Logo
image

দৈনিক খেজুৰ খাওক দুগুন উপকাৰ পাব

খেজুৰ বা খেজুৰী এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল৷ খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়৷ খেজুৰত ভিটামিন এ, বি কমপ্লেক্স, ভিটামিন কে, মেগনেছিয়াম, মেংগানিজ, কাৰ্বহাইড্ৰেট, কেলছিয়াম, আইৰণ আদি পোৱা যায়৷ খেজুৰ এবিধ শ্ৰেষ্ঠ এণ্টিঅক্সিডেণ্ট হোৱাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ৰোগ মুক্ত হৈ থকাত সহায় কৰে৷ প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ০.০৯ গ্ৰাম আইৰণ পোৱা যায়৷ গতিকে খেজুৰে শৰীৰত প্ৰয়োজনীয় আয়ৰন যোগান ধৰে৷ খেজুৰ খালে ৰক্তহীনতা দূৰ হয়৷ তদুপৰি খেজুৰত ছডিয়াম, প্ৰটিন, জিংক ফলিক এচিড পোৱা যায়৷ খেজুৰ গছৰ পৰা খেজুৰ ৰসও উলিওৱা হয়৷ যাক তাৰি নামেৰে জনা যায়৷ তাৰি  অতি সুস্বাদু৷ খেজুৰ নিয়মিতভাৱে খাদ্য হিচাপে ব্যৱহাৰ কৰিলে ওজন কমে৷

(১) খেজুৰত গ্লুকজ, চুক্ৰজ আৰু কাৰ্বহাইড্ৰেট প্ৰচুৰ পৰিমাণে থাকে৷ সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়৷ ডায়েবেটিছ ৰোগীয়ে শক্তি আহৰণ বাবে খেজুৰ খাব পাৰে৷ 

(২) খেজুৰত কলেষ্টেৰল নাথাকে৷ এইবিধ খাদ্য সামগ্ৰীত চৰ্বি নামমাত্ৰ থাকে বাবে খেজুৰ খালে তেজত কলেষ্টেৰল বৃদ্ধি নহয়৷ 

(৩) খেজুৰ খালে কোষ্ঠকাঠিন্য আতৰ হয়৷ ৰাতি এগিলাচ গৰমপানীত কেইটামান খেজুৰ তিয়াই ৰাখি পূৱা পানীখিনি খালে শৌচ-প্ৰস্ৰাব খোলোচা হয়৷


(৪) খেজুৰত যথেষ্ট পৰিমাণে পোষক দ্ৰব্য থকাৰ বাবে হাড় আৰু মাংসপেশী মজবুত হয়৷ খেজুৰত থকা কেলছিয়ামে দাত মজবুত কৰে৷ তদুপৰি অষ্টিঅ’ আৰ্থাইটিচ নামৰ বাতবিষৰ পৰা সকাহ পাব পাৰি৷ 

(৫) খেজুৰত ভিটামিন এ থাকে৷ সেয়েহে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আঁতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি  বৃদ্ধি পায়৷ তদুপৰি খেজুৰত থকা লিউটিন নামৰ পদাৰ্থৰ কাৰণে চকুৰ ৰেটিনা সুস্থ্য সবল হয়৷ 

(৬) চৰ্দি-কাহ আৰু পানী লগাত খেজুৰে মহৌষধৰ দৰে কাম কৰে৷ খেজুৰে শ্বাস-প্ৰশ্বাস ৰোগ আতৰ কৰে৷ 

(৭) পাঁচ-ছটা কাঠ বাদামৰ সৈতে যদি এটা খেজুৰ খোৱা হয় তেন্তে বহু পুষ্টিগুণ পোৱা যায়৷