Logo
image

চিআৰপিএফৰ সঞ্চালকপ্ৰধানৰ দায়িত্ব গ্ৰহণ জিপি সিঙৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ জানুৱাৰীঃ অৱশেষত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ নতুন সঞ্চালকপ্ৰধান হিচাপে দায়িত্বভাৰ   গ্ৰহণ কৰে অসমৰ সদ্য প্ৰাক্তন ডিজিপি জি পি সিঙে৷ বৃহস্পতিবাৰে নতুন দিল্লীস্থিত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত অসম-মেঘালয় কেডাৰৰ জ্যেষ্ঠ আই পি এছ বিষয়া জি পি সিঙে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীটোৰ ভাৰপ্ৰাপ্ত সঞ্চালকপ্ৰধান ভিতুল কুমাৰৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে৷ ১৯৯১ বেট্‌চৰ আই পি এছ বিষয়া জি পি সিঙক বিগত ১৮ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে চি আৰ পি এফৰ নতুন সঞ্চালকপ্ৰধান হিচাপে নিযুক্তিত অনুমোদন জনাইছিল৷ উক্ত নিৰ্দেশনাটোত ২০২৭ চনৰ ৩০ নৱেম্বৰৰ অৱসৰ পৰ্যন্ত অথবা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জি পি সিঙে চি আৰ পি এফৰ মুৰব্বী পদত অধিষ্ঠিত থাকিব পাৰিব বুলিও উল্লেখ কৰিছিল৷


কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ মুৰব্বীজনক দেশৰ অৰ্ধসামৰিক বাহিনীটোৰ মুৰব্বী নিযুক্তি দিয়াৰ পাছতেই অসম চৰকাৰে জি পি সিঙক ডিজিপি পদৰ পৰা নিয়মমাফিক অব্যাহতি দিছিল৷ বুধবাৰে অসম আৰক্ষীৰ ফালৰ পৰা জি পি সিঙক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়৷ অসম আৰক্ষীৰ পৰা বিদায় লৈ বৃহস্পতিবাৰে পুৱা দুই কন্যা আৰু পত্নীৰ সৈতে শক্তিপীঠ মা কামাখ্যা দেৱালয়ত পূজা-অৰ্চনা আগবঢ়াই জি পি সিঙে পোনে পোনে নতুন দিল্লীলৈ ৰাওনা হয়৷ দিল্লীস্থিত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ জি পি সিঙে ভাৰপ্ৰাপ্ত সঞ্চালকপ্ৰধান ভিতুল কুমাৰৰ পৰা দায়িত্বভাৰ চমজি লয়৷ উল্লেখ্য, ১৯৬৭ চনত উত্তৰ প্ৰদেশৰ আলিগড়ত জন্মগ্ৰহণ কৰা অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জি পি সিঙে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ডেপুটেশ্বনত ‘নিয়া’ আৰু এছ পি জিত সেৱা আগবঢ়াইছিল৷ এছ পি জিত দায়িত্ব পালনৰ সময়ত জি পি সিঙে তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মুখ্য সুৰক্ষা বিষয়া হিচাপেও কৰ্মৰত আছিল৷ ২০১৯ চনৰ ‘কা’বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় ডেপুটেশ্বনত থকা জি পি সিঙক অসমলৈ ঘূৰাই আনি আইন-শৃংখলাৰ এ ডি জি পিৰ দায়িত্ব দিয়া হৈছিল৷ জি পি সিঙে অসমত নতুনকৈ যোগদান কৰাৰ এটা দিনৰ পাছতেই আৰক্ষীৰ গুলীয়ে ৫ জনকৈ ‘কা’বিৰোধী প্ৰতিবাদকাৰীৰ প্ৰাণ কাঢ়ি নিছিল৷