Logo
image

ট্ৰাম্পে বিমানত উঠাই ঘূৰাই পঠিয়ালে ২০৫জন ভাৰতীয়ক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ফেব্ৰুৱাৰীঃ  আমেৰিকাত অবৈধভাৱে থকা ভাৰতীয় নাগৰিকক নতুন দিল্লীয়ে ঘূৰাই আনিব বুলি বৈদেশিক মন্ত্ৰণালয়ে আশ্বাস দিলেও তালৈ অপেক্ষা নকৰি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে মঙলবাৰে ধৰি-বান্ধি ২০৫ জন নথিবিহীন ভাৰতীয়ক দেশান্তৰিত কৰিছে৷ সামগ্ৰী কঢ়িওৱা এখন সামৰিক বিমান চি-১৭ত তুলি ২০৫ জন অবৈধ প্ৰব্ৰজনকাৰী ভাৰতীয়ক ছান এণ্টনিঅ’ বিমান বন্দৰৰ পৰা ভাৰতলৈ পঠিয়াই দিছে ট্ৰাম্প প্ৰশাসনে৷ এই বিমানখনে পঞ্জাবৰ অমৃতসৰ বিমান বন্দৰত অৱতৰণ কৰাৰ কথা৷ যাত্ৰাপথত সামৰিক বিমানখনে জাৰ্মানীৰ ৰামষ্টেইনত ইন্ধন ভৰাব৷ বুধবাৰে পুৱা নথিবিহীন ভাৰতীয়ক লৈ অহা বিমানখনে অমৃতসৰত অৱতৰণ কৰিব৷ ভাৰতীয়ক দেশান্তৰিত কৰাৰ প্ৰথমটো ঘটনাত ড’নাল্ড ট্ৰাম্প প্ৰশাসনে যথেষ্ট গোপনীয়তা অৱলম্বন কৰিছে৷ মঙলবাৰেই যে আমেৰিকাই এদল ভাৰতীয়ক দেশান্তৰিত কৰিব, সেই সন্দৰ্ভত কোনো আগতীয়া তথ্য ট্ৰাম্প প্ৰশাসনে প্ৰকাশ কৰা নাছিল৷ সংবাদ সংস্থা ৰয়টাৰে এই বাতৰি প্ৰকাশ কৰাৰ পাছতহে খবৰটো প্ৰচাৰ হয়৷ ৰয়টাৰৰ বাতৰিত ২০৫ জন ভাৰতীয়ক দেশান্তৰ কৰা বুলি জনালেও ট্ৰাম্প প্ৰশাসনে সংখ্যাৰ কথা বাদেই দেশান্তৰিত কৰাৰ খবৰো জনোৱা নাই৷ কিন্তু দিনৰ বেছিভাগ সময় নীৰৱে থকা ভাৰতস্থ মাৰ্কিন দূতাবাসে বিয়লি এই সন্দৰ্ভত কঠোৰ বিবৃতি দিছে৷ মাৰ্কিন দূতাবাসৰ এজন মুখপাত্ৰই কয়–‘আমেৰিকাই নিজৰ সীমান্তৰ প্ৰতি সজাগ দৃষ্টি ৰাখিছে৷ অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টো কঠোৰ হাতেৰে মোকাবিলা কৰা হৈছে৷ প্ৰব্ৰজনৰ আইন কঠোৰ কৰা হৈছে আৰু অবৈধ প্ৰব্ৰজনকাৰীক নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে৷ এই পদক্ষেপৰ জৰিয়তে স্পষ্ট বাৰ্তা দিয়া হৈছে যে আমেৰিকাই অবৈধ প্ৰব্ৰজনকাৰীক দেশত ৰাখি বিপদ চপাই নলয়৷’ আনহাতে ভাৰতীয় প্ৰথমটো দলক দেশান্তৰিত কৰাৰ বিষয়ে তেওঁ কয়–‘এই সন্দৰ্ভত মোক অনেকেই প্ৰশ্ন কৰিছে৷ ভাৰতলৈ বিমান পঠোৱা বিষয়টো জানিবলৈ বিচাৰিছে৷ কিন্তু এই সন্দৰ্ভত মই বিশেষ বিস্তাৰিত একো ক’ব নোৱাৰিম৷’


