
উফিৰ সমস্যা দূৰ কৰিবলৈ কি কৰিব?
শীতকালি আহিলেই উফিৰ সমস্যাই মানুহক ভাৰাক্ৰান্ত কৰি তোলে৷ অত্যধিক উফিৰ সমস্যাত ভোগা লোকৰ যে সঘনাই চুলি সৰে সেই কথা সকলোৰে অৱগত৷ শীতকালি মূৰৰ ত্বক শুকাই যায় আৰু শুকান ছালৰ পৰাই উফিৰ সমস্যাই দেখা দিয়ে৷ এই সমস্যাৰ পৰা সকাহ পাবলৈ সাধাৰণতে অনেক মহিলাই এণ্টি ডেণ্ড্ৰাফ চেম্পু ব্যৱহাৰ কৰে৷ অনেকে আকৌ বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্টো ব্যৱহাৰ কৰে৷ তথাপিও এই সমস্যাৰ পৰা মুক্তি পোৱাটো কঠিন হৈ পৰে৷ এনে সমস্যাত ভোগা লোকে ইজনৰ পাছত সিজন চিকিৎসকৰ ওচৰলৈ যায় পৰামৰ্শ বিচাৰি৷ কিন্তু কেৱল চিকিৎসা বিজ্ঞানেই যেন একমাত্ৰ উপায় নহয় উফিৰ সমস্যাত ভোগা লোকৰ বাবে৷ আনকি চিকিৎসা বিজ্ঞানে উদ্ভাৱন কৰা মূল্যৱান ঔষধ-পাতি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আমাৰ চৌপাশে থকা বিভিন্ন উপাদানেও এই সমস্যাত ভোগা লোকক উপকৃত কৰিব পাৰে৷
স্বাস্থ্য বিশেষজ্ঞৰ মতে, ঘৰতে তৈয়াৰী সামগ্ৰী ব্যৱহাৰ কৰি উফিৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰি৷ নেমুৰ দ্বাৰা তৈয়াৰ কৰা হেয়াৰ মাস্ক ব্যৱহাৰ কৰি উফি নিয়ন্ত্ৰণ কৰিব পাৰি৷ নেমুত সাধাৰণতে ছাইট্ৰিক এছিদ থাকে, যি উফি আঁতৰ কৰাত বিশেষভাৱে সহায় কৰে৷ তদুপৰি নেমুৰ ৰসৰ পৰা তৈয়াৰ কৰা হেয়াৰ মাস্কত এণ্টিমাইক্ৰ’বিয়েল থাকে; যি উফি আঁতৰ কৰে৷ উফি দূৰ কৰাৰ কাৰণে এক হেয়াৰ পেক তৈয়াৰ কৰি ল’ব লাগে৷ মৌ আৰু নেমুৰ ৰসৰ মিশ্ৰণ, দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণে কিদৰে উফি আঁতৰ কৰিব পাৰি তাক জানো আহক৷
মৌ আৰু নেমুৰ ৰসৰ মিশ্ৰণ ব্যৱহাৰ কৰক
মৌ আৰু নেমুৰ ৰসৰ মিশ্ৰণে চুলি মসৃণ কৰাৰ লগতে উফি দূৰ কৰে৷ আপোনাৰ চুলি যদি খুব শুকান হয় তেনেহ’লে এই মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে৷ নেমুৰ ৰসৰ সৈতে মৌ মিশ্ৰণ কৰি চুলিত লগাই প্ৰায় ২০ মিনিট সময়ৰ পাছত চেম্পু দি মূৰটো ধুই পেলাওক৷ দেখিব আপোনাৰ চুলি মসৃণ হোৱাৰ লগতে উফি দূৰ হৈছে৷
দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণ ব্যৱহাৰ কৰক
নেমুৰ ৰসৰ লগত দৈ মিহলাই মিশ্ৰণ তৈয়াৰ কৰি চুলিত লগাওক৷ আধাঘণ্টাৰ পাছত মূৰটো চেম্পুৰে ধুই দিয়ক৷ দেখিব আপোনাৰ উফিৰ সমস্যাৰ বহু পৰিমাণে দূৰ হৈছে৷