সাহিত্য সভাত পুনৰ বিতৰ্ক, এইবাৰ শিশু সাহিত্যক লৈ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভা আৰু বিতৰ্ক এতিয়া যেন এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠিত পৰিণত হৈছে৷ ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক লৈ বিতৰ্কৰ যেন অন্ত নাই৷ অ-সাহিত্যিকেৰে ভৰি পৰা বুলি সততে চৰ্চা লাভ কৰা সাহিত্য সভাত এতিয়া ৰাজনৈতিক নেতাৰো প্ৰভাৱ বৃদ্ধি পোৱাৰ অভিযোগ উঠিছে৷ শিক্ষানগৰী পাঠশালাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনত কাৰ্যসূচী আৰু আমন্ত্ৰিত অতিথিৰ চিঠিত থকা আসোঁৱাহৰ সূত্ৰে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত এইবাৰ অসম সাহিত্য সভাৰ বিভিন্ন বঁটাক লৈও অনাকাংক্ষিত বিতৰ্কৰ সৃষ্টি হৈছে৷ সোমবাৰে অসম সাহিত্য সভাই ঘোষণা কৰা ‘নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা’ক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ উক্ত বঁটাটোৰ বাবে সাহিত্য সভাই বাছনি কৰা সাহিত্যিক চন্দনা পাঠকে নিজেই সামাজিক মাধ্যমযোগে এই সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছে৷ শিশু গ্ৰন্থৰ শিতানত চন্দনা পাঠকলৈ ‘পান্থশালা’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য সভাই ‘নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা’ আগবঢ়োৱাৰ কথা ঘোষণা কৰে যদিও ‘পান্থশালা’ গ্ৰন্থখন শিশুৰ গ্ৰন্থ নহয় বুলি স্পষ্ট কৰি দিয়ে সাহিত্যিকগৰাকীয়ে৷ তদুপৰি কোনো পাণ্ডুলিপি প্ৰেৰণ নকৰাকৈ তথা বঁটাৰ বাবে আৱেদন নকৰাকৈ সাহিত্য সভাই উক্ত বঁটাটো তেওঁক প্ৰদান কৰাটো জীৱনৰ ‘ডাঙৰ কৌতুক’ বুলিও অভিহিত কৰিছে চন্দনা পাঠকে৷ ‘পান্থশালা’লৈ ‘নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা’ ঘোষণাৰ পাছতেই লেখিকাগৰাকীয়ে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়–‘ #Its_a_big_joke_for_me.
মোৰ লগতহে কিয় বাৰে বাৰে এনে হয়? সাহিত্য সাধনাৰ নামত আচলতে চলিছে কি? ডাঙৰকৈ মেলা পাতিলেই সাহিত্যৰ উত্তৰণ নুবুজায়৷ এখন কিতাপ পঢ়ি চোৱাৰ ধৈৰ্য নথকা বৰপণ্ডিতসকলে কেনেকৈ সাহিত্যৰ বিচাৰক হয়? আজি দুপৰীয়া ফোন আহিল কেইবাটাও৷ মেছেজো আহিল৷ টিভি চেনেলত হেনো বাতৰিও ওলাল৷ চন্দনা পাঠকলৈ ‘নকুল চন্দ্ৰ সোঁৱৰণী বঁটা’৷ মই আচৰিত৷ মই কোনো কিতাপ কোনো বঁটাৰ বাবে পঠোৱা নাই৷ কোনে কি বঁটা দিলে মোক? ভাবিলোঁ, হয়তো মই নহয়, আন কোনোবাহে৷ সামৰিলোঁ৷’ ইয়াৰ পাছতে এজন সাংবাদিকে শিশু উপযোগী গ্ৰন্থ হিচাপে পান্থশালাৰ বাবে তেওঁক ‘নকুল চন্দ্ৰ সোঁৱৰণী বঁটা’ৰ বাবে বিবেচিত কৰা বুলি জানিবলৈ দিয়াৰ কথা উল্লেখ কৰি চন্দনা