Logo
image

শংকৰ সংঘৰ অধিৱেশনৰ প্ৰস্তুতিত শেষ স্পৰ্শ

‘আমাৰ অসম’ৰ পশ্চিম যোৰহাটৰ প্ৰতিবেদক, ৩ ফেব্ৰুৱাৰীঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ৬-৯ ফেব্ৰুৱাৰীলৈ যোৰহাট ম’হবন্ধাৰ এৰালতলি পথাৰত অনুষ্ঠিত কৰিবলৈ যুদ্ধকালীন গতিৰে প্ৰস্তুতি চলাইছে  আদৰণী সমিতিয়ে৷ আয়োজকসকলৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ লোকসকলে দিনে-নিশাই কাম কৰি আছে৷ বিশেষকৈ, অধিৱেশনস্থলীত খোৱাপানীৰ সু-ব্যৱস্থা কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোকসকলে কাম প্ৰায় সম্পূৰ্ণ কৰিছে৷ অধিৱেশনস্থলীত পোহৰৰ সু-ব্যবস্থা কৰাৰ লগতে খোৱাপানীৰ বাবে পাম্প আদি চলাবলৈ বিদ্যুতৰ ব্যৱস্থা কৰিছে অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীৰ যোৰহাট সংমণ্ডলৰ লোকসকলে৷ ইতিমধ্যে, ১২ বিঘা মাটিৰ অধিৱেশনস্থলী অজস্ৰ ফ্লাড লাইটেৰে পোহৰাই তোলা হৈছে৷ লোকনিৰ্মাণ বিভাগৰ লোকসকলেও অধিৱেশনস্থলীলৈ যাতায়াত কৰিবলগীয়া সকলোবোৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে৷ যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোকসকলে জনোৱা মতে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ অহা লোকসকলক অধিৱেশনৰ কেইদিনত ভালদৰে ৰখাৰ ব্যৱস্থাৰ বাবে প্ৰয়োজন হোৱা খোৱাপানীৰ সু-ব্যৱস্থা কৰা হৈছে৷ অধিৱেশনস্থলীত প্ৰায় ৭০ টা টিউবৱেল, পাঁচটা ডীপ টিউবৱেল বহুৱাইছে৷ খোৱা-বোৱাৰ লগতে শৌচাগাৰ-স্নানাগাৰত প্ৰয়োজনীয় পানী মজুত ৰাখিবলৈ অধিৱেশনস্থলীত পাঁচ হাজাৰ লিটাৰৰ ১৭ টা টেংকী, এহাজাৰ লিটাৰৰ ৭ টা টেংকী, দুহাজাৰ লিটাৰৰ ২ টা টেংকীৰ ব্যৱস্থা কৰা হৈছে৷ বিশেষকৈ, ৰান্ধনিশাল আৰু ভোজনালয়ত এই টেংকীসমূহত খোৱাপানী ২৪ ঘণ্টাই সংৰক্ষিত হৈ থাকিব৷ পাইপযোগে নিৰৱচ্ছিন্নভাৱে পানী যোগানৰ ব্যৱস্থা কৰিছে৷ সেই অনুসৰি, ৰান্ধনিশালত ১২০ টা টেপ, অন্ন খাই হাত-মুখ ধোৱাৰ ঠাইত ১৫০ টাকৈ মুঠ ৩০০ টা টেপৰ সু-ব্যৱস্থা কৰিছে৷ সেৱা বাহিনীৰ শিবিৰত ৪০ টা টেপ আৰু প্ৰতিনিধি শিবিৰসমূহত বহুসংখ্যক টেপৰ সংযোগ কৰি পানীৰ ব্যৱস্থা কৰিছে৷ অধিৱেশনস্থলীত পূৰ্বৰে পৰা থকা ৫ টা পুখুৰী পৰিষ্কাৰ কৰি তাৰে তিনিটা পুখুৰীৰ পানী ৰন্ধা-বঢ়াৰ কামত ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে৷ বিভাগীয় পৰীক্ষাগাৰত পুখুৰীকেইটাৰ পানী পৰীক্ষা কৰি বেক্টেৰিয়া নথকাটো প্ৰমাণিত কৰি লোৱা হৈছে৷ খোৱাপানীৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে লেবৰেটৰীটোত থকা যানসহ মেচিনেৰে ঘণ্টাত ৫০০০ লিটাৰকৈ খোৱাপানী প্ৰস্তুত কৰি আধা লিটাৰৰ প্লাষ্টিক পেকেটবোৰ অধিৱেশনস্থলীতে যোগান ধৰি থকা হ’ব৷ প্ৰতিনিধি শিবিৰ, সেৱা বাহিনীৰ শিবিৰ, কাৰ্যালয়ত থকা লোকসকলে ব্যৱহাৰ কৰিবলৈ ৫৫০ টা বিজ্ঞানসন্মত শৌচাগাৰৰ উপৰি সেই অনুপাতে স্নানাগাৰৰো পকীকৰণেৰে ব্যৱস্থা কৰা হৈছে৷ অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীৰ যোৰহাট সংমণ্ডলে অধিৱেশনস্থলী বিদ্যুতেৰে পোহৰাই তুলিছে৷ অধিৱেশনস্থলীতে পূৰ্বতে থকা উচ্চ  ক্ষমতা সম্পন্ন ১১ কে ভি বিদ্যুৎ পৰিবাহী লাইনটো তলত থকাত ওখ খুঁটা বহুৱাই স্থায়ীভাৱে নিৰ্মাণ কৰা হ’ল৷ দুৰ্ঘটনা হ’ব নোৱৰাকৈ বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত গাৰ্ড দিছে৷ দিনে-নিশাই অধিৱেশনস্থলীত ২৫০ কিল’ ভল্ট এম্পায়াৰৰ দুটা আৰু এশ কিল’ ভল্ট  এম্পায়াৰৰ এটা ট্ৰেন্সফৰ্মাৰ অস্থায়ীভাৱে বহুৱাইছে৷ প্ৰতিদিনে প্ৰায় ৪০০ কিল’ৱাট বিদ্যুতৰ প্ৰয়োজন হ’ব বুলি বিদ্যুৎ বিভাগে ঠাৱৰ কৰিছে৷ ট্ৰেন্সফৰ্মাৰৰ পৰা মূল সভামণ্ডপ, প্ৰতিনিধি শিবিৰ, নামঘৰ, নাটঘৰ, সেৱা বাহিনীৰ শিবিব, গ্ৰন্থমেলা, প্ৰদৰ্শনী, ভোজনালয়, ৰান্ধনিশাল, কাৰ্যালয়ৰ উপৰি অধিৱেশনস্থলী পোহৰাই তুলিবলৈ প্ৰায় ২ কিলোমিটাৰজোৰা বিদ্যুৎ পৰিবাহী খুঁটা দি তাঁৰ স্থাপন কৰা হৈছে৷ তদুপৰি, প্ৰয়োজনীয় স্থানত কেব’ল লাইনৰো ব্যৱস্থা কৰিছে৷ অধিৱেশনস্থলী পোহৰাই তুলিবলৈ প্ৰায় ৮  হাজাৰ বিভিন্ন প্ৰকাৰৰ বাল্ব লগাইছে৷ এই কাম ঠিকাদাৰৰ জৰিয়তে বিভাগে কৰাইছে৷ ইয়াৰ বাবে  ৫০  লাখ টকাৰ অনুমোদন দিছে বুলিও বিভাগীয় সূত্ৰত প্ৰকাশ৷ লোক নিৰ্মাণ বিভাগৰ লোকসকলেও অধিৱেশনস্থলীত সুকলমে যাতায়াত কৰিবলৈ বাট-পথবোৰ মসৃণভাৱে নিৰ্মাণ কৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অধিৱেশনস্থলীলৈ যাতায়াত কৰা মূল পথটো পেভাৰ ব্লক লগাই মসৃণ কৰিছে৷ তদুপৰি, গাড়ী পাৰ্কিঙৰ ঠাই, ৰাষ্ট্ৰীয় পথৰ পৰা তিনিটা ৰেম্প আদিৰ লগতে অধিৱেশনস্থলীৰ মাজতে থকা অইল পাইপলাইনটো জনসাধাৰণৰ যাতায়াতৰ বাবে সুচল কৰি তুলিছে৷ আজি অসম চৰকাৰৰ কৃষি দপ্তৰৰ  মন্ত্ৰী অতুল বৰা অধিৱেশনস্থলীত উপস্থিত হৈ চৌহদটো পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰে সৈতে হোৱা আলাপত কয়, মহাপুৰুষৰ আদৰ্শক বিশ্ব দৰবাৰলৈ নিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, তাৰবাবেই অসমৰ জনসাধাৰণ আকৰ্ষিত হৈছে৷ মহাপুৰুষজনক বচাই ৰাখিব পাৰিলেহে অসমীয়া জাতিও বাচি থাকিব৷ অধিৱেশনস্থলীলৈ অহা কোনো লোকেই যাতে অসুবিধা ভোগ কৰিবলগীয়া নহয়, তাৰবাবেই মুখ্যমন্ত্ৰীয়ে বিভাগসমূহক নিৰ্দেশনা দিছে৷ সেই নিৰ্দেশনাৰ ভিত্তিতেই কৃষি বিভাগে খেতি কৰি আলুৰ লগতে বিভিন্ন শাক-পাচলি প্ৰস্তুত কৰিছে৷ বোকাখাতৰ পৰাও উৎপাদন কৰা বিভিন্ন শাক-পাচলি অধিৱেশনস্থলীলৈ অনা হ’ব৷ পৰিবহণ মন্ত্ৰীজনে অধিৱেশনলৈ অহা ভকত-বৈষ্ণৱ, আইসকলৰ লগতে দৰ্শনাৰ্থীসকলকো বিমান, ৰে’ল আৰু পথ পৰিবহণৰ ষ্টেচনৰ পৰা অনা-নিয়াৰ ব্যৱস্থা কৰিব৷ যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ আদৰণী সমিতিৰ কাৰ্যকৰী পদত থাকি অধিৱেশনখন সফল কৰি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷


অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  ‘মহাপুৰুষজনাক জীয়াই ৰাখিব পাৰিলেহে অসমীয়া জাতি জীয়াই থাকিব৷ গুৰুজনাক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই বিশেষ ভূমিকা পালন কৰিছে৷’–আজি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই যোৰহাট ম’হবন্ধাৰ এৰালতলি পথাৰত ৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিতব্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বুজ লৈ এই কথা প্ৰকাশ কৰে৷ মন্ত্ৰীজনে আজি অধিৱেশনস্থলী পৰিদৰ্শন কৰা লগতে আয়োজক সমিতি আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ প্ৰমুখ্যে বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে৷ ইয়াৰ পাছতে মন্ত্ৰীজনে সাংবাদিকক কয় যে এই অধিৱেশন উপলক্ষে বৈষ্ণৱ  পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে৷ বাপ বৈষ্ণৱসকলে দিনে নিশাই নিজৰ কাৰ্য সম্পাদক কৰি আছে৷ এই অধিৱেশনস্থলী ইতিমধ্যে প্ৰায় সাজু হৈছে৷ অধিৱেশনখন সফল কৰাৰ বাবে ভকত-বৈষ্ণৱৰ লগতে চৰকাৰৰ বিভিন্ন বিভাগে সহায় কৰিছে৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগসমূহক নিৰ্দেশ দিয়া বুলিও তেওঁ প্ৰকাশ কৰে৷ ইফালে পৰিবহন মন্ত্ৰী যোগেন মহনৰ সৈতে তেওঁ কথা পতা বুলি উল্লেখ কৰি কয় যে যোৰহাট ৰে’ল ষ্টেচনৰ পৰা ভকত-বৈষ্ণৱক অধিৱেশন স্থলীলৈ অনাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ৰাইজৰ সহযোগত এই অধিৱেশনখন সফল হ’ব বুলিও মন্ত্ৰীজনে আশা প্ৰকাশ কৰে৷