Logo
image

মহাকুম্ভত সন্ধানহীন বিশ্বনাথৰ মহিলাক উদ্ধাৰ

‘আমাৰ অসম’ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদক, ৩১ জানুৱাৰীঃ  বিশ্বনাথৰ ধৰ্মপ্ৰাণা মহিলা মঞ্জু দেৱী আগৰৱালাৰ আজি সন্ধান লাভ কৰিছে পৰিয়ালবৰ্গই৷ মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত স্নান কৰিবলৈ গৈ  সন্ধানহীন হৈ আছিল মহিলাগৰাকী৷ আজি প্ৰয়াগৰাজ ষ্টেচনত মঞ্জু দেৱীক উদ্ধাৰ কৰা হয়৷ অসমৰ এজন লোকে মঞ্জু দেৱীক উদ্ধাৰ কৰি পৰিয়ালৰ লগত যোগাযোগ কৰে৷ জানিব পৰা মতে, অঘৰী বাবাৰ আখৰাত আশ্ৰয় লৈ আছিল মহিলাগৰাকীয়ে৷ মঞ্জু দেৱীৰ উদ্ধাৰৰ পাছতে বিশ্বনাথৰ পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস এৰিছে৷ মধুমেহ ৰোগত আক্ৰান্ত মঞ্জু দেৱী যোৱা ২৯ জানুৱাৰীৰ দিনা আত্মীয়ৰ সৈতে পুৱাৰ ভাগত অমৃত স্নানত অংশ লৈছিল৷ ইয়াৰ পাছতে পাৰলৈ উঠি পৰিয়ালৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে আত্মীয়ৰ পৰা একাষৰীয়া হৈ পৰে৷


ইতিমধ্যে মহাকুম্ভত প্ৰায় ৪০ গৰাকী ভক্তৰ পদপিষ্ট হৈ মৃত্যু হয়৷ ইতিমধ্যে মঞ্জু দেৱীৰ পৰিয়ালে বিচাৰ-খোচাৰ আৰম্ভ কৰিছিল যদিও সন্ধান পোৱা নাছিল৷ বিশ্বনাথৰ মধ্যমপাৰাৰ মঞ্জু দেৱীৰ সন্ধান লাভৰ পাছতে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে পৰিয়ালবৰ্গই৷ ইতিমধ্যে হেল্পলাইন আদি মুকলিৰ ক্ষেত্ৰত বিশ্বনাথৰ আৰক্ষী প্ৰশাসনেও যথেষ্ট সহায় কৰে৷ মহাকুম্ভ মেলালৈ বিশ্বনাথৰ একাংশ ভক্ত পৱিত্ৰ স্নানৰ বাবে ৰাওনা হৈ আহুকালত পৰা বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ সমান্তৰালভাৱে মঞ্জু দেৱীৰ সন্ধান লাভৰ খবৰে বিশ্বনাথবাসীক আশ্বস্ত কৰি তুলিছে৷ যোৱা ২৭ জানুৱাৰীত মহাকুম্ভ মেলালৈ ৰাওনা হোৱা মঞ্জু দেবীৰ পৰিয়ালে তেওঁক প্ৰয়াগৰাজতে চমজি ল’ব বুলি জানিব পৰা গৈছে৷