প্ৰসংগতঃ, যোৱা ২৭ জানুৱাৰীত নতুন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ হৈছিল৷ বাৰ্তালাপৰ বিষয় সন্দৰ্ভত এতিয়াও উভয় পক্ষই গোপনীয়তা ৰক্ষা কৰি আছে৷ আলোচনাত অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়ে ঠাই পাইছিল নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কৈছিল–‘এই ক্ষেত্ৰত যি সঠিক হ’ব, ভাৰতে সেয়াই কৰিব৷’

প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই৷ অৱশ্যে চলিত ফেব্ৰুৱাৰীতে তেওঁ আমেৰিকা ভ্ৰমণ কৰিবলৈ উদগ্ৰীৱ হৈ আছে৷ অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰী সন্দৰ্ভত আমেৰিকাৰ স্থিতি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৈছিল–‘যদি কোনো দেশত অবৈধভাৱে ভাৰতীয় নাগৰিক আছে আৰু তেওঁলোকৰ ভাৰতীয় নাগৰিকত্বৰ সঠিক প্ৰমাণ থাকে; তেন্তে নতুন দিল্লীয়ে তেওঁলোকক ঘূৰাই আনিব৷’ পিছে জয়শংকৰৰ এই মতামতক কোনো গুৰুত্ব নিদিয়াকৈ আমেৰিকাই ধৰিবান্ধি ২০৫ জনীয়া এটা দলক ভাৰতলৈ ঘূৰাই পঠিয়ালে৷ উল্লেখ্য, ২০২৪ চনৰ নৱেম্বৰৰ তথ্য অনুসৰি আমেৰিকাত ৭,২৫,০০০ ভাৰতীয় অবৈধভাৱে আছে৷ ‘ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট’ বিভাগে তৈয়াৰ কৰা তালিকাৰ প্ৰথমখনতে ১৭,৯৪০ জন ভাৰতীয়ৰ নাম আছে৷ আনহাতে আমেৰিকাৰ হোমলেণ্ড ছিকিউৰিটী বিভাগে বিগত কেইদিনত নিউয়ৰ্ক, নিউজাৰ্ছিৰ গুৰুদ্বাৰাত অবৈধ ভাৰতীয় নাগৰিকক বিচাৰি তালাচী চলাই আছে৷ উল্লেখ্য, আমেৰিকাত সৰ্বাধিক অবৈধ ভাৰতীয়ৰ ভিতৰত শীৰ্ষত আছে পঞ্জাবী আৰু গুজৰাটী৷ ট্ৰাম্প প্ৰশাসতে প্ৰথম তালিকাৰ ১৭,৯৪০ জনক অচিৰেই দেশান্তৰ কৰাৰ পৰিকল্পনা কৰি থৈছিল আৰু মঙলবাৰে তাৰে ২০৫ জনক দেশান্তৰ কৰে৷ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপ, তেওঁক আমন্ত্ৰণ কৰা-নকৰাক লৈ ট্ৰাম্প প্ৰশাসন ভাৰতীয়ক দেশান্তৰিত কৰাৰ ক্ষেত্ৰত মুঠেই উদ্বিগ্ন নহয়, গুৰুত্ব দিয়াতো নাৰাজ৷ এতিয়া এটাই লক্ষণীয়–ব্ৰাজিলৰ নাগৰিকৰ দৰে ভাৰতীয়ক ট্ৰাম্প প্ৰশাসনে হাতকেৰেয়া আৰু ভৰিত শিকলি বান্ধি পঠিয়াইছে নে সামৰিক বিমানত সামগ্ৰীৰ দৰে প্ৰেৰণ কৰাত ক্ষান্ত আছে৷