
স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাক সশ্ৰদ্ধ স্মৰণ
‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদক, ১ ফেব্ৰুৱাৰীঃ ‘অসমীয়া ভাষা-সাহিত্য-সাংবাদিকতালৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট লোকসকলৰ ভিতৰত অন্যতম স্বপ্নদ্ৰষ্টা জি এল আগৰৱালা৷ তেখেত কেৱল এজন ব্যক্তিয়েই নাছিল, আছিল এটা বৃহৎ অনুষ্ঠান৷ অসমীয়া ভাষা-সাহিত্য- সংস্কৃতিলৈ তেওঁৰ অৱদান অপৰিসীম আৰু অতুলনীয়৷ অসম সাহিত্য সভাৰ সৈতে একাত্মবোধ হৈ তেখেতে যি মহান সেৱা আগবঢ়ালে, সেই সেৱাৰ মূল্য নিৰ্ণয় কৰা সম্ভৱ নহয়৷’ –জি এল আগৰৱালাৰ ষষ্ঠ মৃত্যুবাৰ্ষিকী উপলক্ষে শুকুৰবাৰে বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাৰ বিষয়ে এইদৰে কয় বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি অৰূপ বায়নে৷ বৰপেটাৰোড সাহিত্য সভাৰ সম্পাদক ৰমেন শৰ্মাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত জি এল আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যপ্ৰদান কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি অৰূপ বায়নে৷ বন্তি প্ৰজ্বলন কৰে বৰপেটা জিলা সাহিত্য সভাৰ বিষয়ববীয়া হিতেশ দাসে৷ পুষ্পাঞ্জলি অৰ্পণ কৰে মাৰোৱাৰী সন্মিলনৰ উপদেষ্টা শিৱৰত মহেশ্বৰীয়ে৷ উল্লেখ্য, ‘আমাৰ অসম’, ‘পূৰ্বাঞ্চল প্ৰহৰী’, ‘মেঘালয় গাৰ্ডিয়ান’ আৰু ‘নৰ্থ-ইষ্ট টাইম্ছ’কে ধৰি কেইবাখনো বাতৰিকাকত-আলোচনীৰ প্ৰকাশন গোষ্ঠী জি এল পাব্লিকেশ্বন্ছৰ জন্মদাতা তথা স্বত্বাধিকাৰী জি এল আগৰৱালাই অসমৰ প্ৰায় সকলো সত্ৰানুষ্ঠান আৰু নামঘৰত বিনামূলীয়াকৈ ভাগৱত বিতৰণ কৰিছিল৷ গুৱাহাটীৰ ভূতনাথ শ্মশানক সুদৃশ্য মুক্তিধামলৈ ৰূপান্তৰ কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল জি এল পি ছ’চিয়েল চাৰ্কলৰ অধ্যক্ষ জি এল আগৰৱালাই৷ শুকুৰবাৰৰ অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত বৰপেটা জিলা সাহিত্য সভাৰ কৰ্মকৰ্তা হিতেশ দাসে কয়– ‘জীৱনকালত জিএল আগৰৱালাই সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশলৈ যি সেৱা আগবঢ়াই গ’ল, সেয়া অসমৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব৷ জি এল আগৰৱালাক লৈ সমগ্ৰ অসমবাসীয়েই গৌৰৱবোধ কৰে৷ তেওঁ অসমীয়া ভাষা, সংস্কৃতি, সাংবাদিকতা আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁৰ স্মৃতি আমাৰ মাজত চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে বৰপেটাৰোডৰ বিষ্ণু জ্যোতি সৰবোৰত স্থাপন কৰা হৈছে জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি৷’ উল্লেখ্য, ২০১৩ চনত বৰপেটাৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭২ সংখ্যক অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতিৰ গুৰুদায়িত্ব বহন কৰিছিল জি এল আগৰৱালাই৷ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সেই অধিৱেশনত