Logo
image

৫০ লক্ষাধিক ভক্তৰ বাবে সাজু সোণাৰাম চুতীয়া সমন্বয়ক্ষেত্ৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু পশ্চিম যোৰহাটৰ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ  আধ্যাত্মিকতা আৰু নান্দনিকতাৰ সমাহাৰেৰে যোৰহাট  জিলাৰ ম’হবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন৷ ৫০ লাখৰো অধিক ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু হৈ উঠা প্ৰায় ১২০০ বিঘা ভূমিৰ বিশাল অধিৱেশনস্থলীত দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হৈছে৷ থলুৱা সামগ্ৰীৰে স্থাপত্য কলাৰ এক নিদৰ্শন দাঙি ধৰা অধিৱেশনস্থলীত আজিয়েই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক প্ৰতিনিধি আৰু ভকত-বৈষ্ণৱ উপস্থিত হৈছে৷ স্থাপত্য কলা আৰু কাৰু কাৰ্যৰ উপৰিও আলোকসজ্জাৰে সুশোভিত অধিৱেশনস্থলী আজিয়েই লোকাৰণ্য হৈ পৰিছে৷ শংকৰী চিত্ৰকলা, উদ্যান, পৰম্পৰাগত অসমীয়া গাঁও, ৰংঘৰ, মহাভাৰতৰ চক্ৰবেহু, আইফেল টাৱাৰ আদিৰ নান্দনিক পৰিৱেশেৰে সুশোভিত অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত নাম-কীৰ্তন, ডবা-শংখৰ ধবনি আৰু ভকত-বৈষ্ণৱৰ বিনয় আৰু ‘কৃষ্ণ কৃষ্ণ’ ধবনিয়ে আধ্যাত্মিকতাৰো সমন্বয় ঘটাইছে৷ এই সমাহাৰে এৰালতলি পথাৰলৈ নমাই আনিছে কাল্পনিক বৈকুণ্ঠৰ পৰিৱেশ৷ কেইবামাহো জোৰা প্ৰচেষ্টাৰে সাজু কৰি তোলা সোণাৰাম চুতীয়া ক্ষেত্ৰত বৃহস্পতিবাৰে পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ আৰু ইয়াৰ পাছতে প্ৰাতঃ প্ৰসংগৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব৷ পুৱা ৮ বজাত গছপুলি ৰোপণ, মূল তোৰণ উন্মোচন, সেৱা বাহিনীৰ শিবিৰৰ তোৰণ উন্মোচন, নামঘৰৰ তোৰণ উন্মোচন, প্ৰতিনিধি সভাৰ তোৰণ উন্মোচনৰ পাছতে প্ৰতিনিধিৰ সভাকক্ষত ৯.৪০ বজাৰ পৰা শৰণ সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব৷ ইফালে, মূল সমিতিৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন, জিলা কাৰ্যালয়ৰ দ্বাৰ উন্মোচন, আদৰণী সমিতি, উপ-সমিতিসমূহৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন, বিশেষ প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন, গ্ৰন্থমেলা-প্ৰদৰ্শনী তোৰণ উন্মোচন, মূল মণ্ডপৰ তোৰণ উন্মোচনৰ পাছতে ১১.১৫ বজাৰ পৰা প্ৰতিনিধি সভাকক্ষত মূল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব৷ ভোজনালয়ৰ দ্বাৰ উন্মোচন, পতাকা বেদীৰ বাটচ’ৰা উন্মোচন, মূল মঞ্চ উন্মোচন, কেন্দ্ৰীয় ভঁৰালৰ দ্বাৰ উন্মোচন, প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন, চিকিৎসা সেৱা শিবিৰৰ দ্বাৰ উন্মোচন, বহিঃ বাণিজ্য মেলাৰ তোৰণ উন্মোচনৰ পাছতে ১.১৫ বজাৰ পৰা গ্ৰন্থ উন্মোচনী সভা মূল মঞ্চত অনুষ্ঠিত হ’ব৷ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিতব্য সভাখনত স্মৃতিগ্ৰন্থ ‘বৈকুণ্ঠ কুসুম’ উন্মোচন কৰিব অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ বিদ্যুৎ চন্দন ডেকাই৷ অন্যান্য গ্ৰন্থ উন্মোচনৰ লগতে বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ মৃদুল হাজৰিকা, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ, কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ বসন্ত খেতানে৷ অগ্নি নিৰ্বাপক সেৱাৰ দ্বাৰ উন্মোচনৰ পাছতে ১.৪৫ বজাৰ পৰা প্ৰতিনিধিৰ সভাকক্ষত প্ৰচাৰ শাখা সমিতিৰ সভা অনুষ্ঠিত হ’ব৷ অনুসন্ধান কক্ষ উন্মোচন, আৰক্ষী ছাউনীৰ দ্বাৰ উন্মোচনৰ পাছতে মূল মঞ্চত ২.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কোঃ অপাৰেটিভ ছ’চাইটি লিমিটেডেৰ সভা অনুষ্ঠিত হ’ব৷ ৪ বজাৰ পৰা মূল মঞ্চত শিশু, আই-মাতৃ কল্যাণ শাখা সমিতিৰ সভা অনুষ্ঠিত হৈ থকাৰ লগতে নাটঘৰৰ তোৰণ উন্মোচন কৰা হ’ব৷ সন্ধিয়া সমূহীয়া প্ৰাৰ্থনাৰ পাছতে নাম-প্ৰসংগ আৰু নাটঘৰত অংকীয়া নাট প্ৰদৰ্শন কৰিব৷ ইফালে মূল মঞ্চত সাংস্কৃতিক সমাৰোহ আৰু ৭ বজাৰ পৰা প্ৰতিনিধি সভাকক্ষত কেন্দ্ৰীয় সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হ’ব৷ 


প্ৰতিনিধিৰ আগমনঃ  বুধবাৰে বিয়লিৰে পৰা সেৱা বাহিনীৰ সেৱক-সেৱিকাসকলৰ লগতে সংঘৰ ৫৪ খন জিলাৰ প্ৰতিনিধিসকল আহি অধিৱেশনস্থলীত উপস্থিত হোৱাৰ লগতে আবণ্টিত শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে৷ বেপাৰ-বাণিজ্যৰ বাবে ব্যৱসায়ীসকলে আবণ্টন পোৱা ষ্টল সজাই তুলিছে৷ বিভিন্ন বিভাগৰ লোকসকলে নিজ-নিজ কামৰ সামৰণি মাৰিছে৷ ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, গোলাঘাটৰ লগতে দেৰগাঁও পিটিচি আৰু গৃহ জিলা যোৰহাটৰ দায়িত্বৰত আৰক্ষীসকলে নিজ স্থানত দায়িত্ব চমজি লৈছে৷ আজি পুৱাৰে পৰা অধিৱেশনস্থলীত বহু লোকৰ সমাগম হৈছে৷

শংকৰী চিত্ৰশৈলীৰ প্ৰদৰ্শনঃ  অধিৱেশনস্থলীত সেৱা বাহিনীৰ শিবিৰৰ সন্মুখত অসমীয়া গাঁৱৰ প্ৰতীকপটৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজি সমাজত বিস্তাৰ কৰাৰ মানসেৰে সাঁচিপতীয়া আৰ্হিত শংকৰী চিত্ৰশৈলীৰ প্ৰদৰ্শনীৰ প্ৰয়াসৰ উদ্দেশ্যে ভালেকেইজন শিল্পীয়ে প্ৰস্তুত কৰা ভোজন বেহাৰ, ভূমি লেটোৱা, পিম্পৰা গুছোৱা, চোৰধৰা, অৰ্জুন ভঞ্জন, ৰাম বিজয়, পাৰিজাত হৰণ, কেলি গোপাল, কালীয় দমন, পত্নীপ্ৰসাদৰ লগতে গায়ন-বায়ন, সূত্ৰধাৰ, গুৰু আসন, তোৰণসহ নামঘৰৰ প্ৰতিকৃতি বহুলোকে দৰ্শন কৰিছে৷

আকৰ্ষণীয় স্থাপত্য কলাঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত থলুৱা সমগ্ৰীৰে আকৰ্ষণীয় স্থাপত্য কলা পৰিস্ফূত হৈছে৷ প্ৰতিটো শিবিৰ আকৰ্ষণীয়কৈ সজাই তোলা হৈছে৷ মূল মঞ্চৰ সমীপত আহোম ৰাজত্ব কালৰ ৰংঘৰ প্ৰদৰ্শন কৰা হৈছে৷ প্ৰতিখন তোৰণৰ সন্মুখতে শংকৰী কলাকৃষ্টি  প্ৰদৰ্শন কৰা আছে৷ অধিৱেশনস্থলীৰ মাজতে থকা পুখুৰীত আলোক সজ্জাৰে বগলী, মাছ আৰু চৈদিয়া নাও  প্ৰদৰ্শিত কৰা আছে৷ গ্ৰন্থমেলাৰ চৌহদত আইফেল টাৱাৰৰ লগতে থকা মহাভাৰতৰ যুদ্ধৰ চক্ৰবেহুত বহুলোক সোমাই আৱদ্ধ হৈ পৰাত শংকিত হৈ পৰিছে৷ ভোজনালয়ৰ চৌপাশত সমাজ কল্যাণ বিভাগে শিশু আৰু মহিলাসকলৰ কল্যাণৰ বাবে চৰকাৰী আঁচনি প্ৰদৰ্শন কৰিছে৷ ৰাষ্ট্ৰীয় পথটোত কাকডোঙাৰ পৰা ৰাষ্ট্ৰীয় পথ-উপ পথ সংযোগস্থলীলৈকে সংঘৰ আঞ্চলিক, শাখাসমূহে বিভিন্নগৰাকীৰ সোঁৱৰণত আদৰণী তোৰণ নিৰ্মাণ কৰিছে৷ মঞ্চৰ চৌহদতো স্বায়ত্তশাসিত পৰিষদ জাতীয় সংগঠনে তোৰণ নিৰ্মাণ কৰিছে৷ ৰাজনৈতিক দল, জাতীয় সংগঠনে অতিথিসকলক আদৰ-আপ্যায়নৰ বাবে অধিৱেশনস্থলীত একোটাকৈ কাৰ্যালয় প্ৰতিষ্ঠা কৰি লৈছে৷ ৰাষ্ট্ৰীয় পথটোত আৰক্ষীয়ে যান-বাহনৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা লৈছে যদিও ৰাষ্ট্ৰীয় পথটোত ফ্লাড লাইট থকাৰ পাছতো সকলোবোৰ জ্বলি নুঠাত আৰক্ষী সমস্যাৰ সন্মুখীন হৈছে৷