পাঠকে লগতে কয়– ‘ মোৰ চকু কপালত উঠিল৷ এনেকৈয়ে চলেনে অসম সাহিত্য সভা? পান্থশালা কোন ফালৰ পৰা শিশু গ্ৰন্থ? কাৰ বিচাৰত এই উপন্যাসখন উক্ত বঁটাৰ বাবে নিৰ্বাচনত উঠিল? এনেকৈয়ে বঁটাবোৰ দি থকা হৈছে নেকি? এনেকৈয়ে চলেনে অসম সাহিত্য সভা? প্ৰথম কথা হ’ল, কোনো বঁটাৰ বাবে মই বা প্ৰকাশকে আৱেদন কৰা নাই৷ উক্ত বঁটাটোৰ বাবেও কৰা নাই৷ আগলৈও নকৰোঁ৷ দ্বিতীয় কথা হ’ল– পান্থশালা শিশু উপন্যাস নহয়৷ তৃতীয় কথা হ’ল– এই বঁটাটোৰ বাবে আৱেদন কৰা শিশু সাহিত্যিকসকলৰ মাজৰ পৰা কোনোবা এজন কিয় নিৰ্বাচিত নহ’ল? সম্প্ৰতি অসমত ভালেকেইগৰাকী শিশু সাহিত্যিকে ভাল কিতাপ লিখি আছে৷ তেওঁলোকক কিয় বঞ্চনা কৰা হ’ল? চতুৰ্থ কথা– আৱেদন নকৰা কিতাপ এখন কেনেকৈ এই বঁটাৰ বিচাৰ প্ৰক্ৰিয়াত সোমাল? পঞ্চম কথা– কিতাপখন পঢ়ি চোৱা হ’লে নিয়ে এই বঁটাটো নিদিলেহেঁতেন৷ তাৰমানে কিতাপ নপঢ়াকৈয়ে বঁটা দিয়া হয় নেকি? ষষ্ঠ কথাটো– পান্থশালা ২০২২ চনতে পূৰ্বায়ণ প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা গ্ৰন্থ৷ ২০২৫ত সেইখন পাণ্ডুলিপিলৈ ৰূপান্তৰিত হ’ল কেনেকৈ? মই মৰি গ’লেও এই বঁটা গ্ৰহণ কৰিব নোৱাৰোঁ৷ ডাঙৰ কমেডী হ’ল মোৰ জীৱনত৷ কিন্তু, দুখ লাগিছে অসম সাহিত্য সভাৰ স্বৰূপ দেখি৷ শিশু সাহিত্যৰ সাধনাত নিমগ্ন হৈ থকা মোৰ ভাইটি-ভণ্টিহঁতৰ মুখবোৰ চকুৰ আগত ভাঁহি উঠিছে৷ এইবোৰ কাৰণতে মই কোনো বঁটাৰ বাবে আৱেদন নকৰোঁ৷ নালাগে মোক বঁটা৷ পাঠকে যে মোৰ লেখা পঢ়ি মন্তব্য কৰে, সেয়াই মোৰ জীৱনৰ প্ৰাপ্তি৷ মই মৰি গ’লেও এই বঁটা গ্ৰহণ কৰিব নোৱাৰো৷ কৰাৰ কথাই নাহে৷ ক’বলৈ গ’লে, এনেকৈ এই বঁটা দি মোৰ কিতাপখনকো অপমান কৰা হৈছে মোকো৷ আৰু সন্ধিয়াৰে পৰা মই যি মানসিক কষ্ট পাইছো, তাৰ বাবেও তেওঁলোক জগৰীয়া৷’ লক্ষণীয়ভাৱে এই প্ৰসংগত অসম সাহিত্য সভাৰ তৰফৰ পৰা এই বাতৰি যুগুতোৱা পৰলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই৷ ইফালে, অসম সাহিত্য সভাই আগবঢ়োৱা ‘নিষ্ঠাৱান সাংবাদিক’ৰ বঁটাক লৈও বিতৰ্কৰ সৃষ্টি হৈছে৷ ‘নিষ্ঠাৱান’ শব্দটোক লৈ আপত্তি কৰিছে বহুজনে৷ ইফালে, বঁটাৰ বাবে বাছনিত উঠা বহু সাংবাদিকৰ সৈতে অসম সাহিত্য সভাই কোনো যোগাযোগেই কৰা নাছিল– বঁটা ঘোষণাৰ আগত বা পাছত৷ সাতে সোতৰই মিলি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বৰ দুৰ্বলতাৰ বাবেই ৰাইজৰ মৰমৰ অনুষ্ঠানটোক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে৷ পাঠশালা অধিৱেশনত সৃষ্টি হোৱা জনসমুদ্ৰই আদৰণী সমিতিৰ সফলতাৰ ইংগিত বহন কৰাৰ বিপৰীতে উপৰিউক্ত বিষয়সমূহক লৈ সৃষ্টি হোৱা বিতৰ্কৰ আঁৰত কেন্দ্ৰীয় সমিতিৰ ব্যৰ্থতা সন্দেহাতীতভাৱে প্ৰমাণিত হৈছে৷