Logo
image

আজি দিল্লীত ভোট, মোদীৰ কুম্ভস্নান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ফেব্ৰুৱাৰীঃ  বুধবাৰে দিল্লী বিধানসভাৰ নিৰ্বাচনৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকুম্ভমেলাত স্নান কৰাৰ কাৰ্যসূচী লোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিৰোধী ৰাজনৈতিক দলে মোদীৰ সূচীক লৈ আপত্তি উত্থাপন কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে এই ধৰ্মীয় কাৰ্যসূচী ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে হাতত লোৱা বুলি বিতৰ্ক  আৰম্ভ হৈছে৷ বিৰোধী ৰাজনৈতিক দলৰ দাবী, বুধবাৰে দিনটো দেশৰ সংবাদ মাধ্যমে প্ৰধানমন্ত্ৰীৰ এই ধৰ্মীয় সূচী সম্প্ৰচাৰ কৰিব আৰু ই দিল্লীৰ হিন্দু ধৰ্মাৱলম্বী ভোটাৰৰ ওপৰত প্ৰভাৱ পেলাব৷ পূৰ্বে মোদীয়ে ভোটগ্ৰহণৰ দিনটোত কেদাৰনাথৰ গুহা আৰু কন্যাকুমাৰীৰ বিবেকানন্দ শিলাত তপস্যা কৰি ভোটাৰক আকৰ্ষণ কৰাৰ ঘটনাৰ সৈতে বুধবাৰৰ কুম্ভস্নানৰ উদ্দেশ্যত কোনো পাৰ্থক্য নথকা বুলি বিৰোধী দলে দাবী কৰিছে৷


কাইলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ বিমানে ১০.০৫ বজাত প্ৰয়াগৰাজত অৱতৰণ কৰিব৷ তাৰ পৰা তেওঁ হেলিকপ্টাৰত সংগমৰ আৰিয়াল ঘাটলৈ যাব৷ তাৰ পৰা তেওঁ নাঁৱত উঠি ত্ৰিবেণী সংগমলৈ গৈ ১১-১১.৩০ বজাত কুম্ভস্নান কৰিব৷ প্ৰধানমন্ত্ৰীয়ে মাজতে সাধু-সন্নাসীৰ সৈতে কথাও পাতিব৷

ইপিনে কাইলৈ এটা পৰ্যায়তে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে ভোটগ্ৰহণ হ’ব৷ ১০ বছৰ ধৰি ক্ষমতাত থকা আপে ৭০ খন আসনত আৰু কংগ্ৰেছে সমসংখ্যক আসনত  প্ৰতিদ্বন্দ্বিতা কৰিলেও শক্তিশালী বিজেপিয়ে ৬৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ মুঠ ১.৫৬ কোটি ভোটাৰে ৬৯৯জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব৷ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ৮ ফেব্ৰুৱাৰীত৷