Logo
image

কেলচিয়ামযুক্ত খাদ্য খাই দাঁত দুপাৰি ভালে ৰাখক

যিবিলাক উপাদানে দাঁত ভালে ৰখাত সহায় কৰে তাৰ ভিতৰত এক উল্লেখযোগ্য উপাদান হ’ল কেলচিয়াম৷ নিয়মিত কেলচিয়াম সমৃদ্ধ খাদ্য খালে দাঁত শক্তিশালী আৰু মজবুত হয়৷ তদুপৰি দাঁতৰ ক্ষয় ৰোধ হয়৷ এনে ক্ষেত্ৰত খাদ্যৰ তালিকাত গাখীৰ, দৈ আদি ৰাখক৷

- নিমখীয়া পানীৰ ব্যৱহাৰঃ

দাঁত ভালে ৰখাত নিমখীয়া পানীয়ে মহৌষধৰ দৰে কাম কৰে৷ নিমখীয়া পানীৰে গাৰ্গল কৰিলে দাঁতৰ ক্ষয় বহু পৰিমাণে ৰোধ হয়৷ এই ক্ষেত্ৰত কুহুমীয়া নিমখীয়া পানী উত্তম৷

- দিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰকঃ

সকলোৱে পুৱা শুই উঠি দাঁত ব্ৰাছ কৰে৷ কিন্তু মাত্ৰ পুৱাই নহয়, নিশা শোৱাৰ পূ্‌ৰ্বে দাঁত ব্ৰাছ কৰাটো জৰুৰী৷ নহ’লে দাঁতৰ ফাঁকত খাদ্যকণা জমা হৈ বীজাণুৱে স্থিতি ল’ব পাৰে৷ সেয়ে নিশাও দাঁত ব্ৰাছ কৰাৰ অভ্যাস কৰক৷

- দাঁতৰ ক্ষতিকাৰক খাদ্য এৰাই চলকঃ

দাঁত ভালে ৰাখিবলৈ কিছুমান খাদ্য বৰ্জন কৰিব লাগিব৷ অতিৰিক্ত সোৱাদযুক্ত খাদ্য, মিঠা পানীয়, চকলেট, লজেন্স, ফাষ্টফুড যিমান পাৰে এৰাই চলক৷


- দাঁতৰ ক্ষয় ৰোধৰ পাঁচটা সহজ উপায়ঃ

হাঁহিলে মুকুতা সৰা দুপাৰি সুন্দৰ বগা মজবুত দাঁতৰ গৰাকী হ’বলৈ কাৰ নো বাৰু মন নাযায়৷ সুন্দৰ-নিমজ দাঁতযুক্ত মানুহে হাঁহিলে সেই হাঁহি প্ৰাণৱন্ত হৈ উঠে৷ শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ মানুহে দাঁত দুপাৰি ভালে ৰখা উচিত৷ বহুতে দাঁত ক্ষয় যোৱাৰ সমস্যাত ভুগে৷ এই ক্ষেত্ৰত দাঁত দুপাৰিৰ যত্ন লোৱাটো নিতান্তই প্ৰয়োজন৷ দাঁত ক্ষয় ৰোধৰ বাবে কেইটামান কৰণীয় কাম–

- ভেষজ পেষ্টঃ সাধাৰণতে দাঁত ব্ৰাছ কৰাৰ ক্ষেত্ৰত আমি পেষ্টক সিমান গুৰুত্ব নিদিও৷ যিকোনো ধৰণৰ পেষ্ট হ’লেই কাম চলি যায়৷ কিন্তু দাঁত ক্ষয় ৰোধৰ কাৰণে বিশেষভাৱে খেয়াল ৰাখিব লাগে৷ ভেষজ পেষ্ট ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে৷ তেহে ভালে থাকে দাঁত৷ সাধাৰণতে মান সম্পৰ্কে নিশ্চিত নোহোৱা যিকোনো পেষ্ট ব্যৱস্থাৰ কৰিব নালাগে৷

- মাউথ ফ্ৰেছনাৰ ব্যৱহাৰঃ

বহুতৰে মুখৰ পৰা দুৰ্গন্ধ ওলায়৷ এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দাঁত ভালদৰে ব্ৰাছ কৰাৰ লগতে মাউথ ফ্ৰেছনাৰ ব্যৱহাৰ কৰক৷