
লুইতৰ তলেৰে সুৰংগ নিৰ্মাণৰ বাবে গহপুৰত জৰীপ আৰম্ভ
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জানুৱাৰীঃ বিশ্বনাথ জিলাৰ গহপুৰ আৰু গোলাঘাট জিলাৰ নুমলীগড়ক সংযোগ কৰি লুইতৰ তলেৰে দেশৰ দীৰ্ঘতম সুৰংগ পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰা হৈছে৷ এই প্ৰকল্পৰ বাবে ইতিমধ্যে গহপুৰত জৰীপ আৰম্ভ কৰা হৈছে৷ সূত্ৰ অনুসৰি, গহপুৰৰ বাদলপথাৰ আৰু নুমলীগড়ৰ সমীপৰ এলামী চাপৰিৰ মাজত নিৰ্মাণ কৰিবলগীয়া এই সুৰংগই গহপুৰৰ ১১ খন গাঁও আৰু নুমলীগড়ৰ সাতখন গাঁৱক স্পৰ্শ কৰিব৷ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই সুৰংগ টোৱেই ৰাজ্যখনত ভুগৰ্ভস্থ প্ৰথমটো সুৰংগ হিচাপে পৰিগণিত হ’ব৷ এই প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰায় ৬০০০ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অলপতে প্ৰকাশ কৰিছিল৷ মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকীৰৰ সৈতে এই প্ৰকল্পৰ বিষয়ে আলোচনা কৰা বুলিও প্ৰকাশ কৰিছিল৷ এই প্ৰকল্পৰ বাবে সম্প্ৰতি ৰাজহ, লোকনিৰ্মাণ (গৃহ), বন আৰু কৃষি বিভাগে গহপুৰত জৰীপৰ কাম আৰম্ভ কৰিছে৷ এই প্ৰকল্পৰ বাবে মুঠ ৫২০ টা পৰিয়াল স্থানান্তৰিত হ’ব বুলিও জানিব পৰা গৈছে৷ এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ বাবে ইতিমধ্যে মাৰ্কিং কৰা হৈছে৷ প্ৰকল্পটো সম্পূৰ্ণ হ’বলৈ সাতৰ পৰা দহ বছৰ পৰ্যন্ত দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব৷ সূত্ৰ অনুসৰি এই প্ৰকল্পৰ ডিপিআৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে নিয়োগ কৰা য়ুকচেল প্ৰজেক্ট এন’নিম চিৰকেটি-লুই বাৰ্জাৰে এই প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছে৷
এই প্ৰতিবেদনৰ কাৰিকৰী দিশসমূহ পৰীক্ষা কৰি থকা হৈছে বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য, ২০১৯ চনতে এই প্ৰকল্পৰ বাবে জৰীপ আৰম্ভ হৈছিল যদিও কাৰিকৰী কাৰণত ২০২১ চনত জৰীপ বন্ধ হৈ পৰিছিল৷ শেহতীয়াকৈ জৰীপ আৰম্ভ হোৱাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ যোগাযোগৰ ক্ষেত্ৰত এক নতুন সংযোজন হ’ব বুলি একাংশই মন্তব্য কৰিছে৷ মাত্ৰ ৩০ মিনিটতে নুমলীগড় আৰু গহপুৰক সংযোগ কৰিবলগীয়া এই সুৰংগই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰক যোগাযোগৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন আনিব বুলি তেওঁলোকে আশা কৰিছে৷ এই সুৰংগই অৰ্থনৈতিক ক্ষেত্ৰতো প্ৰভাৱ পেলাব৷ ইফালে ৫২০ টা পৰিয়াল স্থানান্তৰকৰণক একাংশই সহজভাৱে ল’ব পৰা নাই৷