Logo
image

গছৰ তলত বহি দীক্ষা ! দিল্লী ভোটৰ পূৰ্বে মোদীৰ ব্ৰহ্মাস্ত্ৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ ফেব্ৰুৱাৰীঃ  দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইজনমান শিক্ষাৰ্থীৰ সৈতে গছৰ তলত বহি বাৰ্তালাপ কৰি থকা এটা ভিডিঅ’ ভাইৰেল হৈছে৷ বাৰ্তালাপত মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশ্ন কৰিছে– দিল্লীৰ স্কুলত নৱম শ্ৰেণীৰ বহুতক ফেইল কৰাই দিয়া হয় নেকিঞ্জ কিয় নৱম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হ’বলৈ দিয়া নহয়৷ যদি এয়া সঁচা, তেন্তে সেয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অতি ক্ষতিকাৰক পদক্ষেপ৷ কিয়নো সম্প্ৰতি শিক্ষানীতিত ফেইল কৰাৰ কোনো ব্যৱস্থাই নাই৷ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ফেইল  কৰিলে চৰকাৰৰ বদনাম হোৱাৰ বাবে এনে ব্যৱস্থা চলি আছে৷ এয়া অতি বেইমানীৰ কাম৷ নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত ভাইৰেল হৈ পৰা এই ভিডিঅ’ৰ জৰিয়তে বিজেপিয়ে আপক তীব্ৰ আক্ৰমণ কৰিছে৷


উল্লেখ্য, দিল্লীৰ স্কুল ব’ৰ্ডৰ এই ঘটনাই ৬-৮ মাহ পূৰ্বে বিতৰ্কৰ সৃষ্টি কৰিছিল৷ দিল্লী প্ৰদেশ বিজেপিয়ে দাবী কৰিছিল, আপ চৰকাৰৰ অধীনষ্ঠ স্কুলত ২০২৩-২৪ বৰ্ষত ১৭,৮০৩ জন ছাত্ৰ-ছাত্ৰীক নৱম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হ’বলৈ দিয়া হোৱা নাছিল৷ কিয়নো তেওঁলোক দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাটো নিশ্চিত নাছিল৷ বিজেপিৰ অভিযোগ, অনুত্তীৰ্ণৰ সংখ্যা বৃদ্ধি পালে দিল্লী চৰকাৰৰ কৃতিত্ব ম্লান হ’ব বুলি এই ব্যৱস্থা চলাই আছে আপ চৰকাৰে৷ বছৰ বছৰ ধৰি এই ব্যৱস্থা চলি থকা বুলিও বিজেপিয়ে অভিযোগ তুলিছিল৷ ঘটনাটো আপ চৰকাৰে মানি ল’বলৈ বাধ্য হৈছিল আৰু তেনে শিক্ষাৰ্থীৰ বাবে মুক্ত বিদ্যালয়ৰ সুযোগ সৃষ্টি কৰা বুলি শিক্ষা বিভাগে স্পষ্টীকৰণ দিছিল৷ পাঁচ ফেব্ৰুৱাৰীৰ নিৰ্বাচনৰ পূৰ্বে সেই গুৰুত্বপূৰ্ণ বিষয় লৈ প্ৰধানমন্ত্ৰীৰ শিক্ষাৰ্থীৰ সৈতে গছৰ তলত বহি কথা পতাৰ ভিডিঅ’ ব্ৰহ্মাস্ত্ৰস্বৰূপ হৈছে৷ কোনো নিৰ্বাচনী সভালৈ নোযোৱাকৈ এটা ভাইৰেল ভিডিঅ’ৰ জৰিয়তে মোদী নেতৃত্বাধীন বিজেপিৰ প্ৰচাৰ তুমুল প্ৰভাৱ পেলাইছে৷ উল্লেখ্য, সোমবাৰে বিয়লি দিল্লী বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে৷ ৭০জনীয়া বিধানসভাৰ নিৰ্বাচন হ’ব ৫ ফেব্ৰুৱাৰীত আৰু ফলাফল ঘোষণা হ’ব ৮ ফেব্ৰুৱাৰীত৷