এগ্জিট প’লত কেজৰিৱালৰ ‘এগ্জিট’
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,৫ ফেব্ৰুৱাৰীঃ আঢ়ৈ দশকৰো অধিক দিনৰ পাছত বিজেপিয়ে ৰাজধানী দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈছে৷ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছত প্ৰকাশিত এগজিত প’লত কেজৰিৱালৰ আপ ‘এগজিট’ (বাহিৰ) হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে৷ উপৰ্যুপৰি দুটাকৈ কাৰ্যকাল দিল্লী শাসন কৰাৰ পাছত আম আদমি পাৰ্টীয়ে হেটট্ৰিক কৰিব নোৱাৰিব বুলিয়েই এগজিট প’লত ভৱিষ্যদ্বাণী কৰা হৈছে৷ ২৭ দিন ধৰি চলা বিশাল প্ৰচাৰ অভিযানৰ অন্তত বুধবাৰে দেশৰ কেইবাটাও নিৰ্বাচনী সমীক্ষা সংগঠনে যি ভৱিষ্যদ্বাণী প্ৰকাশ কৰিছে সেয়া অৰবিন্দ কেজৰিৱালৰ বাবে চৰম হতাশা আৰু আনহাতে বিজেপিৰ বাবে বিস্ময়কৰ আনন্দ৷ আনন্দ এইবাবেই, বিগত ২৭ বছৰ ধৰি অশেষ চেষ্টা চলায়ো বিজেপিয়ে ৰাজধানীৰ দখল হাতলৈ নিব পৰা নাছিল৷ এতিয়া আম আদমি পাৰ্টীৰ বাবে সান্ত্বনা এটাই– সদায় এগজিট প’লৰ ফলাফল শুদ্ধ নহয়৷ শেহতীয়াকৈ হাৰিয়ানাতো এগজিট পল’ ভুল প্ৰমাণিত হৈছিল৷ দিল্লী নিৰ্বাচনৰ ফলাফল প্ৰকাশ হ’ব ৮ ফেব্ৰুৱাৰীত৷ বুধবাৰে বিয়লি ৫ বজালৈকে ভোটদানৰ হাৰ আছিল ৫৭ শতাংশ৷
বিগত ২৭ বছৰ ধৰি দিল্লীৰ ক্ষমতাত নথকা বিজেপিয়ে এইবাৰ ক্ষমতা অৰ্জন কৰিব বুলি অধিকাংশ সমীক্ষা সংস্থাই দাবী কৰিছে৷ চানক্য ষ্ট্ৰেটেজিছৰ মতে বিজেপিয়ে ৩৯-৪৪, আপে ২৫-২৮ আৰু কংগ্ৰেছে ১-৩ খন আসন লাভ কৰিব৷ জেভিচিৰ মতে বিজেপিয়ে ৩৯-৪৫, আপে ২২-৩১ আৰু কংগ্ৰেছে ০-১ খন আসন পাব৷ মেট্ৰিজৰ মতে বিজেপিয়ে ৩৫-৪০, আপে ৩২-৩৭, কংগ্ৰেছে ০-১ খন, পি মাৰ্কৰ মতে বিজেপিয়ে ৩৯-৪৯, আপে ২১-৩১, কংগ্ৰেছে ০-১ খন, পিপ’লছ ইনছাইটৰ মতে বিজেপিয়ে ৪০-৪৪, আপে ২৫-২৯, কংগ্ৰেছে ০-২ খন, পিপ’লছ প্লাছৰ মতে বিজেপিয়ে ৫১-৬০, আপে ১০-১৯, কংগ্ৰেছে ০ খন, প’ল ডায়েৰীৰ মতে বিজেপিয়ে ৪২-৫০, আপে ১৮-২৫ আৰু কংগ্ৰেছে ০-২ খন আসন পাব৷
৭০ খন আসন থকা দিল্লীত চৰকাৰ গঠন কৰিবলৈ হ’লে ৩৬ খন আসনৰ প্ৰয়োজন৷ ২০২০ চনৰ বিধানসভা নিৰ্বাচনত আপে ৬২ খন আৰু বিজেপিয়ে ৮ খন আসন লাভ কৰিছিল৷ আনহাতে, একেৰাহে দুবাৰ এখনো আসন লাভ কৰা নাছিল কংগ্ৰেছে৷ ২০২০ ত ৫৩ শতাংশতকৈ অধিক ভোট লাভ কৰা আপক এগজিট প’লত এইবাৰ ‘ক্ষমতাচ্যুত’ কৰাৰ ভৱিষ্যদ্বাণীত অনেকেই স্তম্ভিত হৈছে৷