Logo
image

২৪ ফেব্ৰুৱাৰীত আহিব মোদী,অতিথিৰ বাবে বিমানবন্দৰ সাজু

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ফেব্ৰুৱাৰীঃ  ‘২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ইয়াৰ পাছতে তেওঁ সৰুসজাইত ঝুমুৰৰ বিশ্ব অভিলেখ অনুষ্ঠানত উপস্থিত হ’ব৷ ২৫ ফেব্ৰুৱাৰীৰ দিনৰ ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে এডভাণ্টেজ আছাম-২.০ সন্মিলনৰ উদ্বোধন কৰিব৷ ১১.৩০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ তেওঁ সন্মিলনত থাকিব৷’– এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে গুৱাহাটী  বিমানবন্দৰত সাংবাদিকৰ আগত এই কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব৷ উল্লেখ্য, ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া ইনভেষ্টমেণ্ট ছামিট-২.০১ অভ্যাগতক আদৰিবৰ বাবে নৰূপত সজাই-পৰাই তোলা হৈছে গুৱাহাটী মহানগৰী৷ ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেল পুনৰ উন্নীতকৰণ  আৰু সংবৰ্ধনৰ শুভ উদ্বোধন কৰে৷ এই উপলক্ষে সাংবাদিকসকলৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰীয়ে কয় যে আজি উদ্বোধন কৰা এই পদক্ষেপসমূহৰ অধীনত বিমানবন্দৰলৈ যাত্ৰীসকলৰ চলাচলৰ সুবিধা হোৱাকৈ সন্মুখফালৰ প্লেটফৰ্মৰ এলেকা ২৭০ বৰ্গমিটাৰৰ পৰা ১০০০ বৰ্গমিটাৰলৈ বৃদ্ধি কৰাৰ লগতে বিমান বন্দৰলৈ প্ৰৱেশ পথৰ সংখ্যা জ্জ্ব লেনৰ পৰা ১৪ লেনলৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ উপৰি বিমানবন্দৰৰ পৰিৱেশ অধিক সেউজ কৰি তোলাৰ অংশ হিচাপে ৩০০ বৰ্গমিটাৰৰ নতুন বাগিচা বিকশিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ যাত্ৰীসকলৰ সুবিধা হোৱাকৈ প্ৰায় ৯০০ বৰ্গমিটাৰ পদপথ বিকশিত কৰাৰ লগতে ১৪০ মিটাৰ দীঘল স্থাপত্যৰে খচিত এখন দেৱাল নিৰ্মাণ কৰা হৈছে যাৰ জৰিয়তে বিমান বন্দৰৰ পৰিৱেশ অধিক নান্দনিক হৈ উঠাৰ লগতে বাহনৰ গতিবিধিৰ শব্দও হ্ৰাস কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক অৱগত কৰে৷ আনহাতে, বাহনৰ সুচল চলাচলত সহায় হোৱাকৈ বিমান বন্দৰত প্ৰৱেশ লেন দুটাৰ পৰা চাৰিটালৈ আৰু প্ৰস্থানৰ লেন ৩টাৰ পৰা ৪ টা বৃদ্ধি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷ ডিজিটেল ইণ্ডিয়া মডেলৰ সৈতে খাপখুৱাকৈ যাত্ৰীসকলৰ সুবিধাৰ বাবে চাৰিখন ডিজি যাত্ৰা গেট মুকলি কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে৷


যাত্ৰীসকলৰ নিৰাপত্তা পৰীক্ষণৰ দিশত সুবিধা হোৱাকৈ ইয়াৰ পৰিসৰ ৩০০ ৰ পৰা ৪৫০ বৰ্গমিটাৰলৈ বৃদ্ধি কৰাৰ লগতে বিমান বন্দৰৰ যাত্ৰীসকলৰ বাবে উপলব্ধ হোৱাকৈ একাধিক খুচুৰা, খাদ্য আৰু মনোৰঞ্জনৰ সুবিধা বিমানবন্দৰত নতুনকৈ গঢ়ি তোলা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ লগতে কয় যে আজি শুভ উদ্বোধন কৰা এই গোটেইখিনি কাম যোৱা দুমাহত পৰিকল্পনা কৰি সম্পূৰ্ণ কৰা হৈছে যাৰ জৰিয়তে আগন্তুক এডভাণ্টেজ আছাম ২.০  বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনলৈ যিসকল আলহী আহিব তেওঁলোকে গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত এক সুন্দৰ অভিজ্ঞতা পাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেলত পুনৰ উন্নীতকৰণ আৰু সংবৰ্ধনৰ এই ব্যৱস্থাত বিমান বন্দৰৰ বিষয়া-কৰ্মচাৰীসকলে যি অভিজ্ঞতা আহৰণ কৰিব তাৰ জৰিয়তে তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰি থকা টাৰ্মিনেলটোত কাৰ্য পৰিচালনা কৰাত সুবিধা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নিৰ্মীয়মান নতুন টাৰ্মিনেলটো চলিত বৰ্ষৰ শেষাদ্ধৰ্ত মুকলি কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷ তেওঁ কয় যে অসম তথা উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ এই বিমান বন্দৰটো ভৱিষ্যৎ দিনবোৰত দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’ব৷ অতি কম সময়ৰ ভিতৰত আজি শুভ উদ্বোধন কৰা সকলো ব্যৱস্থা সুন্দৰকৈ নিৰ্মাণ কৰাৰ বাবে ইয়াৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ আজিৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পুনৰ উন্নীতকৰণ আৰু সংবৰ্ধনৰ শুভ উদ্বোধন অনুষ্ঠানত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকা, মুখ্য বিমানবন্দৰ বিষয়া অশ্বিন নাৰোনহা প্ৰমুখ্যে বিমানবন্দৰৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে৷