Logo
image

মহাকুম্ভত হাহাকাৰঃ পদপিষ্ট হৈ হাইলাকান্দিৰ ব্যৱসায়ীৰ মৃত্যু

'আমাৰ অসম'ৰ হাইলাকান্দিৰ প্ৰতিনিধি, ২৯ জানুৱাৰীঃ মঙলবাৰে নিশা প্ৰয়াগৰাজত মহাকুম্ভ মেলাত সংঘটিত হয় এক ভয়ংকৰ আৰু হৃদয়বিদাৰক ঘটনা। মৌনী অমাৱস্যাৰ নিশা উপলক্ষে লাখ লাখ ভক্তই একেলগে পবিত্ৰ স্নান কৰাৰ সময়তে পদপিষ্ট হৈ বহু তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱায়। এই মর্মান্তিক ঘটনাৰ বলি হ'ল হাইলাকান্দিৰ বিশিষ্ট ব্যৱসায়ী নিতী পাল।

হাইলাকান্দিৰ বিখ্যাত মিঠাই বিপণি ওঁম ছুইটছ’ৰ স্বত্বাধিকাৰী নিতী পাল বহুদিনৰ পৰা ধর্মীয় ভ্ৰমণত আগ্ৰহী আছিল। তেওঁ এইবাৰ নিজৰ পৰিয়াল আৰু আত্মীয়ৰ সৈতে কুম্ভমেলাত অংশগ্ৰহণ কৰিবলৈ প্ৰয়াগৰাজলৈ যায়। ২৮ জানুৱাৰীৰ নিশা মৌনী অমাৱস্যাৰ পবিত্ৰ স্নানৰ বাবে লক্ষাধিক ভক্তৰ সৈতে তেওঁ স্নান কৰিবলৈ যায়। কিন্তু স্নানৰ পূৰ্বে হোৱা ভয়ংকৰ পদপিষ্টৰ বলি হয় ৬২ বছৰীয়া নিতী পাল। 



প্ৰত্যক্ষদৰ্শীৰ মতে, নিতী পালে নিজৰ পৰিয়ালৰ লগতে ২২ গৰাকী আত্মীয়ৰ সৈতে একেলগে কুম্ভ মেলালৈ গৈছিল। তেওঁৰ সৈতে আছিল পত্নী গায়ত্ৰী পাল, দুই ভাতৃ তাপস পাল আৰু তৰুণ পাল। নিশাৰ সময়ত স্নানৰ বাবে বহু লোক একেলগে আগবাঢ়ি অহাত এক বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি হয়৷ সংকীর্ণ ঠাইত একেলগে অহা বিপুল সংখ্যক লোকৰ বাবে উপযুক্ত ব্যৱস্থা নথকাৰ ফলত পদপিষ্টৰ সৃষ্টি হয়। বহু লোকে নিশ্বাস লোৱাৰ স্থান নাপাই শ্বাস-প্ৰশ্বাসজনিত সমস্যা অনুভৱ কৰে৷ এই ভয়ংকৰ পৰিস্থিতিত নিতী পালো ভিৰৰ মাজত সোমাই পৰি মৃত্যু মুখত পৰে। 

এই ঘটনাৰ পিছতে প্ৰয়াগৰাজ আৰক্ষী আৰু প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে। বহু আহত লোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। আনহাতে এই ঘটনাত ৩০ জনৰ মৃত্যু নিশ্চিত কৰা হয়৷ বুধবাৰ পুৱা এই খবৰ অহাৰ লগে লগে হাইলাকান্দিত শোকৰ ছাঁ পৰে। নিতী পালৰ পৰিয়ালৰ লোক কান্দোনত ভাগি পৰে। স্থানীয় ৰাইজ আৰু ব্যৱসায়ীক সমাজেও গভীৰ শোক প্ৰকাশ কৰে। ইপিনে আজিৰ এই মৰ্মান্তিক খবৰ পোৱাৰ পিছতে নিতী পালৰ একমাত্ৰ পুত্ৰ শুভ পাল প্ৰয়াগৰাজৰ উদ্দেশ্যে ৰওনা হয়, য'ত তেওঁৰ ন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব পৰিয়ালে।