Logo
image

এইচএমপিভিত আক্ৰান্ত অসমৰ ছজন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ফেব্ৰুৱাৰীঃ  হিউমেন মেটানিউম’ভাইৰাছ চমুকৈ এইচ এম পি ভি ভাইৰাছৰ সংক্ৰমণে এতিয়া দেশজুৰি আতংকৰ কাৰণ হৈ পৰিছে৷ দেশৰ লগতে অসমতো এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাত বৃদ্ধি পাইছে৷ অৱশ্যে হিউমেন মেটানিউম’ভাইৰাছত অসমত সৌভাগ্যক্ৰমে কোনো লোকৰ প্ৰাণ কাঢ়ি নিয়া নাই যদিও ভাইৰাছজনিত ৰোগবিধত আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এইচ এম পি ভি ৰোগৰ সংক্ৰমণৰ তথ্য গোপনে ৰখাৰ চেষ্টা কৰিলেও অসমত ৬ জন ৰোগী আক্ৰান্ত হোৱাৰ তথ্য ৰাজহুৱা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱে ৰাজ্যসভাত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে সদৰী কৰা অনুসৰি এই পৰ্যন্ত দেশত ৫৯ জন লোক এইচ এম পি ভিত আক্ৰান্ত হৈছে৷


ইয়াৰে দুজন ৰোগীয়ে ইতিমধ্যে মৃত্যুক আকোঁৱালি লৈছে৷ অৱশ্যে দেশৰ আক্ৰান্তসকলৰ ভিতৰত ৬ জন ৰোগীয়েই হৈছে অসমৰ৷ অসমৰ বিপৰীতে তামিলনাডুত সৰ্বাধিক ১৭ জন আৰু গুজৰাটত ১১ জন ৰোগী এইচ এম পি ভিত আক্ৰান্ত হৈছে৷ আই ডি এছ পিৰ তথ্য অনুসৰি এইপৰ্যন্ত দেশৰ ১১ খন ৰাজ্যত ভাইৰাছবিধৰ সংক্ৰমণ ধৰা পৰিছে৷ উল্লেখ্য, প্ৰথমবাৰলৈ ৰাজ্যত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটি ১০ মহীয়া শিশুৰ দেহত এইচ এম পি ভি পজিটিভ ধৰা পৰিছিল৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা শিশুটিৰ ঘৰ আছিল লখিমপুৰত৷ জ্বৰ আৰু পানী লগা সমস্যাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি কৰা হৈছিল শিশুটিক৷ ইয়াৰ পাছতেই গুৱাহাটীৰ এপ’ল’ হাস্পতালত এগৰাকী ৭৫ বছৰীয়া বৃদ্ধা মহিলাৰ এইচ এম পি ভি ধৰা পৰিছিল৷ মহিলাগৰাকীৰ পজিটিভ ধৰা পৰা এদিন পাছতেই একেখন হাস্পতালতে চিকিৎসাধীন তেওঁৰ স্বামীৰো হিউমেন মেটানিউম’ ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত কৰিছিল চিকিৎসকে৷ উল্লেখ্য, এইচ এম পি ভি কোনো মহামাৰী আৰু বিপজ্জনক নহয় বুলিও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে অভয় প্ৰদান কৰিছিল৷ ২০০১ চনত প্ৰথমবাৰলৈ নেদাৰলেণ্ডত এইচ এম পি  ভি ভাইৰাছ ধৰা পৰিছিল৷