Logo
image

তেজপুৰত খাৰুৱা তেলৰ সন্ধানত ‘অইল ইণ্ডিয়া’ৰ অভিযান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ ফেব্ৰুৱাৰীঃ  তেজপুৰৰ নিকটৱৰ্তী একাধিক অঞ্চলত অইল ইণ্ডিয়া লিমিটেডৰ তত্ত্বাৱধানত চলা ভূগৰ্ভৰ ছেচমিক ছাৰ্ভেৰ ফলত স্থানীয় বৃহৎসংখ্যক ৰাইজৰ মাজত ঔৎসুকতা বৃদ্ধি পাইছে৷ উল্লেখ্য, ভূগৰ্ভস্থ খাৰুৱা তেলৰ সন্ধানত ইতিমধ্যে শোণিতপুৰত ২০২১-২২ত এনে এক জৰীপ সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে পৰা প্ৰাপ্ত তথ্যৰ  ভিত্তিত সম্প্ৰতি কেতবোৰ অঞ্চলত ভূগৰ্ভত পৰীক্ষা চলোৱা হৈছে৷ প্ৰণিধানযোগ্য যে, আজি বৃহত্তৰ বাঁহবাৰী মৌজাৰ একাধিক অঞ্চলত চলে এনে পৰীক্ষা৷ আজি ডিপোটাৰ উপৰিও তেজপুৰৰ বিন্দুকুৰি, মোৱামাৰী, মিলনপুৰ আদি অঞ্চলত অব্যাহত আছে খনন প্ৰক্ৰিয়া৷


উল্লেখ্য, স্থান বিশেষে ২০-৬০ ফুটপৰ্যন্ত ব’ৰিং কৰি ভূগৰ্ভৰ ভিতৰত ডিটেনেটৰৰ সহায়ত বিস্ফোৰণ ঘটাই ভূগৰ্ভৰ মাটি আৰু পানীৰ নমুনা সংগ্ৰহ কৰি ইয়াৰ পৰীক্ষাৰ বাবে ডেৰাদুনস্থিত গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হয় আৰু ইয়াত হোৱা পৰীক্ষাৰ পাছতহে এইসমূহ অঞ্চলৰ ভূগৰ্ভত প্ৰকৃততে খাৰুৱা তেল আছে নে নাই সেয়া নিশ্চিত হ’ব৷ উল্লেখ্য, ইতিমধ্যে বিশ্বনাথতো একে পদ্ধতিৰে ভাৰতীয় তেল নিগমে একেদৰে চলোৱা অনুসন্ধানৰ পাছত থ্ৰি ডি পৰীক্ষণ সম্পন্ন কৰিছে৷ সম্প্ৰতি তেজপুৰত টু ডি পদ্ধতিৰে চলিছে এনে খনন আৰু পৰীক্ষণ৷ আজি পুৱাৰে পৰা তেজপুৰৰ পাশ্বৰ্ৱৰ্তী অঞ্চলত চলা এনে অনুসন্ধানে স্থানীয় ৰাইজৰ মাজত যথেষ্ট ঔৎসুকতাৰ সৃষ্টি কৰে৷