Logo
image

ছোনিয়াৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ

আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ ফেব্ৰুৱাৰীঃ  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ সাংসদে ৰাজ্যসভাৰ সাংসদ  ছোনিয়া গান্ধীৰ বিৰুদ্ধে সদনত বিশেষাধিকাৰ ভংগৰ প্ৰস্তাব উত্থাপন কৰিছে৷ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়লৈ প্ৰেৰণ কৰা প্ৰস্তাৱত বিজেপিৰ সাংসদে উল্লেখ কৰিছে– ‘মাননীয় ৰাষ্ট্ৰপতি সম্পৰ্কে ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীয়ে যি অসংসদীয় আৰু অৱমাননাসূচক মন্তব্য কৰিছে, সেয়া গুৰুতৰ বিষয়৷ বিষয়টো বিবেচনা কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন৷’


উল্লেখ্য, যোৱা শুকুৰবাৰে ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া বাজেট অধিৱেশনত ৫৯ মিনিট দীঘল ভাষণ প্ৰদান কৰিছিল, য’ত আছিল ঘাইকৈ মোদী চৰকাৰৰ প্ৰশস্তি৷ সংসদৰ বাহিৰত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য বিচাৰিছিল সাংবাদিকে৷ তেতিয়া তেওঁ কৈছিল–‘ভাষণৰ শেষলৈ ৰাষ্ট্ৰপতিক ভাগৰি পৰা যেন লাগিছিল৷ তেওঁৰ কথা কওঁতে কষ্ট হৈছিল, পুতৌজনক অৱস্থা৷’ ছোনিয়াৰ এই মন্তব্য বিজেপিৰ মন্ত্ৰী-সাংসদে পাক লগাই ৰাষ্ট্ৰপতিক ‘পুৱৰ লেডী’ বুলি অভিহিত কৰা বুলি অভিযোগ তোলে৷ অৱশ্যে ৰাষ্ট্ৰপতি ভৱনে এটা বিবৃতিত ছোনিয়া গান্ধীৰ মন্তব্য ৰুচিহীন আৰু সন্মানহানিকৰ বুলি কৈছিল৷ ভাষণ দিওঁতে ৰাষ্ট্ৰপতি ক্লান্ত হোৱা নাছিল বুলিও বিবৃতিত জনোৱা হৈছিল৷