব্যয় সাপেক্ষে লেজাই কলাখোৱা পথ উৰণ সেতুৰ আনুষ্ঠানিকভাৱে শিলান্যাস কৰে৷ এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ডিব্ৰুগড় জিলাৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ জিলাখনৰ উন্নয়ন আৰু বিকাশৰ এই ধাৰা অব্যাহত ৰাখি ডিব্ৰুগড়ৰ মহানগৰত চাৰিখনকৈ উৰণ সেতুৰ শিলান্যাস কৰা হৈছে৷ ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেটত এই সন্দৰ্ভত লোৱা সিদ্ধান্ত বাস্তৱায়িত কৰাৰ দিশত এয়া এক বৃহৎ পদক্ষেপ বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ডিব্ৰুগড় মহানগৰকে ধৰি জিলাখনৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ যান-জঁটৰ সমস্যা লাঘৱ হোৱাকৈ কেইবাখনো উৰণ সেতু নিৰ্মাণৰ পৰিকল্পনা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে৷ তেওঁ পুনৰাই কয় যে ডিব্ৰুগড় চহৰৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে লোকনিৰ্মাণ বিভাগে ইতিমধ্যে আমোলাপট্টী দিশৰ কনভয় ৰোড আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল বৈৰাগীমঠত এখন উৰণ সেতুৰ নিৰ্মাণকাৰ্য বৰ্তমানে অব্যাহত ৰাখিছে৷ সৰ্বমুঠ ৭৪২ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুৰ কাম ইতিমধ্যে ৮৩  শতাংশ সম্পূৰ্ণ হৈছে আৰু অহা ব’হাগ বিহুৰ সময়ছোৱাত উৰণ সেতুখন ৰাইজৰ বাবে উৎসৰ্গা কৰা হ’ব বুলিও তেওঁ কয়৷ ৰাজধানী মহানগৰ গুৱাহাটীৰ বিকাশৰ লগতে সমগ্ৰ ৰাজ্যখনতে সমভাৱে উন্নয়নৰ দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাট-ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কাম দ্ৰুতগতিত চলি আছে আৰু ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এই কাম সম্পূৰ্ণ হৈ উঠিব৷ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজৰ যাতায়াতৰ দূৰত্ব ৮ ঘণ্টাৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰাৰ বাবে এটা বিকল্প পথ নিৰ্মাণৰ বিষয়টো ৰাজ্য চৰকাৰৰ বিবেচনাধীন হৈ আছে বুলিও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়৷ ২০২৭ চনত অসম বিধানসভাৰ অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই উদ্দেশ্যে আন্তঃগাঁথনি উন্নীতকৰণ, বিধায়কৰ আৱাসগৃহ নিৰ্মাণ, অসম বিধানসভাৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ সচিবালয় সম্প্ৰসাৰণ কৰা হ’ব৷ এই অনুষ্ঠানত শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, বিধায়ক চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, তৰংগ গগৈ আৰু পোণাকন বৰুৱাৰ উপৰি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷ ইফালে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ বিশেষ উপলক্ষত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ জিলা প্ৰশাসনে আয়োজন কৰা ‘হাই টী’ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে কথোপকথন কৰে আৰু বিভিন্ন বিষয়ত তেওঁলোকৰ মতামত গ্ৰহণ কৰে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলাৰ শতিকা গৰকা ঐতিহ্যমণ্ডিত পল্টন বজাৰ ৰাজহুৱা নামঘৰত আয়োজন কৰা সাতদিনীয়া অখণ্ড ভাগৱত পাঠৰ অনুষ্ঠানতো সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে নামঘৰত চাকি-বন্তি জ্বলাই সেৱা-অৰ্চনা কৰাৰ লগতে ভাগৱত পাঠ শ্ৰৱণ কৰে৷ তদুপৰি, তেওঁ নামঘৰত উপস্থিত ভকত-বৈষ্ণৱৰ সৈতেও মত-বিনিময় কৰে আৰু প্ৰসাদ গ্ৰহণ কৰে৷ এই উপলক্ষত বিধায়ক সুশান্ত বৰগোহাঁই আৰু তৰংগ গগৈকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