সমৱেত হৈছিল ১৫ লক্ষাধিক লোক৷ ৪ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা বৰপেটাৰোড অধিৱেশনত জি এল আগৰৱালাৰ নেতৃত্বত উদ্যোক্তাসকলৰ আতিথ্যই সকলোকে মুগ্ধ কৰিছিল৷ সেই অধিৱেশনতে জি এল আগৰৱালাৰ প্ৰচেষ্টাতে ২০০ খন গ্ৰন্থ প্ৰকাশ কৰা হৈছিল৷ অধিৱেশন সফল হোৱাৰ মূল ব্যক্তিজনেই আছিল জি এল আগৰৱালা৷’ ইফালে, জি এল আগৰৱালাৰ কৰ্মৰাজিক লৈ বৰপেটাৰোডবাসীয়ে গৌৰৱবোধ কৰোঁ বুলি উল্লেখ কৰি মাৰোৱাৰী সন্মিলনৰ উপদেষ্টা শিৱৰত মহেশ্বৰীয়ে স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাক শ্ৰদ্ধাৰে স্মৰণ কৰে৷ উল্লেখ্য, অসমীয়া সাহিত্যৰ এক গৌৰৱোজ্জ্বল অধ্যায় সাঙোৰ খাই থকা ‘জোনাকী’ আলোচনীৰ একত্ৰ সংকলন প্ৰকাশৰ ব্যৱস্থা কৰি জি এল আগৰৱালাই যুগমীয়া কাৰ্য সম্পাদন কৰিছিল৷
উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰকাশিত প্ৰথম হিন্দী দৈনিক বাতৰিকাকত ‘পূৰ্বাঞ্চল প্ৰহৰী’ৰ প্ৰকাশক আৰু সম্পাদক আছিল জি এল আগৰৱালা৷ অসমৰ বৌদ্ধিক মহলত সমাদৃত ‘আমাৰ অসম’ কাকত অসমৰ সংবাদ জগতলৈ জি এল আগৰৱালাৰ অন্যতম বৰঙণি৷ ১৯৪০ চনত বৰপেটাৰোডত জন্মগ্ৰহণ কৰা আগৰৱালাই বৰপেটাৰোডৰ গোপীনাথ বৰদলৈ স্মাৰক বিদ্যালয়ত অসমীয়া মাধ্যমত পঢ়া-শুনা কৰিছিল৷ মহাবিদ্যালয়ত তেওঁ ঐচ্ছিক অসমীয়া পাঠ্যক্ৰম গ্ৰহণ কৰি সৰ্বোচ্ছ নম্বৰো লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৬২ চনত ঠিকাদাৰীৰে কৰ্ম জীৱন আৰম্ভ কৰা জি এল আগৰৱালাই অসমৰ বহু দুৰ্গম অঞ্চলত নিৰ্মাণকাৰ্য সম্পাদন কৰিছিল৷ ‘বিশ্বকোষ’ৰ পাঁচটা খণ্ড প্ৰকাশ কৰা আৰু ষষ্ঠ খণ্ডৰ নব্বৈ শতাংশ কাম সম্পন্ন কৰাটো তেওঁৰ অন্যতম কীৰ্তি৷ ‘আমাৰ অসম’ৰ প্ৰতিষ্ঠাপক হোমেন বৰগোহাঞিৰ নেতৃত্বত আৰম্ভ হোৱা ‘কৰুণাধাৰা’ আন্দোলনৰ অন্যতম প্ৰধান সহযোগী আছিল জি এল আগৰৱালা৷ শুকুৰবাৰৰ স্মৃতিচৰণ সভাত বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি অৰূপ বায়ন আৰু সম্পাদক ৰমেন শৰ্মাৰ উপৰি সহকাৰী সম্পাদক দিগন্ত দাস, প্ৰেছ ক্লাবৰ কাৰ্যকাৰী সভাপতি অলকেশ বায়ন, ৰাধাকৃষ্ণ ঠাকুৰবাড়ীৰ সম্পাদক ভেৰু কুমাৰ শৰ্মা, মাৰোৱাৰী সমাজৰ সদস্য, প্ৰমোদ আগৰৱালা, মাৰোৱাৰী সন্মিলনৰ উপদেষ্টা শিৱৰত মহেশ্বৰী, ধনজিৎ দাস, বিহু সুৰক্ষা সমিতিৰ জয়ন্ত দাস, বৰপেটাৰোড ক্লাবৰ সম্পাদক অৰূপ কুমাৰ বায়ন, জিলা সাহিত্য সভাৰ কৰ্মকৰ্তা হিতেশ দাস, ৰঞ্জিত তালুকদাৰ, সাংবাদিক অঞ্জন জ্যোতি নাথ, গৌতম ৰয়, সমীৰ চক্ৰৱৰ্তীৰ লগতে বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি, বৃহত্তৰ বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতি, বৃহত্তৰ বৰপেটাৰোড মাৰোৱাৰী যুৱ সমাজ, মাৰোৱাৰী সন্মিলন, লায়ন্স ক্লাব, বৰপেটাৰোড মাৰোৱাৰী যুৱ মঞ্চ, বৰপেটাৰোড সাহিত্য প্ৰকাশ, বৰপেটাৰোড কবি সন্মিলনৰ প্ৰতিনিধি উপস্থিত থাকে৷ সন্ধিয়া বৰপেটাৰোড সাহিত্য সভাৰ তৰফৰ পৰা বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