‘আৰবান নক্সাল’ৰ দৰে নেতাই ভুল পথে নিছে যুৱপ্ৰজন্মক
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ বাজেটৰ আদৰণি ভাষণৰ উত্তৰত দিয়া ধন্যবাদসূচক ভাষণত বিৰোধী দলপতি ৰাহুল গান্ধীৰ কথা-বতৰা আৰবান নক্সালৰ দৰে বুলি মন্তব্য কৰিছে৷ লোকসভাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ধন্যবাদসূচক ভাষণত তেওঁ ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ এই আক্ৰমণ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়–‘এয়া অতি দুৰ্ভাগ্যজনক যে, আজিকালি কিছুমান নেতাই মুকলিকৈ আৰবান নক্সালৰ দৰে কথা কয়৷ তেওঁলোকে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধও ঘোষণা কৰে৷ যি এনেবোৰ কথা কয়, তেওঁলোকে সংবিধানো নুবুজে, দেশৰ ঐক্যও বুজি নাপায়৷’
উল্লেখ্য, যোৱা ১৫ জানুৱাৰীত ৰাহুল গান্ধীয়ে দলৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি কৈছিল–‘বিজেপি-আৰ এছ এছে দেশৰ এটা এটাকৈ সকলো অনুষ্ঠান নিজৰ দখললৈ নিছে৷ সেয়ে আমি এতিয়া বিজেপি, আৰ এছ এছ আৰু আনকি ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধেও যুঁজ দিবলগীয়া হৈছে৷’
ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু ইন্দিৰা গান্ধীৰ প্ৰসংগ উত্থাপন কৰিও ৰাহুল গান্ধীক আক্ৰমণ কৰে৷