Logo
image

‘দেশত প্ৰতি দুগৰাকী ৰোগীৰ এগৰাকীৰে মৃত্যু হয়’

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ফেব্ৰুৱাৰীঃ  ‘কৰ্কট ৰোগ এতিয়া দুৰাৰোগ্য নহয়৷ উন্নত চিকিৎসাৰ জৰিয়তে কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ কিন্তু অসমত সজাগতাৰ অভাৱতেই স্তন কৰ্কটত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে৷ স্তন কৰ্কট ৰোগ এডভান্স ষ্টেজত চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত অসম তথা দেশত প্ৰতি দুগৰাকী স্তন কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ ভিতৰত এগৰাকীয়েই মৃত্যুমুখত পৰিছে৷ –এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁইৰ৷ গুৱাহাটীৰ যোৰাবাটস্থিত আৰ্হি হাস্পতালৰ উদ্যোগত মঙলবাৰে অনুষ্ঠিত বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষে অনুষ্ঠিত সজাগতা কাৰ্যসূচীত কৰ্কট ৰোগৰ শল্য চিকিৎসক তথা আৰ্হি হাস্পতালৰ স্বত্বাধিকাৰী যদুনাথ বুঢ়াগোহাঁয়ে লগতে কয়– স্তন কৰ্কট ৰোগ পৰীক্ষা কৰাত লাজ কৰিবলগীয়া একো নাই৷ মহিলাসকলে নিজৰ স্তনত টেমুনা বা গোটা জাতীয় কিবা হৈছে নেকি নিজৰ আঙুলিৰে পৰীক্ষা কৰিব পাৰে৷ কিয়নো মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ প্ৰথম অৱস্থাতে ধৰা পৰে যদিও স্তন কৰ্কট বা বাকী কৰ্কট ৰোগসমূহ এডভান্স ষ্টেজ তথা বহু পলমকৈ ধৰা পৰে৷ সেইবাবে অসমত স্তন কৰ্কট ৰোগত আৰোগ্যৰ হাৰ কম হয়৷ আমেৰিকাত স্তন কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা অধিক যদিও মৃত্যু হোৱা ৰোগীৰ সংখ্যা কম৷


কিন্তু অসম তথা ভাৰতত স্তন কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা কম হোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ অধিক৷ ইয়াৰ একমাত্ৰ কাৰণ হৈছে সজাগতাৰ অভাৱ আৰু বহু পলমকৈ ৰোগবিধ ধৰা পৰাটো৷ আমাৰ মহিলা তথা যুৱতীসকলে কৰ্কট ৰোগক লৈ তেনেই সজাগ নহয়৷ যেতিয়া তেওঁলোকে স্তনৰ কৰ্কট ৰোগত ৭০-৮০ শতাংশ ভোগে তেতিয়াহে চিকিৎসকৰ কাষ চাপে আৰু তেতিয়ালৈ ৰোগী জীয়াই থকাৰ আশা নাথাকেগৈ৷ গতিকে সকলো মহিলাই প্ৰাথমিক অৱস্থাত নিজেই নিজৰ স্তন পৰীক্ষা কৰি সাৱধনতা ল’ব লাগে৷ গ্লব’কেন-২০২০ ৰ প্ৰতিবেদন অনুসৰি ভাৰতত শেহতীয়াকৈ স্তন কৰ্কট ৰোগত আক্ৰান্ত ১,৭৮,৩৬১ ৰোগীৰ ভিতৰত ৯০,৪০৮গৰাকী ৰোগী মৃত্যু মুখত পৰিছে৷’ অসম তথা উত্তৰ-পূৰ্বত নাক-কাণ-ডিঙিত কৰ্কট ৰোগীৰ সংখ্যাও অধিক হাৰত বৃদ্ধি হোৱা বুলি উল্লেখ কৰি বিশেষজ্ঞ চিকিৎসকজনে সংবাদমেল যোগে কয় যে মূলতঃ নিচযুক্ত দ্ৰব্য তথা ধঁপাত জাতীয় সামগ্ৰী অধিক হাৰত ব্যৱহাৰ কৰাৰ কাৰণেই অসম তথা উত্তৰ-পূৰ্বত নাক-কাণ-ডিঙিৰ কৰ্কট ৰোগৰ লগতে খাদ্যনলীৰ কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা ভাৰতৰ অন্যৰাজ্যতকৈ বেছি৷ গ্লবেল এডাল্ট  টবেক’ ছাৰ্ভেৰ দুই নং প্ৰতিবেদনৰ তথ্য অনুসৰি দেশৰ ভিতৰত ১৫ বছৰ বয়সৰ ওপৰত ধঁপাত সেৱনকাৰীৰ সংখ্যা ৰাষ্ট্ৰীয় পৰ্যায়ত ২৮ শতাংশৰ বিপৰীতে উত্তৰ-পূৰ্বত ৪৫.৭ শতাংশ৷ মেঘালয়ৰ পূব খাছি পাহাৰ জিলা আৰু কামৰূপ মহানগৰ জিলাত ধঁপাত সেৱনৰ বাবেই হাইপ’ফেৰিংছ আৰু খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰাদুভাৱ দেশৰ ভিতৰতে নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক৷ উল্লেখ্য বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষ্যে আৰ্হি হস্পিতালখনৰ তৰফৰ পৰা ভাৰতীয় চিকিৎসা সেৱা সংস্থা, শল্য চিকিৎসক সন্থাৰ উদ্যোগত এক সজাগতা ৰেলী আৰু সভাৰ আয়োজন কৰা হয়৷ এই সজাগতামূলক কাৰ্যসূচীত ডাঃ যদুনাথ বুঢ়াগোহাঁইৰ লগতে ডাঃ অতুল কলিতা, ডাঃ অৰুণীমা গোস্বামী, ডাঃ মহামায়া প্ৰসাদ সিং, ডাঃ ধীৰেণ চৌধুৰী আৰু ডাঃ কে. আহমেদকে ধৰি বহুকেইজন কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকে৷ অনুষ্ঠানত কৰ্কট ৰোগক জয় কৰা কেইবাজনো ব্যক্তিয়ে নিজৰ নিজৰ সংগ্ৰামৰ কথা বৰ্ণনা কৰে৷