বিজ্ঞানমনস্কতা অবিহনে উন্নত সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কিশোৰ শিৱম আমাৰ অসমঃ ‘বিজ্ঞানমনস্কতা নাথাকিলে উন্নত সাহিত্য সৃষ্টি হ’ব নোৱাৰে৷ উৎকৃষ্ট সাহিত্য সৃষ্টি কৰিবৰ বাবে মানুহৰ বিজ্ঞানমনস্কতা জৰুৰী৷ উন্নত সাহিত্য, ভাল সাহিত্য সৃষ্টিত বিজ্ঞানমনস্কতা থাকিব লাগিব বুলি মই বিশ্বাস কৰোঁ৷ বিজ্ঞান আৰু সাহিত্য দুখন দুৱাৰ৷’ –এই ভাষ্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক তথা সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ অন্তিম দিনা মঙলবাৰে ‘কৰ্নেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলা’ৰ বাকৰিত অনুষ্ঠিত সৌৰভ কুমাৰ চলিহা স্মাৰক বক্তৃতানুষ্ঠানত দিয়া ভাষণ প্ৰসংগত বিশিষ্ট সাংবাদিক-সাহিত্যিকগৰাকীয়ে এইদৰে কয়৷ ভাষণ প্ৰসংগত মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ কুমাৰ চলিহা, লক্ষ্মীনন্দন বৰাকে ধৰি অসমৰ কেইবাগৰাকী বিখ্যাত সাহিত্যিক বিজ্ঞানৰ ছাত্ৰ আছিল৷ বিজ্ঞানৰ লগত জড়িত সাহিত্যিক অসমৰ বাহিৰত পাবলৈ নাই৷ মানুহৰ জীৱনত বিজ্ঞানৰ প্ৰভাৱ পৰাৰ লেখীয়াকৈ সাহিত্য সৃষ্টিতো বিজ্ঞানৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়৷ সৌৰভ কুমাৰ চলিহাৰ গল্পসমূহত বিজ্ঞানৰ প্ৰভাৱ পৰাটো স্পষ্ট৷ সাহিত্য সৃষ্টিৰ বাবে এটা শান্তিৰ পৰিৱেশ লাগে৷ অশান্ত পৰিৱেশত সাহিত্য সৃষ্টি কৰাটো দুৰূহ কাম৷ ইয়াৰ বিপৰীতে বিজ্ঞানীসকলে নানা বাধা, সংঘাত, সংশয়ৰ মাজেদি নিজৰ উদ্ভাৱনী কাম কৰিব লাগে৷ জীৱনৰ প্ৰতি জিজ্ঞাসা নাথাকিলে উৎকৃষ্ট সাহিত্য সৃষ্টি হ’ব নোৱাৰে৷ গ্ৰীক, মিছৰ, ৰোমানৰ অভিজাত লোকসকলৰ বৌদ্ধিক চৰ্চাৰ বাট মুকলি হৈছিল ক্ৰীতদাসসকলৰ বাবেহে৷ কিয়নো ক্ৰীতদাসসকলে তেওঁলোকৰ গৰাকীসকলৰ সকলো ধৰণৰ কাম কৰি দিয়াৰ বাবে তেওঁলোকৰ গৰাকীসকলে বৌদ্ধিক চৰ্চা কৰিবলৈ সময় পাইছিল, লাহে লাহে সাহিত্যৰ চৰ্চাও কৰিবলৈ লৈছিল৷’ সৌৰভ কুমাৰ চলিহা আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ লগতে নৱকান্ত বৰুৱাৰ কবিতাৰ উপমাৰে মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘সম্প্ৰতি ভাৰতবৰ্ষত উদ্ভাৱনশীলতা, সৃষ্টিশীলতা কমি গৈছে৷ বিগত এহাজাৰ বছৰধৰি ভাৰতত কোনো উল্লেখযোগ্য সৃষ্টি হোৱা নাই৷ যি কথা সমগ্ৰ বিশ্বত আলোচিত হৈছে৷ ১৯৩০ চনত বিজ্ঞানী চি ভি ৰমণে নোবেল বঁটা পোৱাৰ পাছত আজিলৈকে ভাৰতৰ কোনেও সেই সন্মান পাবলৈ সক্ষম হোৱা নাই৷ আমাৰ দেশত গল্প, কবিতা, উপন্যাসৰ বিপৰীতে ধৰ্মীয় কিতাপৰ বিক্ৰীৰ পৰিমাণ অধিক৷ নৱপ্ৰজন্মই ইণ্টাৰনেট, ইনষ্টাগ্ৰাম আদিত বহু উন্নতমানৰ লেখা পঢ়িবলৈ পায়৷’ নৱপ্ৰজন্মক উদ্দেশ্যি মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘তোমালোকে ডাটা ব্যৱহাৰ কৰিবা, ডাটাক তোমালোকক ব্যৱহাৰ কৰিবলৈ নিদিবা৷ কৃত্ৰিম বুদ্ধিমত্তা বৰ্তমান এমিবা পৰ্যায়ত আছে৷ অনাগত দিনত ই ক’লৈ গতি কৰে তাৰ কোনো হিচাপ নাই৷ অসম সাহিত্য সভাই পাঠশালা অধিৱেশনত বিজ্ঞান মেলা, আলোচনা-চক্ৰ, বিভিন্ন প্ৰতিযোগিতাৰে বিজ্ঞানৰ পেকেজ অনুষ্ঠিত কৰি প্ৰশংসনীয় কাম কৰিছে৷’ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ কৌশিক ডেকাই বক্তৃতানুষ্ঠান উদ্বোধন কৰি কয়– ‘বিজ্ঞানে কিদৰে সাহিত্যৰ সৃষ্টি কৰিছে, সেয়া সৌৰভ কুমাৰ চলিহা, ভবেন্দ্ৰ নাথ শইকীয়া, লক্ষ্মীনন্দন বৰাৰ গল্পসমূহত দেখা পোৱা যায়৷’ সৌৰভ কুমাৰ চলিহা স্মাৰক বক্তৃতানুষ্ঠানৰ পাছতে সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ তথা ‘আমাৰ অসম’ আৰু ‘এন কে টিভি’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷
ৰাইজৰ উৎসাহৰ আঁৰত উদ্যোক্তাৰ শ্ৰমঃ মনোজ কুমাৰ গোস্বামী
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কৈলাস চৌধুৰী আমাৰ অসমঃ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ মঙলবাৰৰ অন্তিম দিনৰ শেষ কাৰ্যসূচী আছিল সাংস্কৃতিক অনুষ্ঠান৷ জনসমুদ্ৰত পৰিণত হোৱা অধিৱেশনস্থলীত দৰ্শকেৰে ভৰি থকা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷ গোস্বামীক গামোচা আৰু অসম সাহিত্য সভাৰ প্ৰতীকেৰে সম্বৰ্ধনা জনোৱা হয়৷ বজালীৰ ইতিহাস, বজালীৰ বৈশিষ্ট্য আদিৰে সমৃদ্ধ সাহিত্য সভাৰ শীৰ্ষ গীত ‘বজালী কোঁৱৰ’ পৰিৱেশনৰ পাছত সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰি মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ অধিৱেশনলৈ আহি ভট্টদেৱ ক্ষেত্ৰক জনসমুদ্ৰত পৰিণত কৰিলে৷ ৰাইজৰ এনেকুৱা বিপুল উৎসাহৰ আঁৰত আছে উদ্যাপন সমিতিৰ অশেষ কষ্ট আৰু ত্যাগ৷ দিন-ৰাতি একাকাৰ কৰি অধিৱেশন সফল কৰি তুলিলে উদ্যোক্তাসকলে৷’ ‘এন কে টিভি’ৰ পৰিচালন সঞ্চালক নিপন কুমাৰ তালুকদাৰ আৰু তেওঁৰ ভাতৃ স্বপন তালুকদাৰকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে৷ অসম সাহিত্য সভাৰ বিদায়ী প্ৰধান সম্পাদক ড॰ উৎপেন্দ্ৰজিৎ শৰ্মাই ঘোষণা কৰে যে বুধবাৰে পুৱা জ্ঝ বজাত অসম সাহিত্য সভাৰ পতাকা অৱনমিত কৰি পাঠশালা অধিৱেশনৰ সামৰণি ঘোষণা কৰা হ’ব৷ পতাকা অৱনমিত কৰিব আদৰণী সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