কুম্ভমেলাত সন্ধানহীন তিনিচুকীয়াৰ ২ মহিলা
'আমাৰ অসম’ৰ তিনিচুকীয়াৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু তালাপৰ প্ৰতিবেদক, ৩০ জানুৱাৰীঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত তিনিচুকীয়াৰ দুগৰাকী মহিলা সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে৷ ইয়াৰে এগৰাকী মহিলা জিলাখনৰ ডুমডুমাৰ বৰহাপজান অঞ্চলৰ৷ লীলা দেৱী নামৰ প্ৰায় ৬১ বছৰীয়া মহিলাগৰাকী বুধবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ আছে৷ জানিব পৰা মতে, পৰিয়ালৰ সৈতে মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈ মহাকুম্ভৰ ২৩১ নং পিলাৰৰ সমীপৰ পৰা সন্ধানহীন হয় মহিলাগৰাকী৷ কোনো লোকে মহিলাগৰাকীৰ সন্ধান পালে ৮৪৭২৯-০০৮৩৩ বা ৯৪৩৫৫-৬২২২২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছে৷ আনহাতে তিনিচুকীয়াৰ পৰ্বতীয়া অঞ্চলৰ নিউ কলনি ফীডাৰ ৰ’ডৰ বাসিন্দা আন এগৰাকী মহিলাও মহাকুম্ভ মেলাত সন্ধানহীন হৈ আছে৷ ২৮ জানুৱাৰীৰ দিনৰ প্ৰায় ২ বজাত মহাকুম্ভত আত্মীয়ৰ সৈতে বিচ্ছিন্ন হয় জোস্না দেৱ নামৰ মহিলাগৰাকী৷ দুয়োটা ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখি মহিলা দুগৰাকীৰ সন্ধানৰ প্ৰচেষ্টা চলাই আছে৷
প্ৰয়াগৰাজত অন্তে্যষ্টিক্ৰিয়া সম্পন্ন হাইলাকান্দিৰ নীতি পালৰ
‘আমাৰ অসম’ৰ হাইলাকান্দিৰ প্ৰতিনিধিঃ বৃহস্পতিবাৰে সন্ধিয়া প্ৰয়াগৰাজৰ দাৰাগঞ্জ মহাশ্মশানত ধৰ্মীয় নিয়ম-নীতি অনুসৰি হাইলাকান্দিৰ বিশিষ্ট ব্যৱসায়ী নীতি পালৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন হয়৷ তেওঁৰ একমাত্ৰ পুত্ৰ শুভ পালে মুখাগ্নি কৰে৷ বৃহস্পতিবাৰৰ সন্ধিয়া সাত বজাত দাৰাগঞ্জ মহাশ্মশানত নীতি পালৰ দেহ আনি অন্তিম ক্ৰিয়া সম্পন্ন কৰা হয়৷ তেওঁলোকৰ সৈতে আছিল স্ত্ৰী গায়ত্ৰী পাল, দুই ভাতৃ তাপস পাল আৰু তৰুণ পাল, খুড়াকৰ ল’ৰা পিণ্টু পালসহ হাইলাকান্দিৰ প্ৰায় ৩০ জন লোক৷ লগতে মহাকুম্ভত পুণ্যস্নান কৰিবলৈ অহা বিভিন্ন ঠাইৰ বহু ভক্তও সেই সময়ত উপস্থিত থাকে৷ ইপিনে, তেওঁৰ পুত্ৰ শুভ পাল বৃহস্পতিবাৰে গুৱাহাটী পৰা প্ৰয়াগৰাজত উপস্থিত হয়৷ সন্ধিয়া ৬ বজাত তেওঁৰ বিমান প্ৰয়াগৰাজ বিমানবন্দৰত অৱতৰণ কৰে আৰু তাৰ পৰা তেওঁ পোনে পোনে দাৰাগঞ্জ মহাশ্মশানলৈ যায়৷ নীতি পালৰ খুড়াকৰ ল’ৰা পিণ্টু পালে সন্ধিয়া ৬.৩০ বজাত প্ৰয়াগৰাজৰ পৰা ফোনযোগে জনায় যে মৃতদেহ প্ৰথমতে স্থানীয় চিকিৎসালয়ৰ মৰ্গত ৰাখা হৈছিল, তাৰ পাছত ভাৰত সেৱাশ্ৰম সংঘ হৈ দাৰাগঞ্জ মহাশ্মশানলৈ আনি অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ শুভ বিমানবন্দৰত নামি পোনে পোনে মহাশ্মশানলৈ আহে আৰু বাবাৰ শেষ দৰ্শন কৰে৷ পিণ্টু পালে জনোৱা অনুসৰি, দাৰাগঞ্জ মহাশ্মশানৰ বৈদ্য়ুতিক চুল্লী সন্ধিয়া সাত বজালৈকে চলোৱাৰ অনুমতি থকাৰ বাবে, তাৰ আগতে অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ উল্লেখ্য, মঙলবাৰে নিশা প্ৰায় ৰ বজাত মহাকুম্ভৰ এটি নিৰ্দিষ্ট ঘাটত হঠাৎ পদপিষ্ট হোৱাৰ ঘটনা সংঘটিত হয়৷ মৌনী অমাৱস্যাৰ দিনা পুণ্যস্নান কৰিবলৈ অহা নীতি পাল, তেওঁৰ পত্নী গায়ত্ৰী পাল, ভাতৃ তাপস পাল, তৰুণ পাল, পিণ্টু পালসহ আন অনেক ভক্ত তাত উপস্থিত আছিল৷ এই সময়ত হঠাৎ হোৱা দৌৰা-দৌৰিৰ মাজত ডায়েবেটিছত আক্ৰান্ত নীতি পাল আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হয় আৰু মাটিত পৰি যায়৷ হাজাৰ হাজাৰ ভক্তৰ হেচা-ঠেলাত তেওঁ সংজ্ঞাহীন হৈ পৰে৷ যদিও তৎক্ষণাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, তেওঁক বচাব পৰা নগ’ল৷ হাইলাকান্দিৰ ৫ নং ৱাৰ্ডৰ নাৰায়ণপুৰ ৰোডৰ বাসিন্দা তথা জনপ্ৰিয় ব্যৱসায়ী নীতি পালৰ আকস্মিক মৃত্যুত সমগ্ৰ হাইলাকান্দিত গভীৰ শোকৰ ছাঁ পৰিছে৷






