Logo
image

হঠাৎ মূৰ ঘূৰাই যদি কি কৰিব

 বহাৰ পৰা বা শোৱা অৱস্থাৰ পৰা হঠাৎ উঠিলে মূৰ ঘূৰোৱাৰ দৰে সমস্যাটো বহুতেই ভোগে৷ কেতিয়াবা চকুৰেও ধোঁৱা-কোঙা দেখে৷ এই সমস্যাটো মাত্ৰ কেইছেকেণ্ডমানৰ কাৰণেহে থাকে৷ কিন্তু বিশেষজ্ঞসকলে সদৰী কৰা মতে এনেধৰণৰ সমস্যাৰ একেবাৰে অৱহেলা কৰাটো সঠিকা নহয়৷ কাৰণ ইয়াৰ পৰাই ভৱিষ্যতে ডাঙৰ বিপদ আহিব পাৰে৷ আহকচোন হঠাৎ বহাৰ পৰা উঠিলে মূৰ ঘূৰোৱাৰ আচল কাৰণটো জানো৷

(১) এই সমস্যাৰ সৈতে নাৰ্ভ বা স্নায়ুৰ সম্পৰ্ক আছে৷ অনেকৰ ক্ষেত্ৰত দেখা যায় স্নায়ুৰ সমস্যাৰ কাৰণে হঠাৎ শোৱা অৱস্থাৰ পৰা বা বহাৰ পৰা উঠিলে মূৰ ঘূৰায়৷ কেইছেকেণ্ডমানৰ কাৰণে  চকুৰে অন্ধকাৰ দেখে৷ নাৰ্ভৰ সমস্যা থাকিলে এই সমস্যাত ভোগা বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ গতিকে ইয়াক অৱহেলা কৰাটো একেবাৰে যুগুত নহয়৷ আপোনাৰ যদি এনে সমস্যা আছে তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লওঁক৷ কাৰণ নাৰ্ভৰ সমস্যাক অৱহেলা কৰিলে ভৱিষ্যতে বিপদ আহিব পাৰে৷ 

(২) বহুতৰ ক্ষেত্ৰত দেখা যায় ৰক্তচাপৰ কাৰণেও এই ঘটনা ঘটে৷ ৰক্তচাপ কম থাকিলে অনেক সময়ত হঠাতে উঠিলে মূৰত সঠিক পৰিমাণে ৰক্ত সঞ্চালন নহয় বা সঠিৰ পৰিমাণে ৰক্ত মানুহৰ মূৰৰ অংশত নাপায়গৈ৷ যাৰ ফলত মূৰ ঘূৰোৱা সমস্যাটো আৰম্ভ হয়৷ এই সমস্যা থাকিলে ৰক্তচাপ পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শ লৈ  ৰক্তচাপ স্বাভাৱিক কৰাৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ 



(৩) ভাৰ্টিগো (মূৰ জিনজিন কৰা) বা মূৰ ঘূৰণি ৰোগ থাকিলে এনে সমস্যাত ভোগা যায়৷ অনেকৰ ক্ষেত্ৰত উচ্চতাতা থাকিলে ভাৰ্টিগোৰ সমস্যাত ভোগে৷ পাহাৰৰ শিখৰত এনে সমস্যাই দেখা দিয়ে৷ সুউচ্চ অট্টালিকাত উঠিলেও এনেধৰণৰ সমস্যা হয়৷  বহুতৰ ক্ষেত্ৰত লিফ্‌ট বা বিমানত উঠিলেও এনে সমস্যাত ভোগে৷ ই একপ্ৰকাৰ স্নায়ুৰ সমস্যা৷ এইক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লোৱা অতি জৰুৰী৷

(৪) বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে যিসকলৰ হঠাৎ বহাৰ পৰা উঠিলে বা শোৱা অৱস্থাৰ পৰা উঠিলে মূৰ ঘূৰায় সেইসকলৰ ভৱিষ্যতে ডিমেনচিয়া হ’ব পাৰে৷ অৰ্থাৎ সকলো কথা পাহৰি যোৱাৰ অসুখ হ’ব পাৰে ৰোগীজনৰ৷