
পথত বোকা, গোৰেশ্বৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ আলৈ-আথানি
'আমাৰ অসম'ৰ প্ৰতিবেদক, বাইহাটা চাৰিআলি, ২৯ জানুৱাৰীঃ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বুধবাৰে মহানগৰীৰ পৰা গোৰেশ্বৰ নিকটৱৰ্তী পশ্চিম নাওকাটালৈ যোৱাৰ পথত চৰম আলৈ-আথানিৰ সন্মুখীন হ'বলগীয়া হয়৷ বালাপাৰা চুবুৰীত শুক্লাই নৈৰ খহনীয়া ৰোধৰ কামৰ শুভাৰম্ভণি কৰিবলৈ গৈ থকা অৱস্থাত পথৰ দুৰৱস্থাৰ ফলত গোৰেশ্বৰত বোকাত সোমাই আৱদ্ধ হয় তেওঁৰ কনভয়ৰ এখন বলেৰ' বাহন৷ উপায়ন্তৰ হৈ অধ্যক্ষ দৈমাৰীয়ে বলেৰ' বাহনখনৰ চালকৰ আসনত বহি স্থানীয় জনতা আৰু সতীৰ্থৰ সহযোগত বোকাৰ পৰা গাড়ীখন উঠাব লগাত পৰে৷
অৱশ্যে ৰাইজৰ সহযোগত এই অস্বস্তিকৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ হৈ তেওঁ গন্তব্যস্থলীত উপস্থিত হ'বলৈ সক্ষম হয়। পিছত অধ্যক্ষ দৈমাৰীয়ে নিৰ্ধাৰিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজকে ভৱিষ্যৎ নথকা বিধায়ক আখ্যা দিয়ে৷ এই সন্দৰ্ভত তেওঁ কয়, "ভৱিষ্যৎ নোহোৱা বিধায়ক মইয়ে আছোঁ, মোৰ পানেৰী সমষ্টি ভংগ হৈ গৈছে৷ আনহাতে টংলা, ভেৰগাঁও আৰু গোৰেশ্বৰত বিধায়ক নাই, গতিকে মোৰ ভৱিষ্যৎ মই নাজানোঁ।" ইয়াৰোপৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা মতে ছেপ্টেম্বৰত বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'লে সকলোৰে বাবে সুবিধা হ'ব। কোকৰাঝাৰত বিধানসভা অনুষ্ঠিত হোৱা কথাটো বিটিআৰবাসীৰ বাবে সৌভাগ্যৰ কথা।