
চীনা ‘ডীপছিক’ অভ্যুত্থানত ছাৰখাৰ মাৰ্কিন এআই সাম্ৰাজ্য
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ জানুৱাৰীঃ নিৰ্বোধৰ দৰে চীনৰ সামগ্ৰীৰ ওপৰত ১০০ শতাংশ শুল্ক লগাই ড’নাল্ড ট্ৰাম্পে চীনা বজাৰ ধবংস কৰাৰ ভাবুকি দি থাকোতেই চীনৰ এটা সামান্য ষ্টাষ্টৰ্আপ কোম্পানীয়ে এটা সস্তীয়া কৃত্ৰিম বুদ্ধিমত্তা বজাৰত মুকলি কৰি দি এদিনতে আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ পৰা ৰ ট্ৰিলিয়ন ডলাৰ ধুই নোহোৱা কৰি দিছে৷ ডীপছীক আৰ-১ নামৰ এটা ‘চাটবট’ মডেল অথবা কৃত্ৰিম বুদ্ধিমত্তাৰ অভূত্থান ঘটাই চীনে নিমিষতে ছাৰখাৰ কৰি দিছে মাৰ্কিন প্ৰযুক্তি দুনিয়াৰ বিশ্বজোৰা আধিপত্য৷ মাথোঁ যোৱা ২০ জানুৱাৰীত আত্মপ্ৰকাশ ঘটাৰ পাছত ২৭ জানুৱাৰীলৈ মূলতঃ মাৰ্কিন আৰু সামগ্ৰিকভাৱে বিশ্বত ডীপছীক আৰ-ৰ নামৰ ‘চাটবট’ মডেলটো আইফোন আৰু এণ্ডৰইড ফোনত যিদৰে আপলোড কৰা হৈছে, তাৰ প্ৰতাপত গ্ৰাহকৰ পৰা দূৰতে বিদূৰ হৈছে অতদিনে কৃত্ৰিম বুদ্ধিমত্তাৰ দুনিয়াত দপদপাই থকা চাটজিপিটি, জেমিনি আৰু ক্লড এআই৷ ডীপছীকে একেদিনাই বিশ্বখ্যাত মাৰ্কিন প্ৰযুক্তিক্ষেত্ৰ ছিলিকন ভেলীত প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি কৰিছে, ছাৰখাৰ কৰি দিছে মাৰ্কিন প্ৰযুক্তি আৰু এনে প্ৰযুক্তিনিৰ্ভৰ শ্বেয়াৰ বজাৰৰ সাম্ৰাজ্য৷ আমেৰিকাত এই মুহূৰ্তত শীতল যুদ্ধৰ দিনৰ ‘স্পুটনিক ক্ৰাইছিছ’ৰ দৰে গণ আতংকৰ সৃষ্টি হৈছে৷ প্ৰযুক্তিৰ দুনিয়াত বিশ্বৰ অবিসম্বাদী বুলি দপদপাই থকা আমেৰিকাৰ মুখত চীনৰ ডীপছীক মাইক টাইছনৰ ঘোচা পৰাৰ দৰে হৈছে৷
কৃত্ৰিম বুদ্ধিমত্তা বুলি ক’লেই অতদিনে সাধাৰণ ম’বাইল গ্ৰাহকৰো অস্ত্ৰ আছিল চাটজিপিটি চাটবট মডেল৷ প্লে-ষ্ট’ৰৰ পৰা অথবা আইঅ’এছৰ পৰা চাটজিপিটি ডাউনলড কৰি ইতিমধ্যে কোনো ভাৰতীয় মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাতে কবিতা লিখি সাধাৰণ লোকক কৃত্ৰিম বুদ্ধিমত্তাৰ জ্ঞান আৰু ব্যৱহাৰ দেখুৱাইছিল৷ অৰ্থাৎ প্ৰযুক্তি নজনা সাধাৰণ গ্ৰাহকৰ হাতৰ মুঠিলৈয়ো আহিছিল চাটজিপিটিৰ দৰে কৃত্ৰিম বুদ্ধিমত্তা বা এ আই৷ কিন্তু লিয়ান ৱেংফেং নামৰ এজন চীনা নাগৰিকে বজাৰলৈ উলিয়াই দিলে চাটজিপিটিতকৈ অধিক বুদ্ধিমত্তাসম্পন্ন আৰু আক্ষৰিক অৰ্থতে বিনামুলীয়া অৰ্থাৎ ‘অপেন ছ’ৰ্ছ ৰিজনিং’ এ আই চাটবট মডেল ডীপছীক আৰ-ৰ৷ আন দেশৰ ম’বাইল গ্ৰাহকৰ কথা বাদেই, ‘ইউজাৰ্ছ ফ্ৰেণ্ডলি’ এই এ আই যোৱা ৭ দিনত যিদৰে মাৰ্কিন গ্ৰাহকে বিনামূলীয়াকৈ পাই পাইকাৰী হাৰত ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই ৰকেটৰ দৰে চীনা এ আইৰ গতিত বহুযোজন দূৰত ৰৈ গ’ল চাটজিপিটি, জেমিনি আৰু ক্লড এ আইৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ মডেল৷ সাতদিনৰ ভিতৰত কোটি কোটিকৈ দৈনিক ব্যৱহাৰকাৰী বৃদ্ধি পোৱাত ডীপছীকে স্বৰূপাৰ্থতে প্ৰযুক্তিৰ দুনিয়াত সৃষ্টি কৰিলে হাৰিকেন৷
ডীপছীক ২০২৩ চনত প্ৰতিষ্ঠা কৰিছিল চীনৰ ৪০ বছৰীয়া প্ৰযুক্তিবিদ লিয়ান ৱেংফেঙে হাংঝৌ চহৰত৷ এয়া আছিল এটা ষ্টাৰ্টআপ কোম্পানী, যাৰ পূৰ্বে কোনো এ আই মডেল তৈয়াৰ কৰাৰ অভিজ্ঞতা নাছিল৷ কিন্তু তেনেই কম সময়তে আৰু তেনেই কম ব্যয় কৰিয়েই ৱেংফেঙৰ কোম্পানীয়ে বজাৰলৈ উলিয়াই দিলে ‘লাৰ্জ লেংগুৱেজ মডেল’ৰ (এল এল এম) এ আই৷ দুই-তিনিটা মডেলৰ পাছত ডীপছীকে যোৱা ২০ জানুৱাৰীত আত্মপ্ৰকাশ ঘটোৱা ডীপছীক আৰ-১ য়ে সম্প্ৰতি প্ৰযুক্তিৰ দুনিয়াত ইয়াৰ অসীম বুদ্ধিমত্তাৰ জৰিয়তে ধুমুহাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ সামগ্ৰিক শ্ৰেষ্ঠত্বৰ দৌৰত প্ৰযুক্তি আৰু কাৰিকৰী দিশত পিছপৰি গৈছে বিশ্ব প্ৰযুক্তিৰ বৃহত্তম গুগল, মেটা, এনথ্ৰ’পিক ইনৰ দৰে অতদিনে শ্ৰেষ্ঠত্ব জাহিৰ কৰি থকা কোম্পানী৷ ডীপছীক তৈয়াৰত ৱেংফেঙে খৰছ কৰিছে মুঠেই ৫৬ লাখ ডলাৰ৷ ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমাণ পাঁচ কোটি টকা৷ আনহাতে, অপেন এ আই চাটজিপিটিৰ বাবে এই পৰ্যন্ত ব্যয় কৰা হৈছে দহ কোটি ডলাৰ৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, আমেৰিকাই চীনক এনভিডিয়া চিপ বিক্ৰী কৰা বন্ধ কৰি দিছিল, যাতে প্ৰযুক্তিৰ দৌৰত চীনে আমেৰিকাক স্পৰ্শ কৰিব নোৱাৰে৷ কিন্তু বিক্ৰী বন্ধৰ পূৰ্বেই লিয়ান ৱেংফেঙে ১০,০০০ এনভিডিয়া চিপ ক্ৰয় কৰিছিল৷ ধাৰণা কৰা হৈছে, সেই এনভিডিয়া চিপৰ জৰিয়তেই ৱেংফেঙৰ এই বাজীমাৎ৷ কোৱা বাহুল্য মাথোঁ, মঙলবাৰে মাৰ্কিন শ্বেয়াৰ বজাৰত ৬০ হাজাৰ কোটি ডলাৰ লোকচান হৈছে এনভিডিয়াৰ৷ ইতিহাসত ইয়াৰ পূৰ্বে ইমান বিশাল বজাৰমূল্য পতনৰ উদাহৰণ নাছিল৷ উল্লেখ্য, ডীপছীকৰ জৰিয়তে ‘ডীপ লাৰ্নিং’ (গভীৰ শিক্ষা) আৰু সীমাহীন ডাটা বিশ্লেষণ সম্ভৱ৷ ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যৱসায়িক সমাধান, প্ৰযুক্তি সন্ধান আৰু স্বয়ংক্ৰিয় তথ্য প্ৰক্ৰিয়াকৰণ৷ কাৰিকৰী-প্ৰযুক্তি বিশ্লেষণত অধিক পাৰ্গত হোৱাৰ বাবে ডীপছীকৰ জৰিয়তে ডাটা মাইনিং, গৱেষণা ইত্যাদি সহজসাধ্য হৈ পৰিব৷